
শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে অসমৰ বিজেপি মন্ত্ৰী পিযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱায়ে এক ভাষণত ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কৈছে ।
Original Link- Facebook | Archived Link
এই ধৰণৰ বিভিন্ন ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে আৰু ফেচবুক এক প্ৰকাৰ ভৰি পৰিছে ।
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই এই ভাইৰেল ভিডিঅ’ তথা পোষ্টবোৰত কৰা দাবী বোৰৰ সত্যতা সম্পৰ্কত এক অনুসন্ধান কৰাৰ সিদ্ধান্ত ললো আৰু জানিব পাৰিলো যে আইমী বৰুৱায়ে আচলতে ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কোৱা নাছিল বৰঞ্চ তেওঁ বছৰ বছৰ ধৰি অসম তথা ভাৰতত বসবাস কৰি থকা বঙালী সম্প্ৰদায়ৰ লোকসকলক ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নামানিলে অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কৈছিল । আমি এই সম্পৰ্কত উক্ত ভাষণটোৰ অসম্পদিত সম্পূৰ্ণ ভিডিঅ’টো বিচাৰি উলিয়াবলৈ সক্ষম হলোঁ য’ত সকলো স্পষ্ট হৈ পৰিছে যে ভাইৰেল হোৱা ভিডিঅ’টো আচলতে প্ৰকৃত ভিডিঅ’টোৰ এক বিকৃত বা এডিট কৰা ৰূপ হয় ।
সত্যতা নিৰূপন পদ্ধতি:
আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি ফেচবুকত চাৰ্চ কৰিলোঁ আৰু উক্ত ভাষণটোৰ অসম্পদিত সম্পূৰ্ণ ভিডিঅ’টো বিচাৰি উলিয়াবলৈ সক্ষম হলোঁ । ভাইৰেল হোৱা ভিডিঅ’টো যে আচলতে প্ৰকৃত ভিডিঅ’টোৰ এক বিকৃত বা এডিট কৰা ৰূপ হয় সেইয়া অসম্পদিত সম্পূৰ্ণ ভিডিঅ’টো চালেই স্পষ্ট হৈ পৰিছে ।
Original Link: Facebook | Archived Link
ইয়াৰ উপৰিও আমি এই সম্পৰ্কে আইমী বৰুৱাৰ সৈতে যোগাযোগ কৰিলোঁ । তেওঁ আমাৰ আগত স্পষ্ট কৰিলে যে তেওঁ আচলতে সেই কথা খিনি তেওঁ উক্ত মিটিং খনত উপস্থিত থকা বঙালী সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যে হে কৈছিল । ভাইৰেল হোৱা ভিডিঅ’টো যে আচলতে প্ৰকৃত ভিডিঅ’টোৰ এক বিকৃত বা এডিট কৰা ৰূপ হয় সেইয়াও তেওঁ লগতে উল্লেখ কৰিছে ।
আমি দুয়োটা ভিডিঅ’ তুলনা কৰি চালোঁ আৰু দেখিলোঁ যে ভাইৰেল হোৱা ভিডিঅ’টো আচলতে প্ৰকৃত ভিডিঅ’টোৰ এক বিকৃত বা এডিট কৰা ৰূপ হয়
ফলাফল
আইমী বৰুৱায়ে আচলতে ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কোৱা নাছিল বৰঞ্চ তেওঁ বছৰ বছৰ ধৰি অসম তথা ভাৰতত বসবাস কৰি থকা বঙালী সম্প্ৰদায়ৰ লোকসকলক ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নামানিলে অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কৈছিল ।ভাইৰেল হোৱা ভিডিঅ’টো আচলতে প্ৰকৃত ভিডিঅ’টোৰ এক বিকৃত বা এডিট কৰা ৰূপ হয় ।

Title:FACT CHECK: আইমী বৰুৱায়ে ‘কা’ নমনা লোকক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কোৱা নাছিল!
Fact Check By: Manjori BorkotokyResult: Altered
