চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।

ৱুহান ক'ৰনা ভাইৰাছৰ লগত সমন্ধ থকা এক হোৱাটচ এপ্প ফৰৱাৰ্ড অসমত ভাইৰেল হৈ পৰিছে য'ত লিখা আছে যে মদ সেৱন কৰিলে ক'ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি । এখন হিন্দী বাতৰি কাকতৰ নিউজ ক্লিপিং য'ত লিখা আছে যে ক'ৰনা ভাইৰাছৰ মদৰ লগত এলাৰ্জি আছে আৰু সেইবাবে যিসকল মানুহে মদ সেৱন কৰে তেওঁলোকৰ ক'ৰনা ভাইৰাছৰ পৰা কোনো বিপদ নহয় । বাতৰিটোত আৰু লিখা আছে যে মদ এক প্ৰকাৰৰ বীজাণুনাশক দ্ৰব্য হয় আৰু সেইবাবে মদে উক্ত ভাইৰাছ বিধক এক মিনিটৰ ভিতৰত নাশ কৰিব পাৰে ।

সঁচাকৈ মদ সেৱন কৰিলে ক'ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

প্ৰথমতে আমি বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ কিন্তু আমি উক্ত ভাইৰেল মেছেজটোৰ লগত সম্পৰ্ক থকা কোনো তথ্য বিচাৰি নাপালোঁ । ইপিনে উক্ত ভাইৰেল বাতৰিটোত লিখা আছে যে উক্ত লিখনিটো এজন বিশেষজ্ঞৰ ভিত্তিত লিখা হৈছে কিন্তু আমি দেখিলোঁ যে লিখিনিটোত ক'তো তেওঁৰ নাম বা পৰিচয় দিয়া হোৱা নাই । লিখিনিটোত আৰু লিখা আছে যে ভাইৰাছ বিধ ২৪ চেকেণ্ডৰ ভিতৰত বিয়পি পৰে কিন্তু আচলতে এতিয়ালৈকে কোনো অধ্যয়ন বা ফলাফল ক'তো এই বিষয়ে একো পোৱা নাই ।

বিশ্ব স্বাস্থ্য সংগঠনে ভাইৰাছৰ সংক্ৰমণ ৰখাবলৈ কিছু স্বাস্থ্যসন্মত প্ৰথাৰ এখন লিষ্ট বনাইছিল আৰু ইয়াৰ ক'ৰনা ভাইৰাছৰ বিষয়ে বিয়পি পৰা বিভিন্ন উৰা বাতৰিৰ সত্যতা সম্পৰ্কে এখন সূচী প্ৰকাশ কৰিছে । বিশ্ব স্বাস্থ্য সংগঠনে ক'ৰনা ভাইৰাছ ৰোধিবলৈ মদৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰিছে কিন্তু যেতিয়া মদ হাত ধুবলৈ ব্যৱহাৰ কৰা হয়, মদ সেৱন কৰিলে ক'ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পৰা সম্পৰ্কত একো লিখা নাই ।

who corona.png

আমি এই সম্পৰ্কে আৰু জানিবলৈ অসম চৰকাৰৰ এজন চাব ডিভিজনেল মেডিকেল এণ্ড হেলথ অফিচাৰ, ডাঃ নিপেন বৰুৱাৰ লগতো কথা পাতিলোঁ আৰু তেওঁ নিশ্চিত কৰিলে যে মদ খালে ক'ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি আৰু এনে ধৰণৰ বাতৰি সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন ।

ফলাফল:

মদ খালে ক'ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি আৰু এনে ধৰণৰ বাতৰি সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । মদ কোনোবাই হাত ধুবলৈ বীজাণুনাশক দ্ৰব্য হিচাবে ব্যৱহাৰ কৰিব পাৰে কিন্তু মদ খালে ক'ৰনা ভাইৰাছৰ বীজাণুৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি ক'তো প্ৰমাণ হোৱা নাই ।

Avatar

Title:মদ খালে ক'ৰনা ভাইৰাছৰ বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে নেকি?

Fact Check By: Manjori Borkotoky

Result: False