
সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । ইয়াকে লৈ অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । বিশেষকৈ ফেচবুকত ভাইৰেল হোৱা এই বাতৰিৰ মতে অসমৰ ডিব্ৰুগড় জিলাৰ বকুলত পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘাতৰ সময়ত পুলিচৰ গুলিত এজনী ছোৱালীয়ে মৃত্যুবৰণ কৰিছে ।
ফেচবুকত অপূৰ্ব অংকিত নামৰ এটা প্ৰফাইলে যোৱা ১১ ডিচেম্বৰ দিনৰ ১২:৫৫ বজাত “হিংসাত্মক হৈছে প্ৰতিবাদ,উজনিত এজনী অসমীয়া ছোৱালী মৃত্যু হোৱা বুলি খবৰ পাইছোঁ আৰক্ষীৰ গুলিত।
অসম কিন্তু ৰক্তাক্ত হবলৈ গৈ আছে।
চৰকাৰ🙏🏻”
বুলি এটা পোষ্ট আপলোড কৰিছে ।
ইয়াৰ উপৰিয়ো পাপৰি দুৱৰা নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা এখন ফটো শ্বেয়াৰ কৰা হৈছে য’ত লিখা হৈছে যে ডিব্ৰুগড়ত এজনী ছোৱালীৰ মৃত্যু হৈছে আৰু তাই অসমৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ প্ৰথম শ্বহীদ ।

সঁচাকৈ ডিব্ৰুগড়ত পুলিচৰ গুলীত এজনী ছোৱালীৰ মৃত্যু হৈছিল নেকি? সত্য কি, জানোঁ আহক ।
প্ৰণালী
আমি সৰ্বপ্ৰথমে ঘটনাটোৰ লগত জড়িত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ আৰু পালোঁ যে এনে ধৰণৰ কোনো ঘটনা ঘটা নাই । আমি ফেচবুকত ডিব্ৰুগড় পুলিচৰ অফিচিয়েল পেজত এই বিষয়ে এক স্পষ্টীকৰণ দিয়া দেখা পালোঁ য’ত লিখা আছে “আজি ডিব্ৰুগড়ৰ বকুলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত আইন শৃংখলা জনিত কাৰণত হোৱা হতাহতিত কোনো লোকৰ মৃত্যু হোৱা নাই । এইটো এটা উৰাবাতৰিহে” ।
এই বিষয়ে আৰু নিশ্চয়তা লাভ কৰিবলৈ আমি ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টি লগত সম্পৰ্ক স্থাপন কৰিলোঁ । তেখেতে আমাক জনালে যে এনে ধৰণৰ কোনো ঘটনা ঘটা নাই । তেওঁ লগতে আমাক জনালে যে যিজনী ছোৱালীৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হৈছিল সেই ছোৱালীজনীয়ে নিজে ফেচবুকত স্পষ্টীকৰণ দিছে যে এইয়া সম্পূৰ্ণ ভাৱে মিছা । তেওঁ আৰু ক’লে যে ছোৱালীজনীৰ মৃত্যু হোৱা বুলি যিজন মানুহে প্ৰথমে ফেচবুকত পোষ্ট দিছিল, তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।
ইয়াৰ পাছতেই আমি আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মতে উক্ত ছোৱালীজনীৰ ফেচবুক প্ৰফাইলত এই বিষয়ে দিয়া স্পষ্টীকৰণটো বিচাৰি পালোঁ য’ত গিৰিজা ফুকনে (ছোৱালীজনীৰ নাম) লিখিছে যে তেওঁ সম্পূৰ্ণ সুস্থ হৈ আছে আৰু তেওঁৰ বিষয়ে এনে ধৰণৰ কোনো উৰা বাতৰি যাতে কোনেও আৰু প্ৰচাৰ নকৰে ।

ফলাফল
অসমৰ ডিব্ৰুগড় জিলাৰ বকুলত পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘাতৰ সময়ত পুলিচৰ গুলিত কোনো ছোৱালীয়ে মৃত্যুবৰণ কৰা নাই । এইয়া এক উৰা বাতৰি আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ।

Title:অসমৰ ডিব্ৰুগড় জিলাত পুলিচৰ গুলিত কোনো প্ৰতিবাদকাৰী ছোৱালীয়ে মৃত্যুবৰণ কৰা নাই!
Fact Check By: Manjori BorkotokyResult: False