ৰাহুল গান্ধীৰ অসম্পূৰ্ণ ভিডিঅ’ প্ৰসংগ সংগতিহীনভাৱে ভাইৰেল।

Missing Context Political

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে কোৱা শুনা গৈছে, “এই প্ৰদূষণৰ মূল কাৰণ হৈছে ভোট চুৰি”।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া Deccan Chronicle ৰ অফিচিয়েল এক্স হেণ্ডলত ২০২৫ চনৰ ১৪ ডিচেম্বৰৰ এটা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ এটা সংলগ্ন কৰা হৈছিল। এই ভিডিঅ’টোত শুনা ৰাহুল গান্ধীৰ বক্তব্যৰ অসমীয়া ভাবানুবাদ এনেধৰণৰ, “এই ভোট চুৰি কেৱল ভোট চুৰিয়ে নহয়…এয়া আম্বেদকাৰজীৰ সংবিধানৰ ওপৰত আক্ৰমণ। সংবিধানত‌ লিখা আছে যে এজন ব্যক্তিয়ে এটাহে ভোট পাব লাগে। গতিকে প্ৰথমেই এই ভোট চুৰি হৈছে আম্বেদকাৰজীৰ সংবিধানৰ ওপৰত আক্ৰমণ আৰু ভোট চুৰি কৰিয়েই তেওঁলোকে চৰকাৰ চলাই আছে। তেওঁলোকে ক্ষুদ্ৰ ব্যৱসায়ী নাইকিয়া কৰিলে, ভুল জি এছ টিৰ প্ৰৱৰ্তন কৰিলে, বিমুদ্ৰাকৰণ কৰিলে… নিবনুৱা সমস্যা আৰু এই প্ৰদূষণ চাওক…এই সকলোবোৰ হৈ আছে কাৰণ তেওঁলোকে ভোট চুৰি কৰিছে। ভোট চুৰি নকৰাহেঁতেন আপোনালোকে তেওঁলোকক পাঁচ মিনিটতে ধৰি চৰকাৰৰ পৰা বাহিৰ কৰিলেহেঁতেন। এয়াই সত্য। মই কংগ্ৰেছৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ…”

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ৰাহুল গান্ধীয়ে কৈছিল যে কেৱল মাত্ৰ ভোট চুৰিৰ বলতহে বিজেপি চৰকাৰ এতিয়াও ক্ষমতাত আছে। ভাইৰেল ভিডিঅ’টো মূল ভিডিঅ’টোৰ পৰা কাটি অনা হৈছে।

আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি ৰামলীলা মৈদানত অনুষ্ঠিত “ভোট চোৰ, গাডী চোৰ, মহা ৰেলী” শীৰ্ষক অনুষ্ঠানৰ সম্পূৰ্ণ ভিডিঅ’টো ৰাহুল গান্ধীৰ অফিচিয়েল ইউটিউব চেনেলত পালোঁ।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো সংগতিহীনভাৱে শ্বেয়াৰ কৰা হৈছে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো প্ৰসংগ সংগতিহীন। ৰাহুল গান্ধীয়ে কোৱা নাছিল যে প্ৰদূষণৰ মূলতে আছে ভোট চুৰি। তেওঁ কৈছিল যে ভোট চুৰিৰ বলতহে বিজেপি চৰকাৰ এতিয়াও ক্ষমতাত আছে। ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে বিজেপি চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ী নাইকিয়া কৰিলে, ভুল জি এছ টিৰ প্ৰৱৰ্তন কৰিলে আৰু এই সকলো ভুল কৰ্মৰ পাছতো কেৱল মাত্ৰ ভোট চুৰি কৰিহে এতিয়াও ক্ষমতাত আছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাহুল গান্ধীৰ অসম্পূৰ্ণ ভিডিঅ’ প্ৰসংগ সংগতিহীনভাৱে ভাইৰেল।

Fact Check By: Fact Crescendo Team  

Result: Missing Context