অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু অসমত এতিয়া নিৰ্বাচনৰ বতাহ বাৰুকৈয়ে বলিছে। ছ'চিয়েল মিডিয়াত বিভিন্ন ৰাজনৈতিক নেতা আৰু তাৰকাই ৰাজনৈতিক দলত যোগদান কৰা আৰু দল সলনি কৰা বাতৰিয়ে ভৰি পৰিছে।

শেহতীয়াভাৱে বিভিন্ন নিউজ চেনেল আৰু পোৰ্টেলে কৰা এক দাবী অনুসৰি অসমৰ জনপ্ৰিয় গায়িকা দীপলিনা ডেকাই অসমৰ পৰা গঠন হোৱা নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰিব। বিভিন্ন ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সেই বাতৰিসমুহৰ স্ক্ৰিনশ্বট লৈ ফেচবুক পোষ্ট কৰা দেখা গৈছে।

Deeplina fb.png

Original Link- Facebook | Archived Link | Archived Video Link

আমি ফেক্টক্ৰেছেণ্ডো অসমীয়াই সিদ্ধান্ত গ্ৰহন কৰিলো যে আমি ইয়াৰ সত্যতা নিৰূপন কৰিম আৰু আমি জানিব পাৰিলো যে গায়িকাগৰাকীয়ে কোনো ৰাজনৈতিক দলত যোগদান নকৰে আৰু এয়া এক মিছা বাতৰি।

সত্যতা নিৰূপন পদ্ধতি

আমি গায়িকা দীপলিনা ডেকাৰ সৈতে যোগাযোগ কৰিলো আৰু তেওঁ স্পষ্ট কৰি দিছে যে তেওঁ অসম জাতীয় পৰিষদত যোগদান নকৰে। এয়া এক মিছা বাতৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে।

তেওঁ কয়- মই এতিয়ালৈ কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই। এইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন খবৰ। কোনো সত্যতা নথকা এনেকুৱা খবৰ এৰাই চলা উচিত!"

আমি কেইটামান প্ৰাসংগিক শব্দ লৈ গুগল আৰু ফেচবুক ছাৰ্চ কৰি চালো আৰু আমি দেখিলোঁ যে তেওঁ বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি ইতিমধ্যে এই সম্পৰ্কে স্পষ্টিকৰণ দিছে যে তেওঁ কোনো দলতে যোগ দিয়া নাই।

Deeplinanews.png

Original Link- Facebook | Archived Link

ফলাফল

গায়িকা দীপলিনা ডেকাই অসম জাতীয় পৰিষদ বা আন কোনো দলতেই যোগ দিয়া নাই আৰু অতি শীঘ্ৰে দিয়াৰ সম্ভাৱনাও নাই। দাবীটো মিছা আৰু ইয়াক অসত্য খবৰ বুলিব পাৰি।

Avatar

Title:গায়িকা দীপলিনা ডেকাই অসম জাতীয় পৰিষদ দলত যোগদান নকৰে।

Fact Check By: Manjori Borkotoky

Result: False