
শেহতীয়াকৈ চ’চিয়েল মেডিয়াত মহাত্মা গান্ধীৰ এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত মহাত্মা গান্ধীৰ নিচিনা অৱয়বৰ এজন ব্যক্তিয়ে এগৰাকী মহিলাৰ লগত নৃত্য কৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে মহাত্মা গান্ধীয়ে এইদৰে মহিলাগৰাকীৰ লগত নৃত্য কৰি আছিল।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি আমি কিছু তথ্য পালোঁ। আমি ইণ্ডিয়া টাইমছৰ এক প্ৰতিবেদন পালোঁ য’ত উল্লেখ কৰা হৈছিল যে ফটোখনত মহাত্মা গান্ধীৰ নিচিনা পোছাক পৰিহিত ব্যক্তিজন আচলতে এগৰাকী অষ্ট্ৰেলিয়ান অভিনেতা।
এই একেধৰণৰ প্ৰতিবেদন ইয়াতো পঢ়িব পাৰিব।
ভাইৰেল ফটোখন ভালদৰে লক্ষ্য কৰি দেখিলোঁ যে মহাত্মা গান্ধী বুলি দাবী কৰা ব্যক্তিজনৰ দেহৰ গঠন আটিল, হাতত পেশী স্পষ্ট। আনহাতে মহাত্মা গান্ধী আছিল বহু পৰিমাণে ক্ষীণ। তদুপৰি মহাত্মা গান্ধীয়ে সদায় এক বিশেষ চেন্দেল পৰিধান কৰিছিল, যি আছিল তেওঁ নিজ হাতে নিৰ্মাণ কৰা।
তলত ভাইৰেল ফটোৰ ব্যক্তিজন আৰু মহাত্মা গান্ধীৰ মাজত তুলনা চাব পাৰিব।

এই সম্পৰ্কে আমাৰ ফেক্ট ক্ৰেছেণ্ড মাৰাঠীৰ এক ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখনত মহিলাৰ সৈতে নৃত্য কৰি থকা ব্যক্তিগৰাকী মহাত্মা গান্ধী নহয় বৰং এজন অষ্ট্ৰেলিয়ান শিল্পীহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ফটোখনত থকা ব্যক্তিগৰাকী মহাত্মা গান্ধী হয়নে?
Written By: FactCrescendo AssameseResult: False
