২০২৩ৰ ওড়িছাৰ দৃশ্যকে ২০২৫ৰ বিহাৰৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

False Social

২০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া বিহাৰৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বেই বিজেপি কৰ্মীৰ মাজত হোৱা মাৰপিটৰ ঘটনাৰ দৃশ্য। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc0GNk4AkOcGs0Hm1rJG0tdPTEd2_bfUs8SvyAAw5iWzM6LifAbUng1-dg8i6ENvErnSC9b--Y7WRfbxYs-kldP7A83BfHmpMs0MxGe2r_OH4_yYk9evWWfLdrYadkEbRifJb7i4Q?key=w5QVu8KaX_APKrFJVb9tSQ

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ বাবে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সামাজিক মাধ্যমত একাধিক পুৰণি পোষ্টৰ লিংক পালোঁ।  সেই পোষ্টসমুহত এই ভিডিঅ’টো আছিল। 

২০২৩ৰ ১ মাৰ্চত Ramandeep Singh Mann নামৰ এক্স হেণ্ডেলটোত এই ভিডিঅ’টো আপলোড কৰি কৰা টুইটটোত লিখা কথাখিনিৰ অসমীয়া ভাবানুবাদ হৈছে- (#Odishaত বিজেপি যুৱ মৰ্চাৰ প্ৰতিবাদ। আৰক্ষীক আক্ৰমণ। আমি, আজনলাতো কিছু অনুৰূপ দৃশ্য দেখিলোঁ। যেতিয়া সমগ্ৰ সংবাদ মাধ্যমে, তথাকথিত “আলোকিত আত্মা” আৰু বিজেপিৰ লবীয়ে দাবী কৰি আছিল যে #পাঞ্জাব ৰসাতলে গৈছে, পঞ্জাৱত ৰাষ্ট্ৰপতিৰ শাসনৰ প্ৰয়োজন; এই মানুহবোৰ এতিয়া ক’ত, ক’ত ?)

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdrxmCpRzXEVKTc79DM-RziCjhTI5DS3YTJ_2p9KBs9Kpnff_tyIdzMEJfEbwp8VEEtK7WW02FMhCN8lfNsG4Hk6WzLQjM-iqK7-OrgcyqHHvr3krDcsimbHdvY6O2YKTQXUFDD7g?key=w5QVu8KaX_APKrFJVb9tSQ

একেটা দিনতে অৰ্থাত ১মাৰ্চ,২০২৩তে একেটা ভিডিঅ’ আপলোড কৰি ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে তেওঁৰ Priyanka Chaturvedi নামৰ ভেৰিফাইড এক্স হেণ্ডেলটোৰ পৰা কৰা টুইটটোত লিখা কথাখিনিৰ ভাবানুবাদ হৈছে- (ইয়াত চাবলগীয়া একো নাই। মাত্ৰ ওড়িশাত আৰক্ষী জোৱানক বিজেৱাইএম(BJYM)ৰ সদস্যই আক্ৰমণ কৰিছে। ২১জন কৰ্তব্যৰত আৰক্ষী আহত হৈছে। কিন্তু কোনো ‘ৰাষ্ট্ৰীয়তাবাদী’ মহলৰ পৰা কোনো ক্ষোভ নাই। এই গুণ্ডাবোৰে লজ্জ্বা পাব লাগে।)

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe_3_ihaljFi-lh3Rp_zBuy79ZWBOog5h5ewOA3SjGxTs8iQxf4NwczLNKbJi7jhOKZ8VIMlx3jPQ9-MaswIZpQP9SCm-5lFrtan-BSCTNznmCrGT4J4ePtA4nj6mC5Zw7srkAWpw?key=w5QVu8KaX_APKrFJVb9tSQ

সেই দিনটোতে NewsX ৰ সহকাৰী সম্পাদক তথা IANSৰ প্ৰাক্তন Dy Chief of Bureau সাংবাদিক আনন্দ সিঙে তেওঁৰ Anand Singh নামৰ এক্স হেণ্ডেলটোত এই ভিডিঅ’টোৰ সৈতে কৰা টুইটটোত লিখা কথাখিনিৰ ভাবানুবাদ হৈছে- (কালি বিজেপি যুৱ মৰ্চাৰ প্ৰতিবাদী সমদলত এনেদৰে প্ৰহাৰ কৰা হৈছিল আৰক্ষীক। গুৰুতৰভাৱে আহত হয় প্ৰায় ২১জন আৰক্ষী জোৱান)

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcrkPD87PrQ3t0CMjSVANbUtdAvwM4405TA7CKhX152qSHHMUIKwvQgtppjRZ2LwS5QK_8E6BCkrUqhhxLXGLuBu_bhj6Xlb16PY87qJvkoyEoDR8OgDPqVBiQK5D7TVHQbfmdd?key=w5QVu8KaX_APKrFJVb9tSQ

তিনিওটা টুইটতে একেখিনি কথা উল্লেখ থকা দেখি আমি প্ৰায় নিশ্চিত হ’লোঁ যে এয়া ২০২৩ৰ মাৰ্চ ও়ডিছাত হোৱা বিজেপি যুৱ মৰ্চাৰ প্ৰতিবাদৰ সময়ৰ দৃশ্য। এই কথাই ইয়াতে নিশ্চিতি প্ৰদান কৰিলে যে দৃশ্যটো চলিত আগষ্ট মাহৰ তো নহয়েই, ২০২৫ চনৰেই নহয়। ইয়াৰ পাছত আমি সেই প্ৰতিবাদ আৰু সেই সংঘাত সন্দৰ্ভত কোনো বিস্তাৰিত বাতৰি লাভ কৰিব পৰা যায় নেকি, তাৰেই সন্ধান কৰিলোঁ। তেতিয়া আমি বিভিন্ন প্ৰতিষ্ঠিত নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানে সেই সময়ত কৰা একাধিক বাতৰি লাভ কৰিলোঁ। 

INDIA TV এ ১ মাৰ্চ ২০২৩ত পৰিবেশন কৰা Odisha: 21 police personnel injured during BJP Yuva Morcha protest; midnight dharna by BJYM workers শীৰ্ষক বাতৰিটোত উল্লেক কৰিছে যে বিধানসভালৈ যাত্ৰা কৰাৰ সময়ত বিজেপি দলৰ কৰ্মীসকলে নিৰাপত্তা বাহিনীৰ সৈতে তীব্ৰ সংঘাতত লিপ্ত হোৱাৰ ফলত কেইবাজনো ওড়িশা আৰক্ষীৰ জোৱান আৰু বিজেপি সমৰ্থক আহত হোৱাৰ লগতে পুলিচৰ বাহনসমূহৰো ক্ষতিসাধন হয়। বিজেপি যুৱ মৰ্চাৰ বেনাৰত শতাধিক কৰ্মীয়ে প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী নবা কিশোৰ দাসৰ হত্যাকাণ্ড আৰু অৱনমিত আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতিবাদন কৰি চিবিআইৰ তদন্তৰ দাবীৰে আন্দোলন কৰিছিল। বিধানসভা ভৱনৰ সন্মুখত থকা মহাত্মা গান্ধী মাৰ্গটো যেন যুদ্ধক্ষেত্ৰলৈ পৰিণত হয়। আৰক্ষী বাহিনীয়ে স্থাপন কৰা বেৰিকেড ভাঙি বিজেপি কৰ্মীয়ে পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf6bonXyBRoncH_VUubLeHBTCDgoMRz0qi3eVGyMQALYPIt6H_TM2ht3cdlG7_VN0ze7TWcnIOkg9SSui-KiNhoP7IZ7k3MFhbOiCn4bykQUCtmCQ1kTfajmaQyt5_fuAllf4Gc?key=w5QVu8KaX_APKrFJVb9tSQ

The New Indian Expressয়েও ১মাৰ্চ ২০২৩ত পৰিবেশন কৰা BJP workers clash with police, 21 cops injured in Odisha শীৰ্ষক বাতৰিটোতো একেখিনি কথাকে উল্লেখ কৰিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfBTApbKEWPf0bX-zz0bpJHQWpPzrme3zYrbz93bjjaXkzuKKVYPPO0MpGmV4ZrtYMzPPnB3sv9fR0MSVipUqaiQ33waHXF13xpZFITBch1uxRJ3ZjlsJWctRvNTJhbqOZxpFdg?key=w5QVu8KaX_APKrFJVb9tSQ

ওড়িছাৰ বিজেপি যুৱ মৰ্চা আৰু আৰক্ষীৰ মাজৰ সংঘাত আৰু তাৰে পৰিণতিত ২১গৰাকীকৈ আৰক্ষীৰ লগতে বিজেপি কৰ্মীৰো একাংশ আহত হোৱাৰ বাতৰি The Printএও Odisha: 21 police personnel injured during BJP Yuva Morcha protest in Bhubaneswar শীৰ্ষক প্ৰতিবেদনত সবিস্তাৰে উল্লেখ কৰিছিল ২০২৩ৰ ১ মাৰ্চত। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdQj0kHm4fTGJTjANcSAWYLGXxgsxJ4hNCRPECQK6QKPRjqIFpqQAipHTI3BXprOb2tsaJCmfraMpaJhQYbfbz3fPl9hA5q3XHJIN-j98vHvL-TaomtHivBGFgxcrfXCbR7FIrr?key=w5QVu8KaX_APKrFJVb9tSQ

এই সমস্ত তথ্যই আমাক এই সিদ্ধান্তত উপনীত কৰোৱায় যে যিটো ভিডিঅ’ বিহাৰ বিজেপিৰ নিজৰ মাজতে হোৱা শেহতীয়া মাৰপিটৰ বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে ২০২৩ৰ মাৰ্চত ওড়িছাত বিজেপিৰ একাংশ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা এক সংঘাতৰ দৃশ্যহে।  

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ বিহাৰ বিজেপিৰ নিজৰ মাজতে হোৱা শেহতীয়া মাৰপিটৰ বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে ২০২৩ৰ মাৰ্চত ওড়িছাত বিজেপিৰ একাংশ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা এক সংঘাতৰ দৃশ্যহে।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৩ৰ ওড়িছাৰ দৃশ্যকে ২০২৫ৰ বিহাৰৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *