FACT CHECK: ভাইৰেল ফটোখনত থকা ব্যক্তিজন জন ফৰ্ড নহয় আৰু তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰা নাই!

False International

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে ফটোত দেখা পোৱা ব্যক্তিজন বিশ্বৰ অন্যতম ধনী ব্যক্তি জন ফৰ্ড হয় । দাবী কৰা হৈছে যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আৰু আৱেগিক হৈ তেওঁ এইদৰে কান্দি পেলাইছে । পোষ্টটোত থকা ফটোখনত এজন বৃদ্ধ ব্যক্তিয়ে কান্দি থকা দেখা গৈছে। 

উক্ত ফটোখন এই দাবীৰে সৈতে অসমতো শ্বেয়াৰ কৰা হৈছে । আব্দুল হাচিব নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এনে ধৰণৰ এক পোষ্ট ফেচবুকত অসমীয়াত “আমেৰিকাৰ আটাইতকৈ ধনী ব্যক্তি “জন ফৰ্ড” ৰ ১৯০ টা আমেৰিকাৰ চেনেল আছে,, আজি তেওঁ খৃষ্টান ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰে,, আলহামদুলিল্লাহ” শিৰোনামৰ সৈতে আপলোড কৰা হৈছে আৰু উক্ত পোষ্টটো বহুল ভাৱে শ্বেয়াৰ কৰা হৈছে । উল্লেখযোগ্য যে উক্ত পোষ্টটো বৰ্তমানলৈকে দুহেজাৰতকৈ অধিক বাৰ শ্বেয়াৰ কৰা হৈছে । 

Facebook Link | Archived Link

এই বিষয়ে সত্যতা নিৰূপণ কৰিবলৈ আমি সেইবাবে এক অনুসন্ধান কৰিবলৈ ঠিৰাং কৰিলোঁ । অনুসন্ধানত প্ৰকাশ পাইছিল যে দাবীটো ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ। ফটোত দেখা পোৱা ব্যক্তিজন জন ফৰ্ড নহয় বৰঞ্চ তেওঁ আন এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি হয় যি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল । এই বিষয়ে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে, আমি ভাইৰেল ফটোখন লৈ গুগলত এটা ৰিভাৰ্চ ইমেজ চাৰ্চ চলাইছিলো আৰু

ফলাফলবোৰৰ মাজত সংবাদ মাধ্যম খালিজ টাইমছৰ দ্বাৰা প্ৰকাশিত এক বাতৰি দেখা গৈছিল । 

Screenshot, Khaleej Times article

Khaleej Times Link

এই প্ৰতিবেদনখন পঢ়াৰ পিছত, আমি গম পাইছিলো যে ভাইৰেল ফটোখনত থকা ব্যক্তিজন জন ফৰ্ড নহয় বৰঞ্চ তেওঁ আন এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি হয় যি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এই ব্যক্তিয়ে ওমানত ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ সময়ৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল। মানুহজনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীত সেৱা আগবঢ়াই আছিল বুলি দাবী কৰা হৈছে।

আমি আন কেইবাটাও প্ৰতিবেদনত একেটা তথ্য জানিব পাৰিছিলো। এইটো স্পষ্ট হৈ পৰিছে যে এই ভাইৰেল ছবিখনৰ ব্যক্তিজন জন ফৰ্ড নহয়। তলত ভাইৰেল ছবি আৰু জন ফৰ্ডৰ ছবিৰ তুলনা কৰা হৈছে।

ফলাফল

তথ্যবোৰ পৰীক্ষা কৰি ফেক্ট ক্ৰেচেণ্ডোয়ে এই সিদ্ধান্তত উপনীত হৈছে যে ওপৰোক্ত দাবীটো অশুদ্ধ আৰু ভিত্তিহীন। ভাইৰেল ফটোখনত থকা ব্যক্তিজন জন ফৰ্ড নহয় বৰঞ্চ তেওঁ আন এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি হয় যি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ।

Avatar

Title:ভাইৰেল ফটোখনত থকা ব্যক্তিজন জন ফৰ্ড নহয় আৰু তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *