এই ভাইৰেল ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ নহয়!

False Social
Corramore.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ অসমত ফেচবুকৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন চাহ বাগানৰ মাজত এটুকুৰা মনমোহা মুকলি ঠাই দেখা গৈছে আৰু নাতি দূৰত এখন পাহাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এই ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ হয় । 

‘আছামিজ অনলাইন’ নামৰ এক ফেচবুক পেজৰ পৰা উক্ত ভাইৰেল ফটোখন ১১ আগষ্ট, ২০২০ তাৰিখে আপলোড কৰা হৈছে । উক্ত পোষ্টটো, “#PhotoCourtesyJun

বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা

চাহ বাগিছাৰ এই মনোৰম দৃশ্যৰে আজি

#সুপ্ৰভাত_অসম” বুলি শিৰোনামা দি আপলোড কৰা হৈছে আৰু উক্ত পোষ্টটো ভাইৰেল হৈ পৰিছে । 

বিভিন্নজনে উক্ত পোষ্টটোত কমেণ্ট কৰি এই বিষয়ে কিছু সন্দেহ প্ৰকাশ কৰা দেখা গৈছে । গতিকে আমি উক্ত ফেচবুক পোষ্টটোৰ সত্যতা নিৰূপণ কৰিবলৈ সিদ্ধান্ত ললো । সঁচাকৈ এই ভাইৰেল ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ হয় নেকি? সত্য কি? জানো আহক । 

প্ৰণালী

আমি উক্ত ভাইৰেল পোষ্টটোৰ কমেণ্টছ চেকচনত থকা কিছুমান কমেণ্টছৰ ওপৰত ভিত্তি কৰি কিছু বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ । আমি দেখিলোঁ যে উক্ত ভাইৰেল ফটোখনত দেখা ঠাইখনৰ এক ভিডিঅ‘ ইউটিউবত আপলোড কৰা আছে । উক্ত ইউটিউব ভিডিঅ’টোৰ বিৱৰণত স্পষ্টকৈ লিখা আছে যে এই ঠাইখন অসমৰ ওদালগুৰি জিলাত অৱস্থিত “ক’ৰাম’ৰ নামৰ চাহ বাগান তথা হেলিপেড” হয় । 

Corramore1.png

আমি এই বিষয়ে আৰু চাৰ্চ কৰাত গুগলত এই ঠাইখনৰ বিষয়ে বিতংকৈ তথ্য থকা দেখিবলৈ পালোঁ । জানিবলৈ ইয়াত ক্লিক কৰক । 

Corramore2.png

বোকাখাট আৰু ওদালগুৰিৰ দূৰত্ব প্ৰায় ১৭০ কিলোমটাৰ মান হয় । গতিকে উক্ত ভাইৰেল ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ হবই নোৱাৰে । 

ফলাফল

উক্ত ভাইৰেল ফটোখন ওদালগুৰি জিলাৰ এখন চাহ বাগিচাৰ হয় আৰু বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ নহয় । গতিকে উক্ত ফেচবুক পোষ্টটো ভুৱা হয় ।

Avatar

Title:এই ভাইৰেল ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *