tea fb.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ১৮ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক'ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে কেইবাশ ৰোগী চিনাক্ত হৈছে আৰু কেইবাজনৰো মৃত্যু হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে । বিশেষকৈ ক'ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ঘৰুৱা দিহা বিভিন্নজনে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি ভাইৰেল কৰি তুলিছে ।

এনে এক পোষ্ট বৰ্তমান ফেচবুকত ভাইৰেল হৈ পৰিছে য'ত কোৱা হৈছে যে চীনৰ হুইছেল ব্লৱাৰ চিকিৎসকে দাবী কৰিছে যে চাহ খালে ক'ৰণা ভাল হয় । "চীনৰ উইথছ ব্লোৱাৰৰ ‌চি‌কিত্‍সকৰ দাবী চাহ খালে ভাল হয় কৰ’ণা", বুলি শিৰোনামা দি ঈশান নিউজ নামৰ ৱেব পৰ্টেলটোয়ে এক নিউজ ভিডিঅ' প্ৰকাশ কৰিছে আৰু নিজৰ ফেচবুক পেজৰ পৰা আপলোড কৰিছে । উক্ত ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু ফেচবুকত ৯.৫ হাজাৰবাৰ শ্বেয়াৰ হৈছে আৰু ১৬০ হাজাৰবাৰ দৰ্শন কৰা হৈছে । উক্ত ভিডিঅ'টোত "চাহ খালে নহয় কো'ভিড-১৯!", বুলি গ্ৰাফিক্স ব্যৱহাৰ কৰাও দেখা গৈছে ।

সঁচাকৈ চীনৰ হুইছেল ব্লৱাৰ চিকিৎসকজনে চাহ খালে ক'ৰণা নহয় বুলি দাবী কৰিছে নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

প্ৰথমে আমি ফেচবুকত উক্ত বাতৰিটো যি ফেচবুক পোষ্টৰ ভিত্তিত কৰা হৈছে সেই পোষ্টটো বিচাৰি উলিয়ালোঁ । পোষ্টটো পঢ়ি আমি দেখিলোঁ যে ইয়াত দাবী কৰা হৈছে যে যিজন চীনা ডাক্তৰে প্ৰথমে এই ৰোগবিধৰ কথা ৰাজহুৱা কৰিছিলে তেওঁ কেইটামান কেচ ফাইল ৰাখি থৈছিল আৰু ইয়াৰ ভিত্তিত এক চিকিৎসা পদ্ধতিৰ কথা প্ৰপজ কৰিছিল । কো'ভিড-১৯ৰ পৰা পৰিত্ৰাণ পাবলৈ যি কেমিকেল কম্পাউণ্ড লাগে সেইয়া চাহত পোৱা যায় বুলি ডাক্তৰজনে কৈছিল বুলি উক্ত পোষ্টটোত লিখা আছে । পোষ্টটোত আৰু লিখা আছে যে উক্ত নিউজটো প্ৰথমে বিশ্বৰ আগশাৰীৰ নিউজ গোষ্ঠী 'চিএনএন'য়ে প্ৰকাশ কৰিছিল । ভাইৰেল ভিডিঅ'টোত উক্ত পোষ্টটো মাৰিয়া চেলিয়া জুনিঅ' ফাৰনানডেজ নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা আপলোড হোৱা দেখা গৈছে ।

আমি (CNN) চিএনএন'ৰ ৱেবচাইটত এই সম্পৰ্কে বিচাৰিলোঁ কিন্তু এনে কোনো বাতৰি প্ৰকাশ হোৱা আমাৰ চকুত নপৰিল । আমি তেওঁলোকৰ টুইটাৰ হেণ্ডেলত এই বিষয়ে কিবা ব্ৰেকিং নিউজ পাওঁ নেকি চালোঁ কিন্তু এনে কোনো বাতৰি আমি নেদেখিলোঁ ।

tea 1.png

ইয়াৰ পাছত আমি চীনৰ হুইছেল ব্লৱাৰ চিকিৎসকজনৰ সম্পৰ্কে চিএনএন'ত প্ৰকাশিত এক ৰিপৰ্ট বিচাৰি পালোঁ কিন্তু ইয়াত এই ৰোগৰ দৰৱৰ বিষয়ে চিকিৎসকজনে কিবা কোৱা আমাৰ চকুত নপৰিল । তেওঁৰ চাহত থকা কেমিকেল বোৰৰ গুণাগুণ সম্পৰ্কে একো কোৱাও আমাৰ চকুত নপৰিল ।

গুগলত আমি এই বিষয়ে কোনো ৰিপৰ্ট দেখা নাপালোঁ যি উক্ত দাবীটোৰ সমৰ্থন কৰে । চীনত ক'ৰনা ভাইৰাছৰ ৰোগীক চাহ খাবলৈ দিয়া হৈছে বুলি কোনো নিউজ ৰিপৰ্ট আমাৰ চকুত নপৰিল ।

আমি চাইনা ডেইলিত এই বিষয়টোৰ সৈতে সম্পৰ্ক থকা এক নিউজ ৰিপৰ্ট দেখিলোঁ । ৰিপৰ্টটোৰ মতে ঝেজিয়াঙ প্ৰভিন্সিয়েল চেণ্টাৰ ফৰ ডিজিজ কনট্ৰলৰ গৱেষক সকলে গৱেষণা কৰি পাইছে যে চাহত থকা কেমিকেলবোৰৰ কাৰণে ই ন'ভেল ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰে । কিন্তু পাছত উক্ত লিখনিটো আঁতৰাই পেলোৱা হয় বুলি বুলি চীনা ডেইলিয়ে ৰিপৰ্ট কৰিছে ।

tea 2.png

বিশ্ব স্বাস্থ্য সংস্থায়েও কোনো নিৰ্দিষ্ট দৰৱ এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই । গতিকে উক্ত ভাইৰেল ভিডিঅ'টোত দাবী কৰাৰ দৰে উক্ত পোষ্টটোৰ কোনো গ্ৰহণযোগ্যতা বৰ্তমান নাই ।

tea 3.png

ফলাফল

উক্ত নিউজ ভিডিঅ'টোত দাবী কৰাৰ দৰে ভাইৰেল পোষ্টটোৰ কোনো গ্ৰহণযোগ্যতা বৰ্তমান নাই । ই জনসাধাৰণৰ মাজত ভুল ধাৰণা বিয়পাইছে যি বৰ্তমান পৰিস্থিতিত মাৰাত্মক হব পাৰে ।

Avatar

Title:চীনৰ হুইছেল ব্লোৱাৰ চিকিৎসকজনে চাহ খালে ক'ৰণা নহয় বুলি দাবী কৰিছে নেকি?

Fact Check By: Manjori Borkotoky

Result: False Headline