উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাত ৩৩৫০টন সোণ উদ্ধাৰ হৈছে নেকি?
শেহতীয়াকৈ সমগ্ৰ দেশতে এক বাতৰিয়ে খলকনি তুলিছে । বিভিন্ন নিউজ গোষ্ঠীৰ লগতে ছচিয়েল মিডিয়াৰ জৰিয়তেও উক্ত বাতৰিটো ভাইৰেল হৈ পৰিছে । বাতৰিটোৰ মতে উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ সোণৰ খনিত ৩৩৫০টন সোণ পোৱা গৈছে । বাতৰিটোত আৰু দাবী কৰা হৈছে যে উদ্ধাৰ হোৱা সোণ খিনি ভাৰতৰ সংৰক্ষিত সোণৰ ৫ গুণ হয় ।
উক্ত বাতৰিটো অসমতো ভাইৰেল হৈ পৰিছে । মাইনা গগৈ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা যোৱা ২২ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে এক ফেচবুক আপডেট দিয়া হৈছে । তেওঁ লিখিছে "अच्छे दिन आ रहा है
সুখবৰ :-
ভাৰতীয়বাসী সকলৰ বাবে এটা অতি সুখবৰ , পূৰ্বে সোণৰ ভাৰত বুলি কোৱা এইখন ভাৰততে ৩,৬৫০ টন অৰ্থাৎ ৩৬.৫ লাখ কিলো সোণৰ খনি পোৱা গৈছে, টকাৰ হিচাপত ১৪,৭২৭ লাখ কোটি টকা।
ভাৰতৰ উত্তৰপ্ৰদেশৰ "সোণভদ্ৰ" পাহাৰ ভূগৰ্ভত এই সোণৰ খনি পোৱা গৈছে। কথাষাৰ শুনিবলৈ বা বিশ্বাস কৰিবলৈ আপোনাৰ নিশ্চয় টান হৈছে কিন্তু দৰাচলতে ই এক সত্য, বৰ্তমান সংবাদ মাধ্যমতো এই বিষয়ে জানিবলৈ দিছে, তলত মই লিংকটো দিম চাব পাৰিব।সোণভদ্ৰ পাহাৰত কেৱল সোণেই নহয় পটাচ, আয়ৰন,ইণ্ডালুচাইড,কয়লা,চিলিমেনাইট, আদি মূল্যবান খনিজ পদাৰ্থ পোৱা গৈছে।
সোণভদ্ৰ পাহাৰত সোণৰ খনি আছে বুলি বহু বছৰ পূৰ্বৰে পৰা অনুমান কৰি অহা হৈছিল, ব্ৰিটিছ শাসনৰ কালতো বহুত বাৰ চেষ্টা কৰিছিল যদিও সফল নহ'ল, স্বাধীনতাৰ পাছতো ১৯৮০ চনত এই পাহাৰত সোণৰ খোজ উলিয়াবলৈ চেষ্টা কৰা হৈছিল, দ্বিতীয় বাৰ ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ চেষ্টা কৰিছিল, তৃতীয় বাৰ ২০০৫ পৰা ২০১২ চনলৈ কৰা হৈছিল, ভূবিজ্ঞানী "ড° পৃথিৱী মিশ্ৰাই" এই পাহাৰত সোণ আৰু মূল্যবান খনিজ পদাৰ্থ থকা প্ৰথম তথ্যৰ তালিকা ডাঙি ধৰিছিল।
এই পাহাৰত সোণ থকাৰ পোষকতা কৰা বাবেই পাহৰটোৰ নাম "সোণভদ্ৰ" পাহাৰ হিচাপে নামাঙ্কিত কৰা হয়। ২০১৭ চনৰ পৰা বিজ্ঞানী সকলে অধিক তৎপৰতাৰে এই পাহাৰত গৱেষণা কৰি আহিছিল , অবশেষত ৪০ বছৰ অন্ততঃ বৰ্তমান ইয়াৰ সথিক তথ্য পোৱা গ'ল। যোগী চৰকাৰ দ্বাৰা আজিৰ পৰা ২০ দিন ধৰি উত্তৰপ্ৰদেশৰ এই অঞ্চলৰ ওপৰত হেলিকপ্টাৰ যোগে নিয়ন্ত্ৰণ কৰি আছে, খন্দনৰ বাবে চৰকাৰ দ্বাৰা ৭ সদস্য গঠন কৰি দিয়া হৈছে Geology Department, Department of Minerals,। ভাৰতৰ অৰ্থনৈতিক দিশত বিকাশ হ'ব আৰু এতিয়া বিশ্বৰ চকু ভাৰতৰ এই সোণভদ্ৰ পাহাৰত।
👇
সঁচাকৈ সোণভদ্ৰ জিলাত ৩৩৫০টন সোণ পোৱা গৈছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি এই বিষয়ে গুগলত কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে ভাৰতৰ ভূতত্ব বিভাগৰ এই সম্পৰ্কে এক প্ৰেছ ৰিলিজ দেখা পালোঁ যি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে । প্ৰেছ ৰিলিজটোৰ মতে আনুমানিকভাৱে ১৬০ কেজি সোণহে উদ্ধাৰ কৰা হৈছে বা হব ।
ৰিলিজটোত আৰু লিখা হৈছে যে উক্ত খনিত সোণ গড় হিচাপত ৩.০৩ গ্ৰাম প্ৰতি টনত পোৱা যায় আৰু ৫২৮০৬.২৫ টন সোণৰ আকৰৰ পৰা অনুমানিকভাৱে ১৬০ কেজি সোণ আহৰণ কৰিব পৰা যাব, মিডিয়াত ভাইৰেল হোৱাৰ দৰে ৩৩৫০ টন নহয় । এই সম্পৰ্কে বিতংভাৱে পঢ়ক ইয়াত ।
ফলাফল
উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ সোণৰ খনিত ৩৩৫০টন সোণ উদ্ধাৰ হোৱা নাই বৰঞ্চ এই খনিৰ পৰা অনুমানিকভাৱে ১৬০ কেজি সোণহে আহৰণ কৰিব পৰা যাব । উক্ত ভাইৰেল বাতৰিটো আংশিকভাৱে মিছা ।
Title:উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাত ৩৩৫০টন সোণ উদ্ধাৰ হৈছে নেকি?
Fact Check By: Manjori BorkotokyResult: Partly False