বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰে হোলীৰ সময়ত চীনা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ মানা কৰি এই সাৱধানবাণী প্ৰকাশ কৰিছে নেকি?
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত দুহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
ৱুহান ক'ৰনা ভাইৰাছৰ লগত সমন্ধ থকা এক হোৱাটচ এপ্প ফৰৱাৰ্ড অসমত ভাইৰেল হৈ পৰিছে য'ত লিখা আছে যে বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ দ্বাৰা প্ৰকাশ কৰা এইয়া এক সাৱধানবাণী ।
সাৱধানবাণীটোত লিখা হৈছে, "ভাৰতৰ ডাঙৰ উৎসৱবোৰৰ মাজৰ এটা, হোলী উৎসৱ, খুব সোনকালেই আহি আছে আৰু ইয়াত ব্যৱহত ৰঙ, মুখা আৰু আন বস্তুবোৰ চীনৰ পৰা আমদানি কৰা হয় । এই বস্তুবোৰ সস্তীয়া আৰু আকৰ্ষণীয় হয় কিন্ত এই বস্তুবোৰ আচলতে কিছুমান পলিমাৰৰ কেঁচা পদাৰ্থৰ পৰা চীনৰ হুনেই নামৰ ঠাইখনত বনোৱা হয় । এইখন ঠাইত ক'ৰনা ভাইৰাছ বিয়পি পৰিছে আৰু বহুতো মানুহ আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে । আমি সেইবাবে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে চীনৰ পৰা আমদানিকৃত বস্তু ব্যৱহাৰ নকৰে ।"
সঁচাকৈ বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰে হোলীৰ সময়ত চীনা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ মানা কৰি উপৰোক্ত সাৱধানবাণী প্ৰকাশ কৰিছে নেকি? সত্য কি? জানোঁ আহক ।
বিশ্ব স্বাস্থ্য সংস্থায়ে ক'ৰনা ভাইৰাছক এক ৰাজহুৱা স্বাস্থ্যজনিত জৰুৰী অৱস্থাৰ আন্তৰ্জাতিক বিষয় বুলি অভিহিত কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ ২৪ জানুৱাৰীৰ দৈনিক পৰিস্থিতি ৰিপৰ্ট মতে এতিয়ালৈকে চীনত ২৫৯৫ জনৰ মৃত্যু হৈছে ।
প্ৰণালী
প্ৰথমতেই আমাৰ চকুত পৰিল যে ভাইৰেল হোৱা সাৱধানবাণীখনত বহুতো ব্যাকৰণগত ভুল দেখা গৈছে যি বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ দ্বাৰা প্ৰকাশ কৰা এক সাৱধানবাণীত থকাটো অসম্ভৱ ।
ইয়াৰ পাছত আমি গুগলত এই বিষয়ে কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে ভাৰত চৰকাৰে এনে ধৰণৰ কোনো সাৱধানবাণী প্ৰকাশ কৰা নাই যিহেতু আমি কোনো নিউজ গোষ্ঠীৰ ৱেবচাইটত এই বিষয়ে বাতৰি দেখা নাপালোঁ । এই সম্পৰ্কে কোনো অফিচিয়েল প্ৰেছ ৰিলিজও আমাৰ চকুত নপৰিল ।
ইয়াৰ উপৰিয়ো ভাইৰেল সাৱধানবাণীটো 'World health organization' (বিশ্ব স্বাস্থ্য সংগঠন) ইংৰাজীত লিখোঁতে health আৰু organization শব্দ দুটাত আৰম্ভণি h aru o কেপিটেলত নাই লিখা । World Health Organizationটো প্ৰকৃত বানান হয় আৰু এনেকৈ নিলিখাটোৱেই ভুৱা সাৱধানবাণী সূচাই ।
ফলাফল
বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰে হোলীৰ সময়ত চীনা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ মানা কৰি কোনো সাৱধানবাণী প্ৰকাশ কৰা নাই । ভাইৰেল হোৱা সাৱধানবাণীটো ভুৱা হয় আৰু জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰিছে ।
Title:বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰে হোলীৰ সময়ত চীনা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ মানা কৰি এই সাৱধানবাণী প্ৰকাশ কৰিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False