ভাইৰেল ফটোখনত থকা তৰোৱালবোৰ অসমৰ কোনো মাদ্ৰাছাৰ পৰা উদ্ধাৰ হোৱা নাই
অলপতে ফেচবুকত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত দেখা গৈছে উদ্ধাৰ হোৱা বহুতো তৰোৱালৰ সৈতে কেইগৰাকীমান আৰক্ষীক। "অসমীয়া পেজ" নামৰ ফেচবুক পেজ এটাৰ পৰা এই ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে এই তৰোৱাল সমূহ জনিয়াৰ এখন মাদ্ৰাছাৰ পৰা বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰিছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ। প্ৰথমে আমি "টাইমছ অফ ইণ্ডিয়া"ৰ এটা নিউজ ৰিপ'ৰ্ট পালোঁ। ২০২০ চনৰ মাৰ্চ মাহৰ ১৬ তাৰিখে প্ৰকাশ পোৱা নিউজ ৰিপ'ৰ্টোত উল্লেখ কৰা হৈছিল যে (গুজৰাট) জুনাগড় জিলাৰ মংগৰোলত ১০০ খন তৰোৱাল থকা পাৰ্চেল জব্দ কৰা হৈছে আৰু পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে। নিউজ ৰিপ'ৰ্টত সংলগ্ন ফটোখন আছিল যি ফেচবুকৰ ভাইৰেল ফটোখনৰ সৈতে একেই।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰি বৰপেটা আৰক্ষীৰ টুইটাৰ একাউণ্টৰ এটা পোষ্ট পালোঁ য'ত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে বৰপেটাৰ কোনো ঠাইতে এনেধৰণৰ অস্ত্ৰ উদ্ধাৰ হোৱা নাই। এয়া এক মিছা বাতৰি আৰু আইনী ব্যৱস্থা লোৱা হৈছে।
বৰপেটা আৰক্ষীৰ ফেচবুক পেজতো একেটা পোষ্ট দেখা গ'ল।
গতিকে ইয়াৰদ্বাৰা ক'ব পাৰি যে ভাইৰেল ফটোখন আচলতে জনিয়াৰ মাদ্ৰাছাৰ নহয় বা অসমৰো নহয়।
ফলাফল
ভাইৰেল ফটোখনত দাবী কৰাৰ নিচিনাকৈ জনিয়াৰ মাদ্ৰাছাৰ পৰা বৰপেটা আৰক্ষীয়ে কোনো ধৰণৰ তৰোৱাল উদ্ধাৰ কৰা নাই। ভাইৰেল ফটোখন আচলতে জুনাগড় জিলাৰ মংগৰোলত এখন বাছৰ পৰা পাৰ্চেলৰ ডেলীভাৰী লৈ বাইকেৰে গৈ থকা দুজন ব্যক্তিৰ পৰাহে মগৰোল আৰক্ষীয়ে জব্দ কৰিছিল আৰু এই ঘটনাটো পুৰণিও।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ভাইৰেল ফটোখনত থকা তৰোৱালবোৰ অসমৰ কোনো মাদ্ৰাছাৰ পৰা উদ্ধাৰ হোৱা নাই
Fact Check By: Debanjana BaishyaResult: False