
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ১৮ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে কেইবাশ ৰোগী চিনাক্ত হৈছে আৰু কেইবাজনৰো মৃত্যু হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
এনে এক হোৱাটচ এপ্প ফৰৱাৰ্ড সম্প্ৰতি অসমত ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে শ্বেয়াৰ কৰি আছে । ফেচবুকটো উক্ত ফটোখন ভাইৰেল হৈ পৰিছে । ফটোখনত দাবী কৰা হৈছে যে ক’ৰনা ভাইৰাছৰ ভেকচিন ওলাইছে আৰু এই ফটোখন সেই ভেকচিনৰে হয় ।
সঁচাকৈ ক’ৰনা ভাইৰাছৰ ভেকচিন ওলাইছে নেকি আৰু এই ফটোখন সেই ভেকচিনৰে হয় নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন লৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু যোৱা ২২ মাৰ্চ, ২০২০ তাৰিখে প্ৰকাশিত এক নিউজ ৰিপৰ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত লিখা আছে যে দক্ষিণ কোৰিয়াৰ ফাৰ্মা কোম্পেনী ছুজেনটেকে এক সহজে কঢ়িয়াই লৈ ফুৰিব পৰা ডায়েগনিষ্টিক কিট উলিয়াইছে যি কোনোবা ক’ৰনা ভাইৰাছ ৰোগত পজিটিভ নে নিগেটিভ ১০ মিনিটত গম পাব পাৰি ।
একেই ধৰণৰ আন এক বাতৰি দা গাৰ্ডিয়ানত যোৱা ১৭ মাৰ্চ, ২০২০ তাৰিখে প্ৰকাশ হৈছিল । ৰিপৰ্টটোৰ মতে টেষ্ট কো’ভিড-১৯ IgG/IgM ৰেপিড টেষ্ট কিট বৰ্তমান অষ্ট্ৰেলিয়াত ব্যৱহাৰ হোৱা নাই ।
আমি আৰু চাৰ্ছ কৰি পালোঁ যে বৰ্তমানলৈকে ক’ৰণা ভাইৰাছৰ কোনো দৰৱ বা ভেকচিন আবিষ্কাৰ হোৱা নাই । এই বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ ৰিপৰ্ট আমি দেখা পালোঁ । বৰ্তমান অকল লক্ষণ ভিত্তিক চিকিৎসা চলি আছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটত আমি পঢ়িবলৈ পালোঁ । কিছুমান দৰৱ বা চিকিৎসা পদ্ধতিৰ ক্লিনিকেল ট্ৰায়েল চলি আছে আৰু এতিয়াও কোনো সিদ্ধান্ত হোৱা নাই । এই বিষয়ে আৰু পঢ়ক ইয়াত ।
ফলাফল
উক্ত ভাইৰেল পোষ্ট/ফটোখন ভুৱা হয় । এইয়া ক’ৰণা ভাইৰাছৰ ভেকচিন নহয় বৰঞ্চ কো’ভিড-১৯ টেষ্ট কিট হয় । ক’ৰণা ভাইৰাছৰ ভেকচিন হয় বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।