
২০২৬ চনৰ ২০ এপ্ৰিলত জাপানৰ হনছুৰ ছানৰিকু উপকূলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। এই পৰিপ্ৰেক্ষিতত তিনিটা ভিন্ন দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য।
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ।
প্ৰথম দৃশ্যাংশ
প্ৰথম দৃশ্যাংশত দেখা গৈছে কোনো এক বিপনীত ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে আলমিৰা তথা আন বয়-বস্তু বগৰাই পেলাইছে আৰু তাত থকা এগৰাকী মহিলাই ভূমিকম্পৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মজিয়াত বহি আশ্ৰয় লৈছে।
প্ৰথম দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি ২০২৫ চনৰ ১ এপ্ৰিলত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত ২০২৫ চনৰ ২৮ মাৰ্চত ম্যানমাৰত হোৱা ৭.৭ প্ৰাৱল্যৰ ভূমিকম্পৰ দৃশ্য দেখা গৈছে।

একেটা ভিডিঅ’ আমি এটা ইউটিউব চেনেলত ২০২৫ চনৰ ৩১ মাৰ্চত আপলোড হোৱা দেখিলোঁ য’ত উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো ২০২৫ চনৰ মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পৰ সময়ৰ।
টাইমছ নাওৰ অফিচিয়েল ফেচবুক পেজতো এই ভিডিঅ’টো ২০২৫ চনৰ ২৮ মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পৰ বুলি উল্লেখ কৰি আপলোড কৰা হৈছিল।
ভিডিঅ’টোৰ স্ক্ৰীনৰ সোঁহাতে ওপৰৰ অংশত চিচি টিভিৰ টাইমষ্টেম্প আছে। তাত তাৰিখটো আছে ২৮ মাৰ্চ ২০২৫।
গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দৃশ্যাংশ ম্যানমাৰৰ পুৰণি ভূমিকম্পৰহে।
দ্বিতীয় দৃশ্যাংশ
দ্বিতীয় দৃশ্যাংশত আকাশৰ পৰা তোলা এক ভিডিঅ’ দেখা গৈছে য’ত সাগৰৰ বিশাল ঢৌৱে কাষৰীয়া এলেকা চুই গৈছে। এই দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি এই ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণ ২০২৫ চনৰ ৩০ জুলাইত এটা ফেচবুক পেজত আপলোড হোৱা দেখিলোঁ। কেপশ্বনত সেয়া ইন্দোনেছিয়াৰ দৃশ্য বুলি দাবী কৰা হৈছিল।

এই একেটা ভিডিঅ’ ২০২৫ চনৰ ৰাছিয়াৰ ভূমিকম্পৰ দৃশ্য বুলিও ভাইৰেল হৈছিল।
ৰয়টাৰৰ এক ফেক্ট চেক অনুসৰি এই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছিল। বৰ্তমান এই মূল ভিডিঅ’টো ইউটিউবত উপলব্ধ নহয়।
আমি যদিও এই ভিডিঅ’টো সম্পৰ্কে কোনো সঠিক তথ্য নাপালোঁ, এই ভিডিঅ’টো জাপানৰ শেহতীয়া ভূমিকম্পৰ বহু পূৰ্বৰে পৰা ইণ্টাৰনেটত উপলব্ধ বুলি আমি নিশ্চিত হ’লোঁ।
তৃতীয় দৃশ্যাংশ
আমি তৃতীয় দৃশ্যাংশৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি ২০২৪ চনৰ ১৮ জানুৱাৰীত এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। পোষ্টটোৰ কেপশ্বন অনুসৰি ভিডিঅ’টো জাপানৰ।

এইবাৰ আমি জাপানী ভাষাত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা জাপানী ইউটিউব চেনেলত অন্যান্য দৃশ্যাংশৰ লগতে ভাইৰেল দৃশ্যাংশ ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ বিৱৰণ অনুসৰি সেয়া ২০২৪ চনৰ ১ জানুৱাৰীত জাপানত হোৱা ভূমিকম্পৰ দৃশ্য।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত থকা দৃশ্যাংশসমূহ জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয় বৰং পুৰণি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


