FACT CHECK: ফ্লিপকাৰ্টৰ ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ বুলি ভাইৰেল হোৱা মেছেজটো ভূৱা

False Social

“ফ্লিপকাৰ্ট ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ’ নামৰ এটা লিংক ছোচিয়েল মিডিয়াত এই দাবীৰে ভাইৰেল কৰা হৈছে যে সেই লিংকত ক্লিক কৰি  কোনো লোকে এক অনলাইন চাৰ্ভেইত অংশ লৈ  “এমআই এলেভেন লাইট স্মাৰ্টফোন” জয় কৰিব পাৰিব। অসমত এই লিংকটো হোৱাটছএপযোগে ভাইৰেল হৈ পৰিছে।

একেটা মেছেজেই আমাৰ ২৪ঘন্টা আৰু সাতো দিন খোলা থকা ফেক্টলাইন নম্বৰ 904 905 3770লৈয়ো সত্যাসত্য নিৰূপনৰ বাবে আহিল।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যাসত্য নিৰূপন কৰিলো আৰু ই অসত্য বুলি প্ৰতিপন্ন কৰিলো।

সত্যতা নিৰূপন পদ্ধতি

সৰ্ব প্ৰথমে লক্ষ কৰিলো যে ভাইৰেল হোৱা চাইটটোৰ ইউআৰএলটো https://bdfhy.bar/flipkarttest/tb.php?_t=16256751011625675299535ttps://bdfhy.bar/flipkarttest/tb.php?_t=16256751011625675299535 সন্দেহজনক। ফ্লিপকাৰ্টৰ প্ৰকৃত চাইটটো হৈছে https://www.flipkart.com/। আমি প্ৰকৃত ৱেবচাইটটো পৰীক্ষা কৰিলো আৰু তেনেকুৱা একো অফাৰ দেখা নাপালো। 

Screenshot of claim link

Archived Link

আমি টুইটাৰ,ইনষ্টাগ্ৰাম আদি ফ্লিপকাৰ্টৰ ছোচিয়েল মিডিয়া প্লেটফৰ্মসমুহ পৰীক্ষা কৰিলো কিন্তু তাতো তেনেকুৱা একো অফাৰৰ উল্লেখ নাপালো।

ইতিপূৰ্বে অনুৰূপ ধৰণৰ কেইবাটাও ভূৱা দাবী ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই সত্যাসত্য নিৰূপন কৰি থৈছে। যিবোৰ অন্য কোম্পানীৰ নামত মিছাকৈ প্ৰচাৰ কৰা হয়।

গতিকে “ফ্লিপকাৰ্টৰ ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ” বুলি দাবী কৰি প্ৰচাৰ কৰা লিংকটো ভূৱা আৰু ই এক প্ৰৱঞ্চনা।

সিদ্ধান্ত

“ফ্লিপকাৰ্ট ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ” বুলি দাবী কৰি ভাইৰেল কৰা লিংকটো মিছা। ফ্লিপকাৰ্টে তেনে কোনো অফাৰ ঘোষণা কৰা নাই।

Avatar

Title:ফ্লিপকাৰ্টৰ ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ বুলি ভাইৰেল হোৱা মেছেজটো ভূৱা

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *