ভাইৰেল হোৱাৰ দৰে কে বি চিয়ে কোনো ধৰণৰ ২৫ লাখ টকাৰ লটাৰীৰ আয়োজন কৰা নাই

শেহতীয়াকৈ এটা পুৰণি হোৱাটচ‌এপ মেচেজ পুনৰ ফ’ৰৱাৰ্ড হোৱা দেখা গৈছে। মেচেজটোত কোৱা হৈছে যে মেচেজ প্ৰাপকজনে “কে বি চি”(Kaun Banega Crorepati, KBC)য়ে আয়োজন কৰা লটাৰীত ২৫লাখ টকা লাভ কৰিছে। উক্ত মেচেজটোত অমিতাভ বচ্চন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কৌন বনেগা কৰোড়পতিৰ ল’গ’ পৰ্যন্ত ব্যৱহাৰ কৰা হৈছে। মেচেজটোত কোৱা হৈছে যে পোষ্টাৰখনত থকা নম্বৰটোত হোৱাটচ‌এপ ফোন কৰি লটাৰী […]

Continue Reading

ফটোখনত থকা এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন ফটো আহিছিল। ফটোখন আছিল সাগৰৰ তলত থকা এটা মূৰ্তিৰ। দাবী কৰা হৈছে যে এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি আৰু সাগৰৰ তলিত উদ্ধাৰ হৈছে। Archived Link একেখন ফটো ফেচবুকতো শ্বেয়াৰ হোৱা দেখা গ’ল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

ফটোখনত থকা ভাস্কৰ্য পাঁচ হাজাৰ বছৰ পুৰণি হিন্দু সভ্যতাৰ অংশ নহয় 

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত আছিল এক পুৰণি ভাস্কৰ্য আৰু এজন স্কুবা ডাইভাৰৰ এখন ক’লাজ। পোষ্টটোত লিখা আছিল এইদৰে – “৫০০০ বছৰ পুৰণি সনাতনী সভ্যতাই শিলত খোদিত কৰা ভাস্কৰ্যত আধুনিক চিন্তা। কিমান চহকী আমাৰ সনাতনী (হিন্দু) সভ্যতা এবাৰ ভাবক…!!” Archived Link Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

ভাইৰেল ফটোখনত থকা তৰোৱালবোৰ অসমৰ কোনো মাদ্ৰাছাৰ পৰা উদ্ধাৰ হোৱা নাই

অলপতে ফেচবুকত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত দেখা গৈছে উদ্ধাৰ হোৱা বহুতো তৰোৱালৰ সৈতে কেইগৰাকীমান আৰক্ষীক। “অসমীয়া পেজ” নামৰ ফেচবুক পেজ এটাৰ পৰা এই ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে এই তৰোৱাল সমূহ জনিয়াৰ এখন মাদ্ৰাছাৰ পৰা বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

এইখন এ পি জে আব্দুল কালামৰ অন্তিম মূহুৰ্তৰ ফটো নহয়

যোৱা ২৭ জুলাইত আছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিশিষ্ট বিজ্ঞানী এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী। ২০১৫ চনৰ জুলাই মাহৰ ২৭ তাৰিখে আই আই এম শ্বিলঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত হাৰ্ট এটেকৰ ফলত তেখেতৰ দেহাৱসান হৈছিল। সেই সময়ত এখন বিশেষ ফটো এ পি জে আব্দুল কালামৰ অন্তিম ফটো বুলি ভাইৰেল হৈছিল। সেই একেখন ফটো […]

Continue Reading

ফটোখনত থকা শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ ভিতৰৰ শিৱলিংগ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত এক শিৱলিংগৰ ফটো আছিল আৰু দাবী কৰা হৈছে যে এই শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ। পোষ্টটোত লিখা আছিল এইদৰে “কেডাৰনাথ মন্দিৰৰ ভিতৰৰ বাবা কেডাৰনাথ শিৱলিংগ মনত যি আশা আছে তাকে লৈ শ্বেয়াৰ কৰক মনোবাঞ্চা পূৰ্ণ হ’ব।। হৰ হৰ মহাদেৱ।।” Archived Link একেটা পোষ্ট আমি ফেচবুকতো শ্বেয়াৰ হোৱা […]

Continue Reading

নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়া ভিডিঅ’টো ভূটানৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা ভিডিঅ’ লিংক ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখুওৱা হৈছিল যে কোনো নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়া হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ভূটানৰ নদীবান্ধৰ।  Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে এই ভিডিঅ’টো ভূটানৰ নদীবান্ধৰ নহয়। সত্যতা […]

Continue Reading

জলাশয়ৰ এটা গাঁতত তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ আদি সোমাই যোৱা ভিডিঅ’টো অসমৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে মেটেকাজাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ এক বিশাল জলাশয় আৰু সেই জলাশয়ৰ এটা অংশত এটা গাঁত। সেই গাঁতলৈ তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ সকলোবোৰ সোমাই গৈ আছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে সেই দৃশ্য সুঁতিৰপাৰ ৰৌমাৰী বিলৰ।  Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

ভাইৰেল ভিডিঅ’টোত উল্লেখ কৰা ধৰণে FASTag একাউণ্টৰ পৰা ধন হৰলুকি কৰাটো সম্ভৱ নহয়

শেহতীয়াকৈ এজন লোকে “দেশত নতুনকৈ এক ধৰণৰ ‘FASTag স্কেম’ হব ধৰিছে” বুলি কৰা দাবীৰ সহিত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈছে । প্ৰথমতে ভিডিঅ’টোত দেখা গৈছে যে এজন শিশুৱে গাড়ীৰ উইণ্ডস্ক্ৰীণ পৰিষ্কাৰ কৰি আছে আৰু তাৰ পাছত শিশুটোৱে হাতত পিন্ধি থকা দামী ঘড়ীটোৰ বিষয়ে গাড়ীত বহি থকা ব্যক্তি দুজনে প্ৰশ্ন কৰাত শিশুটোৱে তাৰ পৰা […]

Continue Reading

জলমগ্ন ৰাজপথত ঘঁৰিয়াল ওলোৱা ভিডিঅ’টো অসমৰ নহয়!

মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইত যোৱা কিছুদিন ধৰি বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। এনে সময়তে বানপানী সম্বন্ধীয় কেতবোৰ ভিডিঅ’ চ’চিয়েল মেডিয়াযোগে ভাইৰেল হৈছে।  চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা তেনে এটা বিশেষ ভিডিঅ’ আমি লক্ষ্য কৰিছিলোঁ। ভিডিঅ’টোত দেখা গৈছে যে বানপানীৰ মাজত জলমগ্ন ৰাজপথৰ ওপৰত এটা ঘঁৰিয়াল ওলাইছে আৰু এন ডি আৰ এফ […]

Continue Reading