Fact Check: এই ভাইৰেল ফটোকেইখন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অৰ্ণৱ গোস্বামীক মাৰধৰ কৰা ফটো নহয়!

False Social

অসমৰ ছ’চিয়েল মিডিয়াত দুখন ফটো ভাইৰেল হৈ পৰিছে, য’ত দাবী কৰিছে যে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে ওলোটাকৈ ওলমাই লৈ লঠিয়াইছে, মাৰিছে।  

দুগৰাকী ব্যক্তিক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত অভিযুক্ত কৰি বুধবাৰে মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজৰ জিম্মাত লৈছিল। ২০১৮চনৰ সেই গোচৰটো হৈ ইন্টেৰিয়ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকৰ মৃতদেহ তেওঁলোকৰ আলীগড়স্থিত ৰাইগড়ৰ বাসগৃত উদ্ধাৰ হোৱাৰ সময়ত লাভ কৰা চুইচাইড নোটৰ সন্দৰ্ভত। যত লিখা আছিল যে অৰ্ণৱ গোস্বামীয়ে কামৰ বিনিময়ত তেওঁলোকক দিবলগীয়া ধন নিদিয়াৰ ফলতেই তেওঁলোকে এই পথ লবলগীয়া হল। 

আই নিউজ নামৰ ফেচবুক পে’জত এক ফেচবুক পোষ্ট, 

“অৰ্ণৱ গোস্বামীক সচাকৈ মুম্বাই আৰক্ষীয়ে বেয়াকৈ মাৰিছে নেকি ? 

আপোনাৰ প্ৰতিক্ৰিয়া ?” বুলি শিৰোনামা দি উক্ত ভাইৰেল ফটো কেইখন আপলোড কৰা হৈছে । উক্ত ফেচবুক পোষ্টটো ৫ নৱেম্বৰ, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু বৰ্তমানলৈকে ২২ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু উক্ত পোষ্টটোত ৭০টা কমেণ্ট আছে ।

I news FB.png

Original Link- Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডোৱে পালে যে অৰ্ণৱ গোস্বামীৰ ফটো বুলি প্ৰচাৰ কৰা দাবীটো ভূৱা।আহক সত্যাসত্য জানি লওঁ। 

সত্যতা নিৰূপন পদ্ধতি

সৰ্ব প্ৰথমে আমি কীৱৰ্ডছ ব্যৱহাৰ কৰি ছাৰ্চ কৰিলোঁ আৰু ৰিপাব্লিক টিভিৰ এটা ভিডিঅ’ পালো যত দেখা গৈছিল অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীৰ দলটোৱে অৰ্ণৱ গোস্বামীক শাৰীৰিকভাৱে টনা আজোৰা কৰা দৃশ্য। ভিডিঅ’টো আৰু ভাইৰেল হোৱা ফটো দুখনৰ কোনো মিল নাই। 

I news Tweet.png

Screenshot Republic TV’s official Twitter Handle post

Original Link- Twitter | Archived Link

ইয়াৰ পিছত আমি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলো ফটো দুখন লৈ আৰু আমি এটা ২০২০চনৰ জানুৱাৰীৰ ভিডিঅ’ পালো য’ত দেখা গৈছিল উত্তৰ প্ৰদেশ অৰক্ষীয়ে মোবাইল চুৰি কৰাৰ অপৰাধত কৰায়ত্ব কৰা এজন যুৱকক অতি নিৰ্মমভাৱে মাৰধৰ কৰা দৃশ্য। সেইটোও ভাইৰেল হৈ পৰিছিল। ফটোদুখন হৈছে সেই ভিডিঅ’টোৰ পৰা লোৱা স্ক্ৰিনশ্বটহে। 

১০জানুৱাৰী, ২০২০ত প্ৰকাশিত বাতৰি মতে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, যিটোত দেখা গৈছে যে উত্তৰ প্ৰদেশৰ দেওৰীয়া অঞ্চলৰ এখন আৰক্ষী থানাৰ ভিতৰত তিনিজন আৰক্ষীৰ লোকে এজন লোকক বৰ্বৰভাৱে প্ৰহাৰ কৰিছে। 

I news 18.png

Screenshot News 18 Article

Original Link- News 18 | Archived Link

বাতৰিত প্ৰকাশ কৰা হৈছে উত্তৰ প্ৰদেশৰ দেওৰীয়া অঞ্চলৰ মদনপুৰ আৰক্ষী থানাত এজন গঞাৰ অভিযোগৰ ভিত্তিত সেই লোকজনক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল। সেই বাতৰিটো বিভিন্ন সংবাদ প্ৰতিস্থানে প্ৰচাৰ কৰিছিল। Original Link- NDTV | Archived Link

ফলাফল

ভাইৰেল ফটোবোৰ ৪নৱেম্বৰ ২০২০ত ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্ণৱ গোস্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত শাৰীৰিকভাৱে অপদস্ত কৰা বুলি সংবাদ প্ৰতিস্থানে কৰা বাতৰিৰ নহয়। ফটোবোৰ ২০২০চনৰ জানুৱাৰীত উত্তৰ প্ৰদেশত আৰক্ষীয়ে আন এজন লোকক কৰা অত্যাচাৰৰ হে হয় । 

Avatar

Title:এই ভাইৰেল ফটোকেইখন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অৰ্ণৱ গোস্বামীক মাৰধৰ কৰা ফটো নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *