এজন সাংবাদিকে ভিআইপি উপায়ুক্তক চৰ মৰা ভিডিঅ’টোক মিছা। এই ভিডিঅ’টো একাংশ অভিনেতাৰদ্বাৰা তৈয়াৰ কৰা চিত্ৰনাট্যযুক্ত ভিডিঅ’।

False Social

শেহতীয়াভাবে অসমৰ একাংশ হোৱাছএপ ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰি থকা দেখা গৈছে। ব্য়ক্তিগত নম্বৰ তথা হোৱাটছএপ গ্ৰুপতো সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে প্ৰয়াগৰাজৰ মহাকুম্ভত গাড়ীত উঠি অহা এগৰাকী ভিআইপি, উপায়ুক্তক এগৰাকী সাংবাদিকে চৰ মাৰি শাৰীৰিকভাৱে অপদস্থ কৰিছিল।   

https://lh7-rt.googleusercontent.com/docsz/AD_4nXds5pzrOHsKcpwXpcaTXbv_O-rnpnHZAcWeSLw4qn3ATPzWhFWNEEdT_CAAMPWmziuB8_jEKZCxoA0yELIiE1CO_MTFWH8jtDFSq2Xi9iDAuA5Y4ZiIXtskUtf4zKQgnpxVczLK?key=MxG6_BB-ZBWi0kyrIhJe9pd_

Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ পৰা কিছুমান কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি হৰ্ষ ৰাজপুতৰ অফিচিয়েল ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণটো পালোঁ। ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভিডিঅ’টো আপলোড কৰা হৈছিল। ভাইৰেল হোৱা ভিডিঅ’ অংশটো এই মূল ভিডিঅ’টোৰ ৪ মিনিট ২০ ছেকেণ্ডৰ পৰা চাব পাৰিব।

ভিডিঅ’টোৰ বৰ্ণনাত উল্লেখ আছে যে এই ভিডিঅ’টো চিত্ৰনাট্যযুক্ত। যিটো মনোৰঞ্জনৰ উদ্দেশ্যে তৈয়াৰ কৰা হৈছে।

 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc-eNkAoIz_iU6jZ814uveucdRJsUwSUrbOQ-eJcM3gTAKMtrKYtGCf0PIpw-xSuJgfjTqb5EfVid0cgwqbW969TE12BHaBCVTobrkaDFpMxvvGLjn9H-Zrs6BdxOfDo7a_wFxr7w?key=MxG6_BB-ZBWi0kyrIhJe9pd_

ইয়াৰ বাহিৰেও ভিডিঅ’টোৰ আৰম্ভণিতে এটা ডিচক্লেইমাৰ দেখা যায়। ডিচক্লেইমাৰত উল্লেখ আছে যে এইটো মনোৰঞ্জনৰ উদ্দেশ্যে নিৰ্মিত এটা চিত্ৰনাট্যযুক্ত ভিডিঅ’।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcd_gZu0tc7GoIyuj2oo4WD26vC1CP_t8AkEEgn0fzG9b4WSYM_4b5xJVa04hqvTrqNf1hU2xHA4-x4QirF-Wq9SKgahUEvWDIfOJgWL8SKpjAIW1Hes41qNdx2lmKbip0ddkHdXg?key=MxG6_BB-ZBWi0kyrIhJe9pd_

এই ভিডিঅ’টোত হৰ্ষ ৰাজপুতে ২০২৫ চনৰ মহাকুম্ভত বাতৰিৰ শিৰোনাম দখল কৰা সাধু আৰু অন্য লোকসকলৰ অভিনয় দেখুৱাই এনেকুৱা মনোৰঞ্জনমূলক ভিডিঅ’ নিৰ্মাণ কৰিছে। ডিজিটেল ক্ৰিয়েটৰ হৰ্ষ ৰাজপুতে ঢাকড় নিউজৰ অধীনত এনে ভিডিঅ’ নিৰ্মাণ কৰে। এনেধৰণৰ আৰু অধিক চিত্ৰনাট্যযুক্ত ভিডিঅ’ হৰ্ষৰ ইউটিউব চেনেলটোত চাব পাৰিব।

হৰ্ষই এই ভিডিঅ’টো ফেচবুকতো পোষ্ট কৰি চিত্ৰনাট্যযুক্ত ভিডিঅ’ বুলি অভিহিত কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf1HoNUwwHJpoSzS1ixIae8NscCCOT71TxW-4o6MKt3wl2smcmOcMiuE7M5-whvPRI1ZpSoyXkg6g0scT5ipwybT56JLqTFdPivfxyO5cdK-nBn-xVTB-BO-aNo56-zgiGC0hWs8w?key=MxG6_BB-ZBWi0kyrIhJe9pd_

আচলতে এই ভিডিঅ’টোৰ দৃশ্যগ্ৰহণ মহাকুম্ভত কৰা হোৱা নাছিল

এই অৰিজিনেল ভিডিঅ’টো চোৱাৰ পাছত আমি এইটোও গম পালোঁ যে এই ভিডিঅ’টোৰ লোকেচন বা দৃশ্যগ্ৰহণৰ স্থান মহাকুম্ভ নহয়। আমি মূল ভিডিঅ’টোত দেখিছিলোঁ যে কিছুমান ঠাইত ‘ৰাম ভৱন’ লিখা আছে আৰু গুগল মেপত তাকে বিচাৰি আমি দেখিলোঁ যে সেয়া দিল্লী এনচিআৰৰ গাজিয়াবাদৰ ঘন্টাঘৰ ৰামলীলা ময়দানৰ সমীপৰ স্থান।

আমি ভাইৰেল হোৱা ভিডিঅ’ আৰু গুগলত পোৱা স্থান তুলনা কৰিলোঁ। যাৰ পৰা স্পষ্ট হৈ পৰে যে এই ভিডিঅ’টো মহাকুম্ভত দৃশ্যগ্ৰহণ কৰা হোৱা নাই। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcBWrhlSsXNpCPzyZiGuM6KAILEjeRVYt38x_SPTClWkP4owtnv0Diexpk1yTiXSP8L1YSKTTBU_5aZH-2Fnszlg1JobiurRvuD9LgvjEdcdl0e8bPDqjwYaHvrndxKfC-GHCy6ow?key=MxG6_BB-ZBWi0kyrIhJe9pd_

তথ্য পৰীক্ষা কৰাৰ পাছত আমি দেখিলোঁ যে এজন সাংবাদিকে ভিআইপি উপায়ুক্তক চৰ মৰা ভিডিঅ’টোক লৈ যি দাবী উত্থাপন হৈছে সেয়া মিছা। এই ভিডিঅ’টো একাংশ অভিনেতাৰদ্বাৰা তৈয়াৰ কৰা চিত্ৰনাট্যযুক্ত ভিডিঅ’।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো সত্য নহয়। এজন সাংবাদিকে ভিআইপি উপায়ুক্তক চৰ মৰা ভিডিঅ’টোক মিছা। এই ভিডিঅ’টো একাংশ অভিনেতাৰদ্বাৰা তৈয়াৰ কৰা চিত্ৰনাট্যযুক্ত ভিডিঅ’।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এজন সাংবাদিকে ভিআইপি উপায়ুক্তক চৰ মৰা ভিডিঅ’টোক মিছা। এই ভিডিঅ’টো একাংশ অভিনেতাৰদ্বাৰা তৈয়াৰ কৰা চিত্ৰনাট্যযুক্ত ভিডিঅ’।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *