শেহতীয়াভাবে বাংলাদেশত হৈ যোৱা ৰাজনৈতিক অস্থিৰতা আৰু পট পৰিৱৰ্তনে অসমৰ সংবাদ জগত আৰু সামাজিক মাধ্যমক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। বিশেষকৈ বাংলাদেশ সম্পৰ্কত ভাইৰেল হৈ পৰা বিভিন্ন ফটো আৰু ভিডিঅ’ ভুৱা বা বিভ্ৰান্তিকৰ হিচাপে পৰিপন্ন হৈছিল। বিভিন্ন মিছা খবৰ বিয়পি কৰিছিল। আনকি সাম্প্ৰদায়িক দিশ সাঙুৰি মিছা আৰু বিভ্ৰান্তিকৰ খবৰ বিয়পি পৰিছিল। তাৰে বিভিন্ন ভুৱা আৰু বিভ্ৰান্তিকৰ খবৰৰ সত্যাসত্য আমি ফেক্ট ক্ৰেছেণ্ডোৱে নিৰূপণ কৰিছিলোঁ। আমি উচিত তথ্য আৰু প্ৰমাণেৰে দাঙি ধৰিছিলোঁ,যে ভাইৰেল হৈ পৰা বিভিন্ন ফটো আৰু ভিডিঅ’ আচলতে মিছা তথ্যৰে বিয়পোৱা হৈছে। এই লেখাত তেনেকুৱা কিছু সত্যতা নিৰূপণ একত্ৰ কৰি এক বিশ্লেষণ আগবঢ়োৱাৰ যতন কৰা হৈছে।
চলিত বৰ্ষৰ আগষ্ট মাহৰ অৰ্থাত এই মাহৰ প্ৰথমটো সপ্তাহতে অসমৰ সামাজিক মাধ্যমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰি ফটোখনেৰে দাবী কৰা হৈছিল যে বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে।
এনেধৰণৰ পোষ্ট ইয়াতো চাব পাৰিব।
আমাৰ অনুসন্ধানৰ পৰা আমি নিশ্চিত হৈছিলোঁ যে ভাইৰেল হোৱা দাবীটো মিছা মিছা আছিল। প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া ঘৰটো বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ নহয় বৰং বাংলাদেশৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা আৱামী লীগৰ সাংসদ মাছৰাফে মোৰ্তাজাৰহে।
আমি সত্যতা নিৰূপণ কৰি সেই দাবীৰ আঁৰৰ প্ৰকৃত সত্য উন্মোচন কৰা আমাৰ সেই প্ৰতিবেদন আপোনালোকে ইয়াক ক্লিক কৰি পঢ়িব পাৰিব।
বাংলাদেশত সংঘটিত হোৱা সংঘৰ্ষত প্ৰায় ১০০ জন লোকৰ মৃত্যু হোৱাৰ পাছত ছাত্ৰ কৰ্মীসকলে ৰাজধানী ঢাকালৈ পদযাত্ৰাৰ আহ্বান জনাইছিল। আনকি বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতিৰ বাসগৃহতো লুটপাত কৰিছিল। ছ’চিয়েল মিডিয়াত ঢাকাৰ সেই সময়ৰ অনিশ্চিত পৰিস্থিতি দেখুওৱা বুলি আন কিছুমান ফটো আৰু ভিডিঅ’ বিয়পি পৰে। তেনে এখন ফটোৰে দাবী কৰা হৈছিল যে তাত শ্বেখ হাছিনাৰ শোৱা কোঠাত প্ৰতিবাদকাৰীক শুই থকা দেখা গৈছে।
আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈ সেই ফটোখন প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেয়া বাংলাদেশৰ বিদায়ী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শোৱনী কোঠাত প্ৰতিবাদকাৰীয়ে বিচনাত শুই থকা বুলি দাবী কৰিছিল।
তেনেকুৱা আন কিছুমান ফেচবুক পোষ্টো আমি লাভ কিৰিছিলোঁ, যিয়ে একেটা দাবীকেই উত্থাপন কৰিছিল তলত সেই পোষ্ট আৰু তাৰ আৰ্কাইভ লিংক দিয়া হৈছে।
আমাৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছিল যে দাবীটো মিছা। ফটোখন ২০২২ চনত শ্ৰীলংকাত তদানীন্তন ৰাষ্ট্ৰপতি ৰাজাপাকছেই পলায়ন কৰাৰ পাছত বিক্ষোভকাৰীয়ে তেওঁ বিচনাত শুই থকা সময়ৰ। শেহতীয়াকৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰা সময়ৰ নহয়।
আমি কৰা সেই সত্যতা নিৰূপণ আপোনালোকে ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।
আনফালে আন এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছিল এগৰাকী মৃতপ্ৰায় ব্যক্তিক এটা মূৰ্তিত ওলোমাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছে কিছুমান লোকে। দাবী কৰা হৈছিল যে এই ব্যক্তিজন হিন্দু আৰু তেওঁক মুছলমান লোকে বাংলাদেশত এইদৰে অত্যাচাৰ কৰিছে।
কিন্তু আমাৰ অনুসন্ধানত স্পষ্ট হৈ পৰিল যে যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টোত বাংলাদেশৰ মুছলমানে হিন্দু ব্যক্তিক অত্যাচাৰ কৰা নাই। বৰং ভিডিঅ’টোত থকা ব্যক্তিজন ঝিনাইদহ সদৰ উপজিলা আৱামী লীগৰ সাধাৰণ সম্পাদক তথা স্থানীয় পোৰাহাটী সংঘৰ অধ্যক্ষ শ্বাহিদুল ইছলাম হিৰণ আছিল যাৰ মৃতদেহ পাইৰা চাত্তাৰত ওলোমাই থোৱা হৈছিল। এই ঘটনাটোৰ কোনো সাম্প্ৰদায়িক দিশ নাই।
আমাৰ সেই প্ৰতিবেদন আপোনালোকৰ বাবে ইয়াত আগবঢ়ালোঁ।
আনফালে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল য’ত এটা বিশেষ ভৱনত জুই লগা দেখা গৈছিল। দাবী কৰা হৈছিল যে এইটো বাংলাদেশৰ এটা হিন্দু মন্দিৰ আৰু মুছলমানে সেই মন্দিৰটো জ্বলাই দিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছিল এইদৰে-,”বাংলাদেশত মন্দিৰ জ্বলাই দিয়া হল । হিন্দুৰ অস্তিত্ব বিপন্ন । সমগ্ৰ বিশ্বত৫৮খন ইছলামিক ৰাষ্ট্ৰ থকা পিছত শ্বেখ হাচিনা শেষ আশ্ৰয় ভাৰত”।
কিন্তু আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰিলোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত জুইত লগা ভৱনটো বাংলাদেশৰ হিন্দু মন্দিৰ নহয় বৰং সাতক্ষীৰা জিলাৰ কালাৰোৱাৰ ‘ৰাজ প্ৰাসাদ’ নামৰ এখন ৰেষ্টুৰেণ্টহে। আমাৰ সেই প্ৰতিবেদন আমি ইয়াত সংলগ্ন কৰিছোঁ আপোনালোকৰ সুবিধাৰ্থে।
তাৰ পাছতে মুছলমান টুপী পৰিহিত কিছু লোকে এখন পকী তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। দাবী কৰা হয় যে বাংলাদেশত এইদৰে মুছলমানে হিন্দুৰ মন্দিৰ ভাঙিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছিল এইদৰে, “বাংলাদেশত এফালৰ পৰা জ্বলাই বা ভাঙি দিয়া হৈছে হিন্দুৰ মন্দিৰ।হিংসাত্মক প্ৰতিবাদৰ মাজতে চলিছে হিন্দুৰ ওপৰত অত্যাচাৰ”।
কিন্তু আমাৰ অনুসন্ধানৰ স্পষ্ট হৈ পৰে যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো পুৰণি আৰু বাংলাদেশৰ নহয় বৰং ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰহে। তদুপৰি এই ভিডিঅ’টোত দেখুওৱা তোৰণখন মন্দিৰৰ নহয় এটা দৰগাহৰহে যিটো মুছলমান লোকেই ভাঙি এটা মছজিদ বনোৱাৰ পৰিকল্পনা কৰিছিল।
আমাৰ সেই সত্যতা নিৰূপক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
কেৱল ইমানেই নহয় কিছুমান পোষ্টত দেখা গৈছিল যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমুৰ্তিৰ ভগ্ন মূৰ এটাৰ ফটো আপলোড কৰি বাংলাদেশৰ শেহতীয়া অশান্তিত কোনো চক্ৰই ভাঙি পেলাৱো বুলি দাবী কৰিছিল।
কিন্তু অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ৰবীন্দ্ৰনাথৰ মুৰ্তিৰ চিন্নমুণ্ডৰ যিখন ফটো আৰু মুখত টেপ লগোৱা প্ৰতিমুৰ্তিৰ যিটো ভিডিঅ’ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বুলি ভাইৰেল কৰা হৈছে, সেয়া আচলতে পুৰণি। ২০২৩চনৰে। বৰ্তমানৰ লগত তাৰ কোনো সম্পৰ্ক নাই।
ইয়াৰ পাছত একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছিলোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছিল যে ভিডিঅ’টোত বাংলাদেশত মুছলমান মহিলাই হিন্দু মহিলাক অত্যাচাৰ কৰা দেখা গৈছে।
কিন্তু অনুসন্ধানত স্পষ্ট হৈ পৰিছিল যে দাবীটো মিছা। ভিডিঅ’ত দেখা ঘটনাটোৰ কোনো সাম্প্ৰদায়িক দিশ নাই। সেয়া ২০২৪ৰ জুলাই মাহত বদৰুন্নেছা মহাবিদ্যালয়ত হোৱা আক্ৰমণৰ এক ঘটনাক উচটনি দিয়াৰ দোষত দুই ছাত্ৰলীগ নেত্ৰীক অইন ছাত্ৰীয়ে খুটাত বান্ধি শাস্তি দিয়া দৃশ্যহে। সেই প্ৰতিবেদন আপোনালোকৰ বাবে আমি ইয়াত সংলগ্ন কৰি দিছোঁ।
তদুপৰি বাংলাদেশত হিন্দু মহিলাক অত্যাচাৰ কৰা বুলি দাবী কৰি আন কিছুমান ভিডিঅ’ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰা দেখা গৈছিল। এটা ফেচবুক ভিডিঅ’ পোষ্টত তেনেকুৱা দুটা ভিডিঅ’ সংলগ্ন কৰি আপলোড কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে সেয়া বাংলাদেশত হিন্দু মহিলাৰ ওপৰত কৰা অত্যাচাৰৰ দৃশ্য। পোষ্টটোত লিখিছিল-*বাংলাদেশত ছাত্ৰ আন্দোলনৰ নামত সংখ্যালঘু হিন্দু মহিলাৰ ওপৰত নিৰ্যাতন*।
আমাৰ অনুসন্ধানত স্পষ্ট হৈ পৰে যে দাবীটো মিছা। মহিলা দুগৰাকী হিন্দু মহিলা নহয়। দুয়ো মুছলমান আৰু দুয়ো বাংলাদেশ ছাত্ৰলীগৰ নেত্ৰী। আমাৰ অনুসন্ধানমূলক সেই লেখা ইয়াত পঢ়ক।
তাৰ মাজতে ধূলি-বালি আৰু ছাইৰে লুতুৰি-পুতুৰি এটি শিশু ফুটপাথত বহি থকাৰ এক দৃশ্য আমি ফেচবুকত পালোঁ। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছিল এইদৰে- “Bangladesh ভাৰতবৰ্ষ বিশ্বগুৰু বিশ্বৰ শক্তিশালী নেতা Narendra Modi কিন্তু বাংলাদেশৰ হিন্দু নিৰ্যাতন তেঁওলোকৰ চকুৰে নেদেখে ”
আন এটা ফেচবুক পোষ্ট ইয়াত চাব পাৰিব। Archived Link
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰিলোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টোত দেখা গৈছে ২০২৪ চনৰ জুলাই মাহত গাজাৰ নুচেইৰাট কেম্পত ইজৰাইলৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱা এটা শিশু।বাংলাদেশৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
সেই সত্যতা নিৰূপক প্ৰতিবেদন ইয়াতে পঢ়িব পাৰিব।
আগষ্ট মাহৰ মাজভাগত বাংলাদেশত এগৰাকী হিন্দু মহিলাক বলপূৰ্বক অপহৰণ কৰি লৈ যোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছিল যে কেইজনমান মানুহে এগৰাকী মহিলাকে ডাংকোলাকৈ লৈ আনি গাড়ী এখনত উঠাইছে আৰু ভিডিঅ’ত মহিলাগৰাকীয়ে চিঞৰি উঠাও শুনা গৈছিল। এজন ব্যৱহাৰকাৰীয়ে ফেচবুকত সেই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছিল- বাংলাদেশত অসুৰক্ষিত হিন্দু মহিলা,দিন দুপৰে নোয়াখালী দুলাল চন্দ্ৰ পালৰ কন্যাক এইদৰে উঠাই লৈ যায়।
সেই ভিডিঅ’টো প্ৰায় ৪ লাখৰো অধিক লোকৰ মাজত ব্যাপকভাৱে বিয়পি কৰা দেখা গৈছে।
একেই দাবীৰে আন এটা ফেচবুকত পোষ্টত ভিডিঅ’টো আপলোড কৰি লিখিছে- ভয়ংকৰ দৃশ্য।বাংলাদেশত অসুৰক্ষিত হিন্দু মহিলা,দিন দুপৰে নোয়াখালী দুলাল চন্দ্ৰ পালৰ কন্যাক এইদৰে উঠাই লৈ যায়।
আন এটা ফেচবুক পোষ্টটো সেই একেই দাবীৰে একেই ভি়ডিঅ’ আপলোড কৰা হৈছে।
কিন্তু অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো আচলতে দুই বিচ্ছেদিত হিন্দু স্বামী-স্ত্ৰীৰ মাজত হোৱা বিবাদৰ ফলশ্ৰুতিত উদ্ভৱ হোৱা এক ঘটনাৰ দৃশ্য হে। ইয়াৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সৈতে সম্পৰ্ক কিম্বা হিন্দু-মুছলমান কেন্দ্ৰীক কোনো দিশ নাই। সেই প্ৰতিবেদন আমি আপোনালোকৰ সুবিধাৰ্থে ইয়াত সংলগ্ন কৰিছোঁ।
ইয়াৰ মাজতে এক বিশাল সমাবেশৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত, য’ত সমাবেশকাৰীসকলে গেৰুৱা পোছাক পৰিধান কৰিছে। ভিডিঅ’টোৰ আমাৰ হোৱাটচএপ নম্বৰলৈ(9049053770) প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে লিখিছিল যে এয়া বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ প্ৰতিবাদৰ দৃশ্য।
কিন্তু আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো পুৰণি আৰু বাংলাদেশৰ হিন্দুসকলৰ সমাবেশৰ নহয়। এই ভিডিঅ’টো বাংলাদেশৰ ছাত্ৰ লীগৰ সমাবেশৰহে। সেই লেখাটো আমি ইয়াত সংলগ্ন কৰিলোঁ।
আন এটা ভিডিঅ”টোত দেখা গৈছে যে কোনো এক সীমান্তত কাইটীয়া তাঁৰৰ দুয়োপাৰে অসংখ্য লোক ভিৰ কৰিছেহি। দাবী কৰা হৈছে যে ভাৰত-বাংলাদেশ সীমান্তৰে এনেকৈ অসংখ্য বাংলাদেশী লোকে অসমত সোমাব খুজিছে।
আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈও ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই একেই দাবী কৰিছিল।
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছিল যে দাবীটো মিছা। ভাৰত-বাংলাদেশ সীমান্তৰ মিলন মেলাৰ এটি পুৰণি ভিডিঅ’ ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে। বাংলাদেশৰ পৰা অসম সীমান্তৰে হাজাৰ হাজাৰ লোকৰ অনুপ্ৰৱেশৰ ভিডিঅ’ নহয় এইটো। সেই লেখাটো ইয়াত পঢ়িব পাৰিব।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তন আৰু তাৰ পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত ভুল,ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্যৰ জোৱাৰ। এক সামগ্ৰিক লেখা।
Fact Check By: Pranjal SharmaResult: Insight
