এয়া ভাৰতীয় নৌসেনাৰ মাৰ্কোছে ছোমালী জলদস্যুক কৰায়ত্ব কৰা দৃশ্য নহয়।   

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ১৯ এপ্ৰিল ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া উক্ত দিনটোত ভাৰতীয় নৌসেনাৰ মাৰ্কোছ কামাণ্ডোৱে ৩৫টাকৈ চোমালী সামদ্ৰিক ডকাইত অৰ্থাত জলদস্যুক কৰায়ত্ব কৰা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– সামুদ্ৰিক ডকাইটৰ বিৰুদ্ধে অভিযান ‘মাৰ্কোচ’ৰ। ভাৰতীয় নৌসেনাৰ কামান্ডো ‘মাৰ্কোচ’। অভিযানত সমুদ্ৰত বিভিন্ন জাহাজত লুটপাত চলোৱা ডকাইটৰ সন্ধানত অভিযান আৰম্ভ কৰি আজি ৩৫টা ডকাইট গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ৩৫ টা ডকাইটেই আফ্ৰিকাৰ ছোমালী ৰাষ্ট্ৰৰ নাগৰিক বুলি প্ৰকাশ।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই দৃশ্যটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি যোৱা ২০ মাৰ্চ ২০২৬ত ডিফেন্স স্কোৱাড (Defence Squad) নামৰ ফেচবুক পেজ এটাত পোষ্ট কৰা একেটা ভিডিঅ’ পালোঁ। পোষ্টটোৰ কেপছনত লিখা আছিল-  “Indian Navy MARCOS and Seychelles Defence Forces Special Operations Unit during the Joint Military Exercise LAMITIYE 2026”.(  LAMITIYE 2026 যৌথ সামৰিক অনুশীলনৰ সময়ত ভাৰতীয় নৌসেনাৰ মাৰ্কোছ আৰু ছিচেলছ প্ৰতিৰক্ষা বাহিনীৰ বিশেষ অভিযান ইউনিট)

পৰৱৰ্তী কী-ৱৰ্ড অনুসন্ধানত একাধিক বাতৰিৰ প্ৰতিবেদন পোৱা গৈছিল য’ত আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটোৰ খণ্ডচিত্ৰ সংলগ্ন কৰা আছিল।

বাতৰিৰ প্ৰতিবেদন অনুসৰি যোৱা ৯ মাৰ্চৰ পৰা ২০ মাৰ্চ ২০২৬লৈকে ছিচেলছত অনুষ্ঠিত হৈছিল ১১ সংখ্যক ভাৰত-ছিচেলছ যৌথ সামৰিক অনুশীলন, LAMITIYE 2026।

এই অনুশীলনত ছিচেলছৰ প্ৰতিৰক্ষা বাহিনীৰ সমান্তৰালভাৱে স্থলসেনা, নৌসেনা, বায়ুসেনাকে ধৰি ভাৰতীয় সশস্ত্ৰ বাহিনীও জড়িত আছিল। এই অনুশীলনৰ প্ৰধান লক্ষ্য আছিল অৰ্ধ-নগৰীয়া আৰু সামুদ্ৰিক সুৰক্ষা পৰিস্থিতিত আন্তঃকাৰ্য্যক্ষমতা, কাৰ্য্যকৰী সহযোগিতা আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰা।

আমাৰ অনুসন্ধানত ভাইৰেল পোষ্টটোত দাবী কৰাৰ দৰে ভাৰতীয় নৌসেনাই ছোমালী ডকাইত বা জলদস্যুক বন্দী কৰাৰ সন্দৰ্ভত শেহতীয়া কোনো খবৰ পোৱা নাছিলোঁ। উল্লিখত তাৰিখতো তেনেকুৱা কোনো ঘটনাৰ বাতৰি নাই। কিন্তু ২০২৪ চনৰ মাৰ্চ মাহত ভাৰতীয় নৌসেনাই বাল্ক কেৰিয়াৰ অপহৰণ কৰি পণবন্দী কৰা ৩৫ জন ছোমালী জলদস্যুক কৰায়ত্ব কৰিছিল। ইয়াৰ পাছত নৌসেনাই ৩৫ জন জলদস্যুৰ আটাইকেইটাকে গোচৰৰ বাবে মুম্বাই আৰক্ষীক গতাই দিছিল।

ইয়াৰ পৰাই প্ৰমাণ হয় যে উল্লিখিত তাৰিখত ভাৰতীয় নৌসেনাই কোনো ছোমালী ডকাইত বা জলদস্যুক কৰায়ত্ব কৰা নাই আৰু সেই ভিডিঅ’টোও ভাৰতীয় নৌসেনা আৰু ছিচেলছ প্ৰতিৰক্ষা বাহিনীৰ এক যৌথ সামৰিক অনুশীলন LAMITIYE 2026ৰ দৃশ্যহে। 

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এয়া ভাৰতীয় নৌসেনাৰ মাৰ্কোছে ছোমালী জলদস্যুক কৰায়ত্ব কৰা দৃশ্য নহয়।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *