
শেহতীয়াকৈ কিছু সংখ্যক বোৰ্খা পিন্ধা ছোৱালী শাৰী পাতি থিয় হৈ থকা এখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এইটো দাবী কৰা হৈছে যে এই ছবিখন কেৰালাৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হয় । উক্ত ফটোখন এই দাবীৰে সৈতে অসমতো শ্বেয়াৰ কৰা হৈছে ।
আব্দুল হাচিব নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এনে ধৰণৰ এক পোষ্ট ফেচবুকত অসমীয়াত “এই ছবিখন কোনো ইছলামিক দেশৰ নহয়, এইখন ভাৰতবৰ্ষৰ কেৰেলাৰ ছোৱালী ইঞ্জিনিয়াৰিং ডিগ্ৰী মহাবিদ্যালয়ৰ, যতনেকি মুছলমান যুবতী সকলে দুনিয়া ও আখিৰাতৰ বাবেও জ্ঞান অৰ্জন কৰি আছে,,,❤” শিৰোনামৰ সৈতে আপলোড কৰা হৈছে আৰু উক্ত পোষ্টটো বহুল ভাৱে শ্বেয়াৰ কৰা হৈছে ।

ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই দাবীটো মিছা বুলি নিশ্চিত কৰিছে । উক্ত ভাইৰেল ফটোখন আচলতে উত্তৰ প্ৰদেশৰ এখন মহাবিদ্যালয়ত ৰাতিপুৱা সভাত উপস্থিত থকা ছোৱালীৰ ছবি হয় । এইয়া কোনোপধ্যেই কেৰেলাৰ ছবি নহয় ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে, আমি গুগলত এটা ৰিভাৰ্চ ইমেজ চাৰ্চ চলাইছিলো আৰু স্থানীয় চাৰ্চ ইঞ্জিন জাষ্ট ডায়েলৰ এটা লিংক দেখিছিলো। লিংকটো আজমগড়ৰ ফাতিমা গাৰ্লছ ইণ্টাৰ কলেজৰ বিষয়ে এটা পৃষ্ঠাৰ সৈতে সংযোগ কৰা হৈছে। Just Dial Link
আমি একেই ছবিৰ সন্ধানত ফাতিমা গাৰ্লছ ইণ্টাৰ কলেজৰ ফেচবুক পৃষ্ঠা দেখিছিলো ।
ফাতিমা গাৰ্লছ কলেজ এণ্ড স্কুলৰ ফেচবুক পৃষ্ঠাত কোৱা হৈছে যে বিদ্যালয়খন ২০০১ চনত স্থাপিত হৈছিল আৰু উত্তৰ প্ৰদেশ বোৰ্ডৰ সৈতে সংযুক্ত।
আমি একেটা ফেচবুক পৃষ্ঠাৰ মাজেৰে স্ক্ৰল কৰাৰ সময়ত এটা পোষ্ট পাইছিলো য’ত এখন বাতৰি কাকতৰ প্ৰৱন্ধত ভাইৰেল ফটোখন থকা দেখা গ’ল।

আমি প্ৰবন্ধটো বিচাৰিবলৈ এটা কীৱৰ্ড অনুসন্ধান চলাইছিলো আৰু ১২ নৱেম্বৰ, ২০১৭ তাৰিখে ইণ্ডিয়া নিউ ইংলেণ্ড নিউজৰ দ্বাৰা প্ৰকাশিত আজমগড়স্থিত মহাবিদ্যালয়ৰ বিষয়ে এটা প্ৰবন্ধত একেখন ফটো থকা লিংকটো বিচাৰি পাইছিলো যাৰ শিৰোনাম আছিল “পৰিৱৰ্তনৰ বতাহ: মুছলমান ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰে, উচ্চ লক্ষ্য ৰাখে।”

ফলাফল
ওপৰোক্ত তথ্যৰ পৰা এইটো স্পষ্ট হৈছে যে উত্তৰ প্ৰদেশৰ আজমগড়ৰ ফাতিমা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ এখন ফটো কেৰালাৰ বুলি ভুলকৈ শ্বেয়াৰ কৰা হৈছে।

Title:উত্তৰ প্ৰদেশৰ এখন মহাবিদ্যালয়ত ৰাতিপুৱা সভাত উপস্থিত থকা ছোৱালীৰ ছবি কেৰেলাৰ বুলি দাবী কৰা হৈছে!
Fact Check By: Manjori BorkotokyResult: False
