অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট নিগেটিভ অহা নাই!
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে আৰু বহুতো মানুহ এতিয়াও আক্ৰান্ত হৈ আছে ।
শেহতীয়াকৈ বলিউডৰ ‘বিগ বি’ বুলি খ্যাত অভিনেতা অমিতাভ বচ্চন, তেওঁৰ পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বর্য ৰায় আৰু নাতি ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিল । অভিনেতাজন বৰ্তমান মুম্বাইৰ নানাৱতি হস্পিটেলত চিকিৎসাধীন হৈ আছে বুলি আমি অৱগত ।
এনে সময়তে অভিনেতাজনৰ বিষয়ে এক বিশেষ বাতৰি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু বিভিন্ন সংবাদ প্ৰতিষ্ঠানে উক্ত বাতৰিটো পৰিবেশন কৰা দেখা গৈছে । বাতৰিটোৰ মতে অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট শেহতীয়াকৈ নিগেটিভ আহিছে ।
অসমৰ 'প্ৰতিদিন' নামৰ বাতৰি কাকতখনৰ ফেচবুক পে'জৰ পৰা তেওঁলোকৰ ৱেবছাইটত প্ৰকাশিত এনে ধৰণৰ এক বাতৰি আপলোড কৰা হৈছে । উক্ত ফেচবুক পোষ্টটো, 'ভাল খবৰঃ বিগ বিৰ কোৰোনাৰ ৰিজাল্ট নিগেটিভ...' বুলি শিৰোনামা দি ২৪ জুলাই, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু উক্ত পোষ্টটো বিভিন্নজনে শ্বেয়াৰ কৰিছে । এনে দৰে আন কিছু সংবাদ মাধ্যম তথা সাধাৰণ ফেচবুক ইউজাৰে অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট শেহতীয়াকৈ নিগেটিভ আহিছে বুলি দাবী কৰি বিভিন্ন ফেচবুক পোষ্ট আপলোড তথা শ্বেয়াৰ কৰিছে ।
সঁচাকৈ অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট শেহতীয়াকৈ নিগেটিভ আহিছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি এই বিষয়ে সত্যতা নিৰূপণ কৰিবলৈ পোন প্ৰথমেই অভিনেতা অমিতাভ বচ্চনৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলটো চালোঁ । আমি দেখিলোঁ যে তেওঁ ইতিমধ্যে এই বিষয়ে এক স্পষ্টীকৰণ (টুইট) জাৰি কৰিছে । তেওঁ টুইটটোত লিখিছে যে তেওঁৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট শেহতীয়াকৈ নিগেটিভ আহিছে বুলি প্ৰকাশ হোৱা বাতৰিটো ভুৱা হয় ।
আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যবহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু এই বিষয়ে টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি দেখা পালোঁ । বাতৰিটোত স্পষ্ট কৰা হৈছে যে অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট এতিয়াও নিগেটিভ অহা নাই ।
ফলাফল
অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট শেহতীয়াকৈ নিগেটিভ আহিছে বুলি প্ৰচাৰ হোৱা বাতৰিটো ভুৱা হয় । তেওঁৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট এতিয়াও নিগেটিভ অহা নাই ।
Title:অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট নিগেটিভ অহা নাই!
Fact Check By: Manjori BorkotokyResult: False