বিভিন্ন সংবাদ প্ৰতিস্থান আৰু ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ' বহুলভাৱে শ্বেয়াৰ কৰিছে যে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে মঞ্চত কৈছে যে মোগলে ৮০০বছৰ দেশত ৰাজত্ব কৰিছিল আৰু তেওঁ অসমক ইছলামিক ৰাষ্ট্ৰ বনাব। দেশত এজনো হিন্দু নাথাকিব, যদি তেওঁলোকৰ মহাযোটবন্ধন শাসনলৈ আহে। Original Link- Facebook | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াত সত্যতা নিৰূপনৰ সিদ্ধান্ত ল'লো আৰু আমি জানিব পাৰিলো যে সেই নিৰ্দিষ্ট ভাইৰেল ভিডিঅ"টো এটা সম্পাদিত ভিডিঅ'। তেওঁৰ ভাষণৰ নিৰ্বাচিত অংশ এডিট কৰি কাটি উলিয়াই প্ৰসংগ সলনি কৰি প্ৰস্তুত কৰা হৈছে আৰু ভাইৰেল কৰা হৈছে।

তেওঁ আচলতে কৈছিল যে মোগলে ৮০০বছৰ দেশত ৰাজত্ব কৰিছিল যদিও কেতিয়াও ভাৰত দেশক ইছলামিক দেশ বনাব চেষ্টা কোনেও কৰা নাই । এনে কৰাহেঁতেন দেশত আজিৰ দিনত এজনো হিন্দু নাথাকিলহেঁতেন।

সত্যতা নিৰূপন পদ্ধতি:

আমি কেইটামান প্ৰাসংগিক শব্দ লৈ টুইটাৰত ছাৰ্চ কৰি মূল ভিডিঅ'টো বিচাৰি উলীয়ালোঁ আৰু দেখিলোঁ যে ভিডিঅ'টোত আজমলে আচলতে কৈছিল যে মোগলে ৮০০বছৰ দেশত ৰাজত্ব কৰিছিল যদিও কেতিয়াও ভাৰত দেশক ইছলামিক দেশ বনাব চেষ্টা কোনেও কৰা নাই । এনে কৰাহেঁতেন দেশত আজিৰ দিনত এজনো হিন্দু নাথাকিলহেঁতেন ।

আমি ইউিউবত মূল ভিডিঅ'টো বিচাৰি পালোঁ য'ত ৫:৫০ মিনিটৰ পাছত উক্ত বক্তব্য আছে ।

আমি তদুপৰি দেখিলোঁ যে কেইবাটাও স্থানীয় চেটেলাইট চেনেলে এতিয়া বাতৰি প্ৰকাশ কৰিছে য'ত উল্লেখ কৰা হৈছে যে ভাইৰেল ভিডিঅ'টো আচলতে সম্পাদিত হয় আৰু আজমলে তেনেকুৱা কোনো দাবী কৰা নাই।

এই সম্পৰ্কে আজমলে সংবাদ মাধ্যমৰ আগত কিছু সময়ৰ আগত স্পষ্ট কৰিছে যে তেওঁ তেনেকুৱা কোনো কথা কোৱা নাছিল। তেওঁৰ কথাখিনি সম্পাদনা কৰি বিকৃত কৰি অপ্ৰাসংগিকৰূপত উপস্থাপন কৰা হৈছে। তেওঁ আজি এই বিষয়ে গোচৰ তৰিব।

Ajmal Prag.png

Original Link- Facebook | Archived Link

ফলাফল:

নিৰ্দিষ্ট ভিডিঅ'টো সম্পাদনা কৰা এটা অপ্ৰাসংগিক ভিডিঅ' আৰু আজমলৰ কথাখিনি বিকৃত ৰূপত উপস্থাপন কৰা হৈছে। তেওঁ কৈছিল যে মোগলে ৮০০বছৰ দেশ শাসন কৰিও দেশখনক ইছলামিক দেশ বনাব সাহস কৰা নাছিল। এনে কৰাহেঁতেন দেশত আজিৰ দিনত এজনো হিন্দু নাথাকিলহেঁতেন ।

Avatar

Title:বদৰুদ্দিন আজমলে অসমক ইছলামিক ৰাষ্ট্ৰ বনাব বুলি কোৱা নাই!

Fact Check By: Manjori Borkotoky

Result: Altered