
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ১৫ জুন, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেই দৃশ্যটো ব্ৰাজিলৰ এক শেহতীয়া হেলিকপ্তাৰৰ দুৰ্ঘটনাৰ চিচিটিভি ফুটেজ | সেই দুৰ্ঘটনাত বিখ্যাত গায়ক অলিভাৰ ট্ৰী নিহত হোৱা বুলি দাবী কৰা হৈছে। লিখিছে- ব্ৰাজিলৰ হেলিকপ্তাৰৰ ভয়ানক মূখামুখী সংঘৰ্ষৰ চিচিটিভি ফুটেজ | নিহত হল বিখ্যাত গায়ক অলিভাৰ

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৪ চনৰ এপ্ৰিল মাহ প্ৰকাশিত কেইবাটাও বাতৰি পালোঁ। তাত সেই ভিডিঅ’টো দেখুওৱা হৈছে, য’ত দুখন হেলিকপ্টাৰ আকাশত দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখা গৈছে। বাতৰি অনুসৰি ২০২৪ চনৰ ২৩ এপ্ৰিলত মালয়েছিয়াৰ লুমুটত সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত মালয়েছিয়াৰ নৌসেনাৰ দুখন হেলিকপ্টাৰ ধ্বংস হৈ দহজন জোৱানৰ মৃত্যু হৈছিল। NDTV Worldত ২০২৪ চনৰ ২৩ এপ্ৰিলত প্ৰকাশিত Video: 2 Military Choppers Collide Mid-Air In Malaysia, 10 Killed শীৰ্ষক বাতৰিটোত এই দৃশ্যাংশ আমি লাভ কৰিলোঁ।

CNNত একেটা দিনতে প্ৰকাশিত Malaysian navy helicopters collide in mid-air, killing 10 crew বাতৰিটোতো আমি একেই তথ্য আৰু দৃশ্য দেখিলোঁ।

তদুপৰি BBCৰ Ten dead as navy helicopters collide mid-air in Malaysia শীৰ্ষক বাতৰিটো আমি সেই দুৰ্ঘটনাটোৰ সবিশেষ তথ্য তথা সেই দৃশ্য লাভ কৰিলোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো ভিডিঅ’ ব্ৰাজিলত হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে মালয়েছিয়াত ২০২৪ চনত হোৱা এক পুৰণি হেলিকপ্তাৰ দুৰ্ঘটনাৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


