এই পুৰণি ফটোখন যোৰহাটত শেহতীয়াকৈ তোলা বাঘৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে!

False Wildlife
WhatsApp Image 2020-05-05 at 16.44.19.jpeg

সংৰক্ষিত লিংক

যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত ৩ মে’, ২০২০ তাৰিখে সমাপ্ত হবলগীয়া লক ডাউন দুসপ্তাহ বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফেচবুক আৰু টুইটাৰ পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হব ধৰিছে ।কেইবা সপ্তাহৰ লক ডাউনৰ পাছত দেশত প্ৰদূষণ কমি গৈছে আৰু জীৱ-জন্তু, গছ-গছনিৰ এক নতুন আৰু সতেজ ৰূপ দেখিবলৈ পোৱা গৈছে বুলি বিভিন্নজনে ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে আৰু এই সম্পৰ্কীয় বিভিন্ন পোষ্ট (ফটো/ভিডিঅ’) শ্বেয়াৰ কৰিছে । এনে সময়তে বনৰীয়া জীৱ-জন্তুবোৰ জন-বসতি অঞ্চলত বেছিকৈ দেখিবলৈ পোৱা গৈছে বুলি বিভিন্নজনে কোৱাকুই কৰিছে । 

শেহতীয়াকৈ এখন বিশেষ বাঘৰ ফটোৱে অসমৰ ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ভাইৰেল ফটোখনত এটা প্ৰকাণ্ড ৰয়েল বেংগল বাঘক এটা ৰাজপথ পাৰ হবলৈ ধৰা দেখা গৈছে । উক্ত ফটোখন হোৱাটচ এপ্পৰ জৰিয়তে বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু লগতে দাবী কৰা হৈছে যে বাঘটো যোৰহাটৰ কেন্দুগুৰিৰ ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত এনেদৰে দেখা গৈছে বা উক্ত ফটোখন তোলা হৈছে । 

tiger zinda hai.jpg

সংৰক্ষিত লিংক

ফেচবুকটো এই সম্পৰ্কীয় পোষ্ট দেখা গৈছে । উৎপল শইকীয়া নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা উক্ত ফটোখন, “যোৰহাটৰ বাইপাছত বাঘ” বুলি ৪ মে’, ২০২০ তাৰিখে আপলোড কৰা হৈছে । 

tiger.png

ফেচবুক লিংকসংৰক্ষিত লিংক

আমিৰ হাজৰিকা নামৰ আন এটা ফেচবুক প্ৰফাইলৰ পৰা এইয়া সঁচা নে মিছা বুলি প্ৰশ্ন তোলা হৈছে । 

tiger 1.png

ফেচবুক লিংকসংৰক্ষিত লিংক

গতিকে আমি এই ভাইৰেল ফটোখনৰ আঁৰৰ কাহিনী কি, বিভিন্নজনে দাবী কৰাৰ দৰে এইখন যোৰহাটত তোলা বাঘৰ ফটো নেকি, সেই সম্পৰ্কে অনুসন্ধান কৰিবলৈ ঠিক কৰিলোঁ । সত্য কি? জানোঁ আহক । 

প্ৰণালী 

প্ৰথমে আমি ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন বিভিন্ন সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইৰ ফটো বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে । 

অসমৰ টাইম৮ নামৰ এটা ৱেবপৰ্টেলে উক্ত ফটোখন অসমৰ কাজিৰঙাৰ বুলি দাবী কৰি ১৭ আগষ্ট, ২০১৯ত এক বাতৰি প্ৰকাশ কৰিছিল । 

tiger time8.png

কিন্তু আন বহুতো ছচিয়েল মিডিয়া প্ৰফাইলৰ পৰা উক্ত ফটোখন আন বহু বিভিন্ন ঠাইৰ বুলি দাবী কৰা দেখি আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ ৰিজাল্টবোৰ ভালকৈ নিৰীক্ষণ কৰিলোঁ আৰু দেখিলোঁ যে ২০১৮ চনৰ ফেব্ৰুৱাৰী ৭ তাৰিখে ‘RoadKills India’ নামৰ এক টুইটাৰ হেণ্ডেলৰ পৰা উক্ত ফটোখন একেসময়তে তোলা আন দুখন ফটো সম্বলিত আপলোড কৰা হৈছে । টুইটটোত লগতে লিখা আছে যে উক্ত ফটোবোৰ তাদ’বা নামৰ এখন ঠাইত তোলা হৈছিল । গতিকে আমি নিশ্চিত হলোঁ যে উক্ত ফটোখন যোৰহাটত তোলা নহয় বা কাজিৰঙাটো তোলা নহয় । 

tiger roadkills.png

টুইটাৰ লিংকসংৰক্ষিত লিংক

মহাৰাষ্ট্ৰৰ তাদ’বা আন্ধাৰী টাইগাৰ ৰিজাৰ্ভ ৰয়েল বেংগল বাঘৰ বাবে বিখ্যাত । এই সম্পৰ্কে পঢ়ক ইয়াত । 

tiger tadoba.png

ফলাফল

উক্ত ভাইৰেল ফটোখন যোৰহাটত তোলা নহয় বা কাজিৰঙাটো তোলাও নহয় । এই ফটোখন ২০১৮ চনৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ তাদ’বা নামৰ এখন ঠাইত তোলা হয় ।

Avatar

Title:এই পুৰণি ফটোখন যোৰহাটত শেহতীয়াকৈ তোলা বাঘৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *