
শেহতীয়াভাবে অসমত এটা খবৰ বিয়পিছে যে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেভিদ মিলাৰে টি২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ মেছেজ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই তথ্য সত্য নে অসত্য জানিবলৈ বিচাৰিছিল।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমতে আমি সেই বিষয়ত গুগলত অনুসন্ধান কৰোতে ডেভিদ মিলাৰে তেওঁৰ ইনষ্টাগ্ৰামৰ ষ্টোৰীত ক্ৰিকেট শিতানত উল্লেখ কৰা দেখিলোঁ যে তেওঁ সেই খবৰ অস্বীকাৰ কৰিছে। তেওঁ লিখিছে যে কিছুমান খবৰ ওলাইছে যে তেওঁ টি২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কিন্তু সেয়া সত্য নহয়, তেওঁ টি২০ ক্ৰিকেট খেলি যাব।
ইয়াৰ পূৰ্বে তেওঁ শেহতীয়া টি২০ বিশ্বকাপৰ ফাইনেলত পৰাজিত হোৱা কথাটোক লৈ দুখ প্ৰকাশ কৰিছিল। তেওঁৰ বাবে সেয়া এক হজম কৰিব নোৱাৰা সত্য বুলি তেওঁ উল্লেখ কৰিছিল
সমান্তৰালভাৱে আমি কিছুমান সংবাদ মাধ্যমে ডেভিদ মিলাৰৰ অৱসৰৰ উৰাবাতৰি সম্পৰ্কে প্ৰকাশ কৰা বাতৰি কিছুমান লাভ কৰিলোঁ। দ্য টাইমছ অৱ ইণ্ডিয়াই এই বিষয়ে বাতৰি প্ৰকাশ কৰিছিল। উল্লেখ কৰা হৈছিল যে সেই বাতৰি অসত্য। ডেভিদ মিলাৰে অৱসৰ ঘোষণা কৰা নাই।
তদুপৰি হিন্দুস্থান টাইমছে এই বিষয়ত কৰা বাতৰি আপোনালোকে ইয়াত পঢ়িবলৈ পাৰিব।
ডেভিদ মিলাৰৰ নিজৰ স্পষ্টীকৰণ তথা প্ৰতিস্থিত নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থানৰ বাতৰিৰ ভিত্তিত এই কথা সত্য বুলি প্ৰমানিত হয় যে মিলাৰে টি২০ৰ পৰা অৱসৰ ঘোষণা কৰা কথাটো সত্য নহয়। এয়া এক উৰাবতৰি হে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ডেভিদ মিলাৰে টি২০ৰ পৰা অৱসৰ ঘোষণা কৰা কথাটো সত্য নহয়। এয়া এক উৰাবতৰি হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ডেভিদ মিলাৰে টি২০ৰ পৰা অৱসৰ ঘোষণা কৰা কথাটো সত্য নহয়। এয়া এক উৰাবতৰি হে।
Written By: Pranjal SharmaResult: False
