
শেহতীয়াকৈ গুলপীয়া ৰঙৰ ফুলেৰে আবৃত এক পথৰ ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া অসমৰ এক ৰাজপথৰ ফটো।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ফটোকেইখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ তেতিয়া আমি “Our Gazipur” নামৰ এটা ফেচবুক পেজত ভাইৰেল ফটোকেইখনৰ সৈতে মিল থকা কেইবাটাও ভিডিঅ’ পালোঁ।



কেপশ্বন অনুসৰি ভিডিঅ’সমূহ বাংলাদেশৰ।
ইয়াকে সমল হিচাপে লৈ আমি বাংলা ভাষাত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি “Prothom Alo”ৰ ইউটিউব চেনেলত ভাইৰেল পথটোৰ সম্পৰ্কে এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত বাংলাদেশৰ গাজীপুৰৰ হোতাপাড়া এলেকাৰ ঢাকা-মৈমনসিং হাইৱেৰ দৃশ্য দেখুওৱা হৈছে।
একেধৰণৰ আন প্ৰতিবেদন আৰু ভিডিঅ’ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোসমূহ বাংলাদেশৰ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। গুলপীয়া ৰঙৰ ফুলেৰে আবৃত ৰাস্তাটো অসমৰ নহয় বৰং সেয়া বাংলাদেশৰ গাজীপুৰৰ হোতাপাড়া এলেকাৰ ঢাকা-মৈমনসিং হাইৱেৰহে দৃশ্য।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


