পিয়াঁজৰ দাম বাঢ়িলেও ‘মোৰ ওপৰত প্ৰভাৱ নপৰে’ বুলি মন্ত্ৰী সীতাৰমনে কোৱা নাছিল!

Economy Partly-False

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ এক বিশেষ ভিডিঅ’য়ে সমগ্ৰ দেশতে তোলপাৰ লগাইছে । ভিডিঅ’টোত সীতাৰমনক সংসদত কথা কৈ থকা দেখা গৈছে আৰু এই ভিডিঅ’টো ছচিয়েল মিডিয়াত বহুতে প্ৰচাৰ কৰি দাবী কৰিছে যে ভাৰতৰ বিত্ত মন্ত্ৰী গৰাকীয়ে পিয়াঁজৰ বৰ্ধিত দামৰ বিষয়ে প্ৰশ্নৰ উত্তৰত ইনচেনচিটিভ হৈ কথা কৈছে । ভাইৰেল পোষ্টবিলাকত সীতাৰমনে ‘মই পিয়াঁজ নাখাওঁ গতিকে ইয়াৰ দাম বাঢ়িলেও মোৰ ওপৰত কোনো প্ৰভাৱ নপৰে’ বুলি মন্তব্য আগবঢ়াইছে বুলি কোৱা হৈছে । 

অসমতো বহুতে এনেধৰণৰ পোষ্ট ফেচবুকত আপলোড কৰিছে । এই পোষ্টবোৰ চাওক ইয়াত, ইয়াত আৰু ইয়াত । 

sitharaman 1.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

sitharaman 2.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

যিসময়ত পিয়াঁজৰ বৰ্ধিত দামে সকলোকে চিন্তাত পেলাইছে ঠিক সেই সময়ত এনে ধৰণৰ বাতৰিয়ে নিঃসন্দেহে সাধাৰণ ৰাইজক ব্যতিব্যস্ত কৰি তুলিছে । 

কিন্তু সীতাৰমনে সঁচাকৈ এনেধৰণে কৈছিল নে? সত্য কি? জানোঁ আহক । 

প্ৰণালী

যোৱা বুধবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে যেতিয়া কংগ্ৰেছ সাংসদ চুপ্ৰিয়া চুলেৰ এক প্ৰশ্নৰ উত্তৰ দি আছিল তেওঁক আন কোনোবা সাংসদ এজনে ব্যাঘাত জন্মাই আৰু চিঞৰি সোধে (ভিডিঅ’টোত দেখা পোৱা নাযায়) যে সীতাৰমনে ইজিপ্তৰ পিয়াঁজ খাই নেকি । 

সীতাৰমনে সাংসদ চুপ্ৰিয়াৰ প্ৰশ্নৰ উত্তৰ দি থকাৰ মাজতে এই আনজন সাংসদৰ প্ৰশ্নৰ উত্তৰ দি কয় যে যিহেতু বিত্ত মন্ত্ৰী গৰাকীয়ে পিয়াঁজ নাখাই, তেওঁ চিন্তা কৰিব নালাগে । 

আমি সীতাৰমনৰ কথাখিনি মন দি শুনিলোঁ আৰু পালোঁ যে সীতাৰমনে ক’তো মোৰ ওপৰত প্ৰভাৱ নপৰে বা নহৰু আৰু পিয়াঁজৰ দাম বাঢ়িলেও চিন্তা নকৰোঁ বুলি কোৱা নাছিল বৰঞ্চ তেওঁ কৈছিল যে, “মই নহৰু আৰু পিয়াঁজ নাখাওঁ গতিকে চিন্তা নকৰিব । মই এনেকুৱা এটা পৰিয়ালৰ পৰা আহিছোঁ য’ত নহৰু আৰু পিয়াঁজ ইমান ব্যৱহাৰ নহয় ।”

ইয়াৰ পাছত আমি সীতাৰমনে এই বিষয়ে কৰা এটা টুইট দেখা পালোঁ য’ত তেওঁ লিখিছে যে তেওঁৰ পিয়াঁজ আৰু আন বস্তুৰ বৰ্ধিত দামৰ বিষয়ে তেওঁ দিয়া এটা ভাষণৰ একাংশ সংগতি নোহোৱাকৈ শ্বেয়াৰ কৰি ভাইৰেল কৰা  হৈছে আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । ইয়াৰ লগতে তেওঁ সম্পূৰ্ণ ভিডিঅ’টোও শ্বেয়াৰ কৰিছে । 

sitharaman 4.png

টুইটাৰ পোষ্ট | সংৰক্ষিত পোষ্ট

ফলাফল

সীতাৰমনে পিয়াঁজৰ দাম বাঢ়িলেও মোৰ ওপৰত প্ৰভাৱ নপৰে বা চিন্তা নকৰোঁ বুলি কোৱা নাছিল । তেওঁ অৱশ্যে নহৰু আৰু পিয়াঁজ নাখাওঁ গতিকে চিন্তা নকৰিব বুলি কৈছিল গতিকে তেওঁৰ ভাষণৰ একাংশ সংগতি নোহোৱাকৈ শ্বেয়াৰ কৰি ভাইৰেল কৰা  হৈছে আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । ভাইৰেল হোৱা পোষ্টবোৰত কৰা দাবীবোৰ আংশিকভাৱে মিছা । 

Avatar

Title:পিয়াঁজৰ দাম বাঢ়িলেও ‘মোৰ ওপৰত প্ৰভাৱ নপৰে’ বুলি মন্ত্ৰী সীতাৰমনে কোৱা নাছিল!

Fact Check By: Manjori Borkotoky 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *