FACT CHECK: ব্ৰাজিলৰ ভিডিঅ’ জন্মু-কাশ্মীৰত পুলিচে এটা উগ্ৰপন্থীক ধৰাসায়ী কৰা বুলি প্ৰচাৰ কৰা হৈছে

False Social

এগৰাকী পুলিচে এজন মটৰ চাইকেল আৰোহীক ট্ৰাফিক ইন্টাৰচেকছনত ধৰাসায়ী কৰি পেলোৱা এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে সেয়া জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে পুলিচৰ গাড়ী এখনে মটৰচাইকেলখনক প্ৰায় খুন্দিয়াব ধৰিছে আৰু আৰোহীজনে পৰি গৈছে, সেই সময়তে পুলিচে কৰায়ত্ব কৰিছে। আৰোহীজনে পলাবলৈ চেষ্টা কৰে আৰু সেই সময়তে পুলিচে তাক বগৰাই ধৰে।

তেনেকুৱা এটা ছোচিয়েল মিডিয়া দাবী এইটো:

Original Link- Facebook | Archived Link

একেই দাবীৰে একেটা ভিডিঅ’ আমি আমাৰ ফেক্টলাইন নম্বৰ 9049053770ত সত্যতা নিৰূপনৰ বাবে লাভ কৰো। Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে দাবীটো অসত্য। ভিডিঅ’টো জম্মু-কাশ্মীৰৰ নহয়।

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি ভিডিঅ’টো সাৱধানে লক্ষ্য কৰি দেখিলো যে পুলিচৰ গাড়ীখনত স্পেনিছ ভাষাত Policia বুলি লিখা আছে। কিন্তু ভাৰতৰ পুলিচৰ গাড়ীত Policia  লিখা নাথাকে। Archived Video

ইয়াৰ পিছত আমি ইনভিড-ৱী ভেৰিফাই টুলত ভিডিঅ’টো স্প্লিট  কৰিলো কেইটামান কী-ফ্ৰেমত যাতে ভিডিঅ’টোৰ কেইটামান লিংক লাভ কৰিলো। 

ডেইলীমোছন নামৰ চাইটটোত ২০২১ৰ ১ আগষ্টত আপলোড হোৱা এটা লিংকৰ বিৱৰণত লিখা আছে,”পুলিচে খেদি যোৱাৰ পিছত এজন কিশোৰ বাইকাৰে মটৰ চাইকেলখন পুলিচৰ গাড়ীত খুন্দিয়ায় আৰু মাটিত বাগৰি পৰে। তাৰ পিছত তাক আটক কৰা হয়।”

Original Link- Dailymotion

আমি তদুপৰি ২০২১ৰ ৩মাৰ্চত ভাইজৰ ন’টিছিয়াত প্ৰকাশ হোৱা এটা বাতৰি পালো, যাৰ শীৰোনাম আছিল,”এজন কিশোৰে পলাবলৈ চেষ্টা কৰি পুলিচৰ গাতেই বাগৰি পৰিল”। বাতৰিটোত একেটা ঘটনাৰে এখন ফটো সংলগ্ন হৈ আছিল আৰু তাত লিখা হৈছিল পাৰাণাৰ পেৰলা চহৰত এজন ১৭বছৰীয়া কিশোৰে পুলিচৰ পৰা পলাইবলৈ চেষ্টা কৰিছিল কিন্তু এগৰাকী বিষয়াই কৰায়ত্ব কৰে।

Translated from Original Link- Visor Noticias

পেৰ’লা ব্ৰাজিলৰ পাৰাণাত আছে। 

Google Search Link

ফলাফল

আমাৰ সত্যতা নিৰূপনত প্ৰকাশ পালে যে পুলিছে এজন সন্ত্ৰাসবাদীক জম্মু কাশ্মীৰত ধৰাসায়ী কৰা নাই, ব্ৰাজিলতহে কৰিছে। গতিকে দৃশ্যটো শ্ৰীনগৰত লোৱা বুলি তোলা দাবীটো অসত্য।

Avatar

Title:ব্ৰাজিলৰ ভিডিঅ’ জন্মু-কাশ্মীৰত পুলিচে এটা উগ্ৰপন্থীক ধৰাসায়ী কৰা বুলি প্ৰচাৰ কৰা হৈছে

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *