শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ মাজত ঘটা কূটনৈতিক সংঘাতৰ পিছতে চ'চিয়েল মেডিয়াত বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হোৱা দেখা গৈছে। এনে সময়তে ফেচবুকত এটা বাতৰি প্ৰচাৰ কৰা হৈছে যে কানাডাই ইয়াৰ নাগৰিকৰ বাবে নতুন ভ্ৰমণ উপদেশ জাৰি কৰিছে আৰু অসম, মণিপুৰ, জম্মু কাশ্মীৰ আদি ঠাইলৈ নাযাবলৈ কৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি গুগলত কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

আমি প্ৰথমে ৰয়টাৰছৰ এক প্ৰতিবেদন পালোঁ য'ত উল্লেখ কৰা হৈছিল যে ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছে আৰু ভাৰতে কানাডাৰ নাগৰিকক নতুনকৈ ভিছা প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত একাংশ কূটনীতিবিদে ভাবুকি পোৱাৰ পিছত ভাৰতত কানাডাৰ উচ্চ আয়োগে দেশখনত কৰ্মচাৰীৰ উপস্থিতিৰ সাময়িকভাৱে “এডচাস্ত” কৰিব বুলি কোৱাৰ কেইঘণ্টামানৰ পিছতে এই ঘোষণা কৰা হৈছে। কিন্তু এই প্ৰতিবেদনত কানাডাৰ তৰফৰ পৰা দিয়া কোনো ভ্ৰমণ উপদেশৰ কথা উল্লেখ কৰা নাছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

এইবাৰ আমি কানাডা চৰকাৰৰ অফিচিয়েল ৱেবছাইটত নাগৰিকসকলৰ বাবে থকা ভ্ৰমণ উপদেশ বিচাৰি দেখিলোঁ যে শেহতীয়াকৈ এই ৱেবছাইটটো আপডেট কৰা হৈছিল যোৱা ১৮ চেপ্তেম্বৰত। এই আপডেট আছিল স্বাস্থ্য সম্পৰ্কীয়।

অনুগ্ৰহ কৰি ইয়াত চাওক।

এইবাৰ আমি ৱেবেক মেচিনত এই ৱেবছাইটটোৰ আৰ্কাইভ স্নেপশ্বট বিচাৰিলোঁ তেতিয়া আমি দেখিলোঁ যে ভাৰত ভ্ৰমণ সম্পৰ্কে এই উপদেশসমূহ ৱেবছাইটটোত আগৰেপৰাই আছে।

তাত উল্লেখ কৰা হৈছে এইদৰে "Exercise a high degree of caution in India due to a continuing threat of terrorist attacks throughout the country at all times."

অনুগ্ৰহ কৰি ইয়াত, ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাওক।

এইবাৰ আমি ভাৰত চৰকাৰৰ দ্বাৰা ইয়াৰ নাগৰিকৰ বাবে কানাডা ভ্ৰমণ উপদেশ বিচাৰিলোঁ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এই উপদেশ পালোঁ।

তাত উল্লেখ কৰা হৈছিল যে কানাডাত ক্ৰমাৎ বৃদ্ধি পোৱা ভাৰত বিৰোধী কাৰ্যকলাপ আৰু ৰাজনৈতিকভাৱে কৰা ঘৃণাজনিত অপৰাধ আৰু অপৰাধমূলক হিংসাৰ পৰিপ্ৰেক্ষিতত তাত থকা সকলো ভাৰতীয় নাগৰিক আৰু ভ্ৰমণৰ কথা চিন্তা কৰাসকলক অতি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটোৰ নিচিনাকৈ কানাডাই শেহতীয়াকৈ ইয়াৰ নাগৰিকৰ বাবে ভাৰত ভ্ৰমণ সম্পৰ্কে উপদেশ জাৰি কৰা নাই। এই ভ্ৰমণ উপদেশ পুৰণি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কানাডাই শেহতীয়াকৈ ইয়াৰ নাগৰিকৰ বাবে ভাৰত ভ্ৰমণ সম্পৰ্কে ভ্ৰমণ উপদেশ জাৰি কৰি ভাৰত ভ্ৰমণত বাধা আৰোপ কৰিছে নেকি?

Written By: Fact Crescendo Assamese

Result: Misleading