
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে এগৰাকী কইনাই বিবাহৰ দুঘণ্টা পূৰ্বে নিজৰ প্ৰাক্তন প্ৰেমিকক লগ ধৰিবলৈ গৈছে। ভিডিঅ’টোত কোৱা হৈছে কইনাগৰাকীৰ নাম শ্ৰেয়া আৰু গাড়ীচালকৰ আসনত থকা ব্যক্তিজন কইনাগৰাকীৰ বন্ধু। কইনাগৰাকীয়ে বহুত অনুৰোধ কৰাত বন্ধুজনে তেওঁক তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে শেষবাৰৰ বাবে সাক্ষাৎ কৰাবলৈ লৈ আহিছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এই ভিডিঅ’টো chalte_phirte098 নামৰ ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৫ চনৰ ১৩ ডিচেম্বৰত আপলোড হোৱা দেখিলোঁ। ইনষ্টাগ্ৰাম হেণ্ডলটোৰ গৰাকীৰ নাম “আৰৱ মাহী” (Aarav Mahi) বুলি উল্লেখ কৰা আছিল আৰু তেওঁ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ বুলি পৰিচয়ত উল্লেখ কৰা আছে।

ইনষ্টাগ্ৰাম হেণ্ডলটোৰ “Bio”ত লিখা আছে, “Turning heartbreaks into timeless stories. Every shattered heart has a story. Share yours with me!”
এইবাৰ আমি এই ইনষ্টাগ্ৰাম হেণ্ডলটোত ২০২৫ চনৰ ১৬ ডিচেম্বৰৰ এটা পোষ্ট পালোঁ। কেপশ্বনত লিখা আছিল এইদৰে, “এই কাহিনীটো বাস্তৱিক পৰিঘটনাৰ পৰা অনুপ্ৰাণিত। ই কেৱল সজাগতাৰ বাবে আৰু হৃদয় স্পৰ্শ কৰিবলৈ”। ভিডিঅ’টোত “আৰৱ মাহী”য়ে কয়, “আপোনালোকে হয়তো মই সৃষ্টি কৰা এটা ভিডিঅ’ দেখিছে য’ত কইনা এগৰাকী পলাই যোৱা দেখা গৈছে। মই ভবা নাছিলোঁ যে সেইটো ইমান ভাইৰেল হৈ পৰিব।…মোক বহুতো নামজ্বলা সংবাদ মাধ্যমৰ পৰা ফোন আহিছে এই ভিডিঅ’টো সম্পৰ্কে জানিবলৈ।…মোৰ ফল’ৱাৰসকলে জানে যে মই প্ৰায়ে বিভিন্নজনে মোৰ সৈতে শ্বেয়াৰ কৰা সত্য ঘটনাৰ পৰা অনুপ্ৰাণিত হৈ ভিডিঅ’ নিৰ্মাণ কৰোঁ। এই ভিডিঅ’টোও তেনেদৰেই নিৰ্মাণ কৰা হৈছিল।…”
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো সত্য ঘটনা নহয় বৰং এটা স্ক্ৰিপ্টেড ভিডিঅ’হে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। এগৰাকী কইনাৰ বিবাহৰ দুঘণ্টা পূৰ্বে নিজৰ প্ৰাক্তন প্ৰেমিকক লগ ধৰিবলৈ যোৱা এই ভিডিঅ’টো সত্য ঘটনা নহয়। ভিডিঅ’টো স্ক্ৰিপ্টেড আৰু “আৰৱ মাহী” নামৰ এজন কণ্টেণ্ট ক্ৰিয়েটৰে সৃষ্টি কৰিছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:এগৰাকী কইনাই সঁচাকৈয়ে বিবাহৰ দুঘণ্টা পূৰ্বে নিজৰ প্ৰাক্তন প্ৰেমিকক লগ ধৰিবলৈ গৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: Fact Crescendo AssameseResult: Misleading


