চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি অধিক মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ছচিয়েল মিডিয়াত ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।

এই ধৰণৰ এক ফেচবুক পোষ্ট অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হব ধৰিছে ।

Original Link- Facebook | Archived Link

যিসময়ত সমগ্ৰ পৃথিৱীতেই ক'ৰনা ভাইৰাছে বিভীষিকাৰ সৃষ্টি কৰিছে আৰু কোনেও ইয়াৰ প্ৰতিকাৰক ঔষধ বিচাৰি উলিয়াব পৰা নাই সেই সময়ত ক'ৰনা ভাইৰাছৰ প্ৰতিকাৰক বুলি ভাইৰেল হোৱা উক্ত পোষ্টটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে । সঁচাকৈ এই ঔষধ খালে ক'ৰনা ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰি নেকি? সত্য কি? জানোঁ আহক ।

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমতে আমি এই বিষয়ে গুগলত চাৰ্ছ কৰিলোঁ আৰু আমাৰ ক'তো এনে তথ্য চকুত নপৰিল যে আৰ্চেনিকাম এলবাম ৩০ ক'ৰনা ভাইৰাছৰ ক্ষেত্ৰত ফলপ্ৰসূ হব পাৰে ।

জনপ্ৰিয় বৈজ্ঞানিক গৱেষণা ইঞ্জিন যেনে WebMd, PubMed, ResearchGate আৰু Google Scholarত আমি এই বিষয়ে চাৰ্ছ কৰিলোঁ আৰু এই ক্ষেত্ৰত কোনো গৱেষণা আমাৰ চকুত নপৰিল য'ত ক'ৰনা ভাইৰাছ আৰু আৰ্চেনিকাম এলবাম ৩০ৰ বিষয়ে কোনো বৈজ্ঞানিক লেখা প্ৰকাশ পাইছে ।

আমি আৰু চাৰ্ছ কৰি ক'ৰনা ভাইৰাছৰ প্ৰতিকাৰক হিচাবে কোনো হোমিয়পেথিৰ দৰৱ এতিয়ালৈকে ওলোৱা নাই বুলি নিশ্চিত হলোঁ ।

আৰ্চেনিকাম এলবাম ৩০ৰ ৰোগৰ ক্ষেত্ৰত ফলপ্ৰসূতা সম্পৰ্কে আমি আৰু চাৰ্ছ কৰি অকল এখন গৱেষণাৰ পত্ৰ বিচাৰি পালোঁ । এইখন ব্ৰিটিছ হোমিয়পেথিক পত্ৰিকা (Kayne & Rafferty, 1994) য'ত ইয়াৰ গৰু পোৱালিৰ সদ্যজাত পেটচলা ৰোগৰ ক্ষেত্ৰত ফলপ্ৰসূতা সম্পৰ্কে লিখা আছে । এই গৱেষণাটো মানুহৰ ক্ষেত্ৰত নাছিল আৰু ক'ৰনা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই ।

Screenshot, Science Direct

Original Link- Science Direct

আমি এই বিষয়ে দা ৱায়াইৰৰ বিজ্ঞান শিতানত এক ৰিপৰ্ট প্ৰকাশ হোৱা দেখিলোঁ য'ত উল্লেখ আছে যে ক'ভিদ-১৯ৰ বিৰুদ্ধে হোমিয়'পেথিক দৰৱৰ বিশেষ কাম নাই আৰু উক্ত দৰৱ বিধ সেৱন কৰি মানুহে ভূলকৈ নিজৰ দেহত ক'ভিদ-১৯ৰ পৰা বাচিবলৈ ক্ষমতা আহিলে বুলি ভাবি পাছত বিপদত হে পৰিব পাৰে । Original Link- The Wire

বিশ্ব স্বাস্থ্য সংস্থায়ে ক'ৰনা ভাইৰাছৰ বিষয়ে ভাইৰেল হোৱা বিভিন্ন ভুৱা তথ্যৰ সম্পৰ্কে এক লিখনি প্ৰকাশ কৰিছে । ইয়াৰ এটা ভুৱা তথ্য হৈছে যে ক'ৰনা ভাইৰাছৰ প্ৰতিকাৰক ঔষধ আছে । তাত তেওঁলোকে আৰু লিখিছে যে কিছু ক্লিনিকেল ট্ৰায়েল এতিয়াও চলি আছে আৰু সময়ত এই সম্পৰ্কে অৱগত কৰা হব । এতিয়ালৈকে এই ৰোগৰ কোনো দৰৱ ওলোৱা নাই বুলি তেওঁলোকে স্পষ্ট কৰি দিছে ।

Original Link- WHO

ফলাফল

আৰ্চেনিকাম এলবাম ৩০ নামৰ ঔষদটো ক'ৰনা ভাইৰাছ ৰোগৰ প্ৰতিকাৰক নহয় । ভাইৰেল হোৱা মেছেজটো মিছা হয় আৰু জনসাধাৰণক অনাহকত বিপদত পেলাব পাৰে । ক'ৰনা ভাইৰাছ ৰোগৰ কোনো দৰৱ এতিয়ালৈকে ওলোৱা নাই ।

Avatar

Title:আৰ্চেনিকাম এলবাম ৩০ নামৰ দৰৱটো খালে ক'ৰনা ভাইৰাছ ৰোগৰ পৰা বাচিব পাৰি নেকি?

Fact Check By: Manjori Borkotoky

Result: False