ভাইৰেল ভিডিঅ’ৰ কেংগেৰুটো অষ্ট্ৰেলিয়াৰ বনজুইৰ পৰা উদ্ধাৰ কৰা নাই!

False International

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

শেহতীয়াকৈ অষ্ট্ৰেলিয়াত বনজুইয়ে লোৱা বিধ্বংসী ৰূপে সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই জুইৰ মাজত সোমাই পৰা নানা জীৱ জন্তুৰ দুখ লগা ফটো আৰু ভিডিঅ’য়ে ছচিয়েল মিডিয়া ভৰি পৰিছে । কিছুমান জীৱ জন্তুক বিভিন্ন জনে উদ্ধাৰ কৰা ফটো-ভিডিঅ’ও আপলোড হৈছে । 

এনে এটা ভিডিঅ’, য’ত এটা কেংগেৰুয়ে এগৰাকী মহিলাক সাৱটি ধৰা দেখা গৈছে, ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফেচবুকত উক্ত ভিডিঅ’টো ব্যৱহাৰ কৰি আপলোড হোৱা এক পোষ্ট ৰিদ্ধি বৰুৱা নামৰ এটা প্ৰফাইলৰ পৰা ৫ জানুৱাৰী, ২০২০ তাৰিখে ৰাতি ৯:৪২ বজাত শ্বেয়াৰ কৰা হৈছে । অৰিজিনেল পোষ্টটোত ভিডিঅ’টো ১.৬ মিলিয়ন বাৰ দর্শন কৰা হৈছে । পোষ্টটোত দাবী কৰা হৈছে যে যিসকল স্বেচ্ছাসেৱকে এই কেংগেৰুটোক উদ্ধাৰ কৰিছিল, তেঁওলোকক কেংগেৰুটোৱে সাৱটিবলৈ এৰা নাই । লগতে অষ্ট্ৰেলিয়াৰ কাৰণে সকলোকে প্ৰাৰ্থনা কৰিবলৈ এই পোষ্টটোত আহ্বান জনোৱা হৈছে । 

সঁচাকৈ এই ভিডিঅ’টোত দেখা পোৱা কেংগেৰুটো অষ্ট্ৰেলিয়াৰ বনজুইৰ পৰা উদ্ধাৰ কৰা হৈছে নেকি আৰু পোষ্টটোত দাবী কৰাৰ দৰে যিসকল স্বেচ্ছাসেৱকে এই কেংগেৰুটোক উদ্ধাৰ কৰিছিল, তেঁওলোকক কেংগেৰুটোৱে সাৱটি ধৰিছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত উক্ত ভিডিঅ’টো কীফ্ৰেমছ বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । ইয়াৰ ফলত আমি পালোঁ যে এই ভিডিঅ’টো প্ৰথমতে কেংগেৰু উদ্যান এলিচ স্প্ৰিংছৰ ফেচবুক পে’জত জানুৱাৰী ২, ২০২০ তাৰিখে আপলোড কৰা হৈছিল । ৩৮ চেকেণ্ডৰ ভিডিঅ’টোৰ শিৰোনামা দিয়া হৈছে, “কুইন আবি আৰু আণ্টি লৌৰাই তেওঁলোকৰ আলিংগনবোৰ বৰ ভাল পাই।”

riddhi 2.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

ইয়াৰ পাছত আমি বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু বৌৰ্ডপাণ্ডা নামৰ এটা ৱেবচাইটত প্রায় তিনিবছৰ আগতেই এই বিষয়ে প্ৰকাশ হোৱা এটা লিখনি দেখা পালোঁ য’ত কুইন আবি নামৰ এই আলিংগন কৰি ভাল পোৱা কেংগেৰুটোৰ কথা উল্লেখ আছে লগতে এই কেংগেৰুটোৱে আলিংগন কৰি থকা আন ভিডিঅ’ প্ৰকাশ কৰিছে ।

riddhi 3.png

লিখনিটোত কেংগেৰু উদ্যান এলিচ স্প্ৰিংছক ফটো আৰু ভিডিঅ’ কাৰণে ক্ৰেডিট দিয়া হৈছে । 

আমি আৰু জানিব পাৰিলোঁ যে প্ৰায় তিনিবছৰমানৰ আগতেই কেংগেৰু উদ্যানখনৰ কৰ্মচাৰী সকলে এই কেংগেৰুটো উদ্ধাৰ কৰিছিল আৰু ইয়াৰ পাছতেই কেংগেৰুটোৱে কৰ্মচাৰী সকলৰ লগত এক মধুৰ সম্পৰ্ক স্থাপন কৰিছিল । 

ফলাফল

এই ভিডিঅ’টোত দেখা পোৱা কেংগেৰুটো শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বনজুইৰ পৰা উদ্ধাৰ কৰা হোৱা নাই বৰঞ্চ প্ৰায় তিনিবছৰমানৰ আগতেই এখন কেংগেৰু উদ্যানৰ কৰ্মচাৰীয়ে এই কেংগেৰুটো উদ্ধাৰ কৰিছিল ।

Avatar

Title:ভাইৰেল ভিডিঅ’ৰ কেংগেৰুটো অষ্ট্ৰেলিয়াৰ বনজুইৰ পৰা উদ্ধাৰ কৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *