শেহতীয়াভাৱে এটা ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। যিটো পোষ্টত ৰাহুল গান্ধী,ছোনিয়া গান্ধী আৰু ডঃ মনমোহন সিঙৰ জন্মদিনক লৈ কিছুমান অৰ্ধসত্য কথা উল্লেখ কৰা হৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ডাঃ মনমোহন সিঙৰ জন্মদিনটো ২৬ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় বধিৰ-অন্ধ দিৱস উদযাপনৰ দিনটোতেই। ছোনিয়া গান্ধীৰ জন্মদিন ৯ ডিচেম্বৰত দুৰ্নীতি বিৰোধী দিৱসত পৰে। ৰাহুল গান্ধীৰ জন্মদিন ১৯৭০ চনৰ ১৮ ডিচেম্বৰত অৰ্থাৎ মেৰা নাম জোকাৰ চিনেমাখন মুক্তি পোৱাৰ একেটা দিনতেই, আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ১৭ ডিচেম্বৰত অৰ্থাৎ ভগৱান বিশ্বকৰ্মা দিৱসত ।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

পোষ্টটোত চাৰিটা দাবী উত্থাপন হৈছে। সত্য জানিবলৈ আমি প্ৰতিটো দাবীৰ পৃথকে পৃথকে তথ্য পৰীক্ষা কৰি সত্যতা নিৰূপণ কৰিলোঁ।

প্ৰথমটো দাবী হৈছে যে ডাঃ মনমোহন সিঙৰ জন্মদিন আৰু আন্তঃৰাষ্ট্ৰীয় অন্ধ-বধিৰ দিৱস একে তাৰিখতে পৰে।

প্ৰথমে আমি ডাঃ মনমোহন সিঙৰ জন্মদিন বিচাৰিলোঁ। আমি দেখিলোঁ যে মনমোহন সিঙৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পঞ্জাৱ প্ৰদেশত। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ব্ৰিটানিকাৰ তথ্য অনুসৰি মনমোহন সিঙৰ জন্ম হৈছিল ২৬ ছেপ্টেম্বৰত। ২৬ ছেপ্টেম্বৰত NDTV(এনডিটিভি)য়ে বাতৰি প্ৰকাশ কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনমোহন সিঙক একেদিনাই তেওঁৰ ৯১ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাইছিল।

কিন্তু, আন্তঃৰাষ্ট্ৰীয় অন্ধ-বধিৰ দিৱস ২৬ ছেপ্টেম্বৰত পৰেনে? ৱৰ্ল্ড ফেডাৰেচন অৱ দ্য ব্লাইণ্ড ডেফ (WFBD)ৰ মতে, ২৭ জুন তাৰিখটো বধিৰ অন্ধতা ৰোগী আৰু তেওঁলোকৰ অধিকাৰৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বধিৰ অন্ধতা দিৱস হিচাপে পালন কৰা হয়।

সেয়েহে এইটো স্পষ্ট যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ জন্মদিন আৰু আন্তঃৰাষ্ট্ৰীয় বধিৰ অন্ধতা দিৱস একে তাৰিখতে নপৰে।

দ্বিতীয়টো দাবী হৈছে যে ছোনিয়া গান্ধীৰ জন্মদিন আৰু আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস ৯ ডিচেম্বৰত পৰে।

দ্য টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ২০২২ চনৰ ৯ ডিচেম্বৰত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে ছোনিয়া গান্ধীয়ে ৰাজস্থানৰ ৰন্থামবুৰত জন্মদিন উদযাপন কৰিছিল।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও ছোনিয়া গান্ধীক ৯ ডিচেম্বৰ ২০২২ তাৰিখে জন্মদিনৰ শুভেচ্ছা জনায়। তলত তেওঁৰ টুইটটো চাব পাৰিব।

আমি এইটোও দেখিলোঁ যে ৰাষ্ট্ৰসংঘই দুৰ্নীতি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ আৰু প্ৰতিহত কৰিব পাৰি তাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে ৯ ডিচেম্বৰ দিনটো আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস হিচাপে নিৰ্ধাৰণ কৰিছিল। ২০০৫ চনৰ পৰা এই দিৱস কাৰ্যকৰী হয়।

এইদৰে আমি ক’ব পাৰোঁ যে ছোনিয়া গান্ধীৰ জন্মদিন আৰু আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস একে তাৰিখতে পৰে।

তৃতীয় দাবীটো মতে ৰাহুল গান্ধীৰ জন্মদিন আৰু মেৰা নাম জোকাৰ চিনেমাখনৰ মুক্তিৰ দিনটো একে তাৰিখত পৰে।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ৰাহুল গান্ধীৰ জন্ম হৈছিল ১৯৭০ চনৰ ১৯ জুনত।

আই এম ডি বিৰ মতে, ১৯৭০ চনৰ ১৮ ডিচেম্বৰত মুক্তি পোৱা ‘মেৰা নাম জোকাৰ’ ছবিখনে ১৯৮২ চনত ব্ৰাজিল আৰু পেৰুত, ১৯৭৪ আৰু ১৯৮২ চনত ক্ৰমে আৰ্জেণ্টিনা আৰু তুৰস্কত মুক্তি লাভ কৰিছিল।

এইদৰে ৰাহুল গান্ধীৰ জন্মৰ দিনা ‘মেৰা নাম জোকাৰে’ মুক্তি দিয়া নাছিল বুলি স্পষ্ট হৈ পৰে।

চতুৰ্থ দাবীটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু বিশ্বকৰ্মা জয়ন্তী একেদিনাই পৰে।

আমি দেখিলোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম হৈছিল ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটৰ বদনগৰত। এইবাৰ তেওঁৰ ৭৩ সংখ্যক জন্মদিনত বহু মন্ত্ৰীয়ে তেওঁক শুভেচ্ছা জনায় আৰু এই উপলক্ষে ডিজিটেল উদযাপনৰ আয়োজনো কৰা হয়।

আমি এইটোও পালোঁ যে বিশ্বকৰ্মা জয়ন্তী হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে ১৭ বা ১৮ ছেপ্টেম্বৰ তাৰিখে পৰে। এইবাৰ বিশ্বকৰ্মা জয়ন্তী ১৭ ছেপ্টেম্বৰ, প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনৰ দিনটো পালন কৰা হয়।

এইদৰে বিশ্বকৰ্মা জয়ন্তী আৰু প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন একে তাৰিখতে পৰে সেয়া সঁচা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো আংশিকভাৱে মিছা। যদিও পোষ্টটোত দাবী কৰা অনুসৰি ছোনিয়া গান্ধী আৰু মোডীৰ জন্মদিনটো একে তাৰিখ আৰু উপলক্ষত পৰে, কিন্তু মনমোহন সিং আৰু ৰাহুল গান্ধীৰ জন্মদিনৰ সৈতে জড়িত তথ্য মিছা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মনমোহন সিং আৰু ৰাহুল গান্ধীৰ জন্মদিন সম্পৰ্ক মিছা তথ্য ভাইৰেল কৰা হৈছে। সত্যটো কি জানক।

Written By: Pranjal Sharma

Result: Partly False