শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত দেশৰ ৰাজধানী দিল্লী উত্তাল হৈ পৰিছিল আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছিল । দিল্লীত বিভিন্ন সংঘৰ্ষত ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।

দিল্লী আৰক্ষীৰ বিৰুদ্ধে বিভিন্নজনে বিভিন্নধৰণৰ অভিযোগ তুলিছে । বহুতে অভিযোগ কৰিছে যে দিল্লী আৰক্ষীয়েহে অশান্তি বিয়পাইছে । ছচিয়েল মিডিয়াত এই সম্পৰ্কত এখন ফটো ভাইৰেল হৈ পৰিছে ।

অসমতো এই ফটোখন হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । ফটোখনত এজন আৰক্ষীৰ লোকে এটা সৰু ল'ৰাক এডাল লাঠিৰে কোবাই থকা দেখা গৈছে । দাবী কৰা হৈছে যে দিল্লী পুলিচে এনেদৰে সন্ত্ৰাসবাদ দমন কৰিছে ।

প্ৰণালী

প্ৰথমতে আমি ভাইৰেল ফটোখনলৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন ২০১০ চনতে 'দা গাৰ্ডিয়ান' নামৰ এটা ৱেবচাইটৰ এটা বাতৰিত ব্যৱহত হৈছিল । ফটোখনৰ কেপচন দিয়া হৈছিল, "এজন বাংলাদেশী আৰক্ষীয়ে এটা শিশুক পোছাকৰ কৰ্মী কিছুমানৰ সৈতে ঢাকাত হোৱা সংঘৰ্ষত আঘাত কৰিবলৈ লোৱাৰ সময়ত"

guardian delhi police.png

এই ফটোখন লোৱা হৈছিল যেতিয়া ঢাকাত বস্ত্ৰ উদ্যোগৰ কৰ্মী সকলে কম দৰমহা আৰু কৰ্মীবোৰৰ পুতৌজনক অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু বিভিন্ন শিশু এই সংঘৰ্ষৰ সময়ত আৰক্ষীৰ ৰোষত পৰিছিল ।

আমি আৰু চাৰ্ছ কৰি এইখন ফটো জেত্তি ইমেজেছৰ ৱেবছাইটত দেখা পালোঁ য'ত স্পষ্টকৈ লিখা আছে যে ফটোখন যোৱা জুন ৩০, ২০১০ তাৰিখে তোলা হৈছিল আৰু তাতো লিখা আছে যে এই ফটোখন যি সময়ত তোলা হৈছিল সেই সময়ত ঢাকাত বস্ত্ৰ উদ্যোগৰ কৰ্মী সকলে কম দৰমহা আৰু কৰ্মীবোৰৰ পুতৌজনক অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু বিভিন্ন শিশু এই সংঘৰ্ষৰ সময়ত আৰক্ষীৰ ৰোষত পৰিছিল ।

getty delhi police.png

ফলাফল

উক্ত ভাইৰেল ফটোখনৰ শেহতীয়া দিল্লীৰ হিংসাত্মক পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই বৰঞ্চ এইখন ১০ বছৰ পুৰণি ফটো আৰু ভাৰতৰ নহয়, ঢাকাৰ ফটো হয় । ঢাকাত বস্ত্ৰ উদ্যোগৰ কৰ্মী সকলে কম দৰমহা আৰু কৰ্মীবোৰৰ পুতৌজনক অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু বিভিন্ন শিশু এই সংঘৰ্ষৰ সময়ত আৰক্ষীৰ ৰোষত পৰিছিল ।

Avatar

Title:এইখন দিল্লী আৰক্ষীয়ে শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ সময়ত শিশুৰ ওপৰত কৰা লাঠী চার্জৰ ফটো নহয়

Fact Check By: Manjori Borkotoky

Result: False