ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত এক বিশেষ ভিডিঅ' চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ'টোত এটা বিশাল মন্দিৰৰ আকাশৰপৰা তোলা দৃশ্য দেখা গৈছে আৰু দাবী কৰা হৈছে যে সেয়া অযোধ্যাৰ ৰাম মন্দিৰৰ দৃশ্য।

তেনে এটা ভিডিঅ' আমি ফেচবুকতো পালোঁ।

https://www.facebook.com/reel/1323810654970841

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমি We Are Delhi.in নামৰ ৱেবছাইট এটাত প্ৰকাশিত ৱেব ষ্ট’ৰী পালোঁ। সেয়া দিল্লীৰ অক্ষৰধাম মন্দিৰ বুলি কোৱা হৈছে।

তাৰ পিছত আমি প্ৰাসংগিক কীৱৰ্ডৰ সহায়ত দিল্লীৰ অক্ষৰধাম মন্দিৰৰ বহু ফটো আৰু ভিডিঅ’ পালোঁ, যিবোৰৰ ভাইৰেল ভিডিঅ’টোৰ সৈতে বহুখিনি মিল আছে। একেটা ভিডিঅ' আমি ১৯ জুন ২০২৩ তাৰিখে ইউটিউবত আপলোড হোৱা দেখিলোঁ। য'ত এইটোও উল্লেখ কৰা হৈছিল যে দিল্লী অক্ষৰধামৰ এই ভিডিঅ'টো সন্ধিয়াৰ সময়ৰ ড্ৰ'ন শ্বট।

ভাৰতৰ নতুন দিল্লীত অৱস্থিত এক হিন্দু মন্দিৰ হৈছে অক্ষৰধাম মন্দিৰ। স্বামীনাৰায়ণৰ নামত উচৰ্গা কৰা এই চৌহদটো ২০০৫ চনত বোচাসনৱাসী অক্ষৰপুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা (BAPS)ৰ উদ্যোগত নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰ চৌহদটো বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ আৰু ইয়াৰ স্থাপত্য, ভাস্কৰ্য আৰু সুন্দৰ ৰঙৰ বাবে পৰিচিত। এই চৌহদত এটা বৃহৎ সংগ্ৰহালয়, প্ৰদৰ্শনী হল, আৰু অন্যান্য আকৰ্ষণীয় স্থানো আছে। তলত দিল্লী অক্ষৰধামৰ সম্পূৰ্ণ আলোকিত অৱস্থাৰ ড্ৰ'ন দৃশ্য চাব পাৰিব।

তলত দিল্লী অক্ষৰধাম আৰু অযোধ্যা ৰাম মন্দিৰৰ তুলনা চাব পাৰিব।

আমাৰ ফলাফল শক্তিশালী কৰিবলৈ আমি BAPS সংগঠনৰ সৈতে যোগাযোগ কৰিলোঁ, তাৰ পৰা আমি গম পালোঁ যে পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা ভিডিঅ’টো দিল্লী অক্ষৰধামৰহে, অযোধ্যাৰ ৰাম মন্দিৰৰ নহয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ'টো অযোধ্যাৰ ৰাম মন্দিৰৰ নহয় বৰং দিল্লীৰ অক্ষৰধাম মন্দিৰৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো অযোধ্যাৰ ৰাম মন্দিৰৰ নহয়।

Written By: Debanjana Baishya

Result: False