
২৪ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে। এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰমিকৰ সৈতে বহি খাদ্য খোৱাৰ ফটো ভাইৰেল হৈ পৰিছে। চ’চিয়েল মেডিয়াত ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাম মন্দিৰ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে খাদ্য গ্ৰহণ কৰি আছে।
অসমৰ ফেচবুকতো এই ফটোখন ব্যাপকভাৱে শ্বেয়াৰ হোৱা দেখা গ’ল এই কেপশ্বনেৰে,”শুনিছিলো হেনো তাজমহল বনোৱা শিল্পীসকলৰ হাত কাটি দিয়া হৈছিল৷ এয়া আমাৰ ভব্য প্ৰভু শ্ৰীৰাম মন্দিৰৰ শিল্পীসকলৰ লগত হিন্দুৰাষ্ট্ৰ ভাৰতবৰ্ষ ৰ প্ৰধান শিল্পীৰ আহাৰ গ্ৰহন 🙏🙏
#শ্ৰীৰাম_মন্দিৰ
#মোদী”।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ। তেতিয়া আমি প্ৰসাৰ ভাৰতী নিউজ চাৰ্ভিচেছৰ ফেচবুক পোষ্ট এটা পালোঁ। একেখন ভাইৰেল ফটো প্ৰসাৰ ভাৰতী নিউজ চাৰ্ভিচেছে ১৩ডিচেম্বৰ, ২০২১ তাৰিখে তেওঁলোকৰ অফিচিয়েল ফেচবুক একাউণ্টত আপলোড কৰিছিল।কেপচনত লিখা আছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ ধাম নিৰ্মাণৰ কামৰ লগত জড়িত শ্ৰমিকসকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল।

২০২১ চনৰ ১৩ ডিচেম্বৰৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰাণসীত উপস্থিত হৈছিল, য’ত তেওঁ বিশ্বনাথ কৰিডৰ ধাম উদ্বোধন কৰিছিল। উদ্বোধনীৰ পিছতে কাশী বিশ্বনাথ কৰিড’ৰক গঢ় দিয়া শ্ৰমিকসকলৰ সৈতে খাদ্য গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই সময়ছোৱাত তোলা এই ছবিখন চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰে।

চিএনএন-নিউজ১৮য়েও ১৩ ডিচেম্বৰ, ২০২১ তাৰিখে ফটো আৰু তথ্যৰ সৈতে অনুষ্ঠানটো সম্প্ৰচাৰ কৰিছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। এই ফটোখন ২০২১চনৰ, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ ধামৰ শ্ৰমিকসকলৰ লগত খাদ্য গ্ৰহণ কৰিছিল। এই ফটোখনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ফটোখনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই।
Written By: Debanjana BaishyaResult: Misleading
