পৰস্ত্ৰীৰ সৈতে থকা সম্পৰ্কৰ বাবে পত্নীয়ে স্বামীৰ লিংগচ্ছেদ কৰা ঘটনাকে ৩ ধৰ্ষিতা কন্যাই ধৰ্ষণকাৰী পিতৃৰ লিংগচ্ছেদ কৰা বুলি বিভ্ৰান্তিকৰভাৱে  প্ৰচাৰ।   

Misleading Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া এগৰাকী ব্যক্তিক নিজ ৩ কন্যাক ধৰ্ষণ কৰাৰ অপৰাধত তিনিও কন্যাই লিংগচ্ছেদ কৰা দৃশ্য। পোষ্টটোত লিখিছে-  নিজৰ বাপেকে ৩ জীয়ৰীক সদায় rape কৰে, সেয়েহে জীয়েকহঁতে তাৰ লিংগ কাটিছে । 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইবাটাও কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বাংলাদেশৰ সংবাদ প্ৰতিষ্ঠান NEWS 21 BANGLA TV ৰ ফেচবুক পেজত যোৱা ২০২৬ চনৰ ২ জুলাইত এই ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। তাত উল্লেখ কৰা হৈছিল যে নিদ্ৰাৰত স্বামীৰ লিংগচ্ছেদ কৰিছে পত্নীয়ে। 

একেটা পেজতেই আমি সেই ঘটনাৰ সবিশেষ লৈ এটা বাতৰি পালোঁ। বাংলা ভাষাৰ সেই বাতৰি মতে বাংলাদেশৰ ফৰিদপুৰৰ ভাঙাত এগৰাকী পত্নীয়ে স্বামীৰ যৌনাংগ কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।পাছত স্থানীয় ৰাইজে জৰুৰীকালীন নম্বৰ ৯৯৯ নম্বৰত ফোন কৰে, আৰু মহিলাগৰাকীক আৰক্ষীৰ হাতত গতাই দিয়ে। অন্য মহিলাৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবেই দ্বিতীয় পত্নীয়ে এই ব্যক্তিগৰাকীৰ সৈতে এই কাণ্ড সংঘটিত কৰে বুলি বাতৰিত জানিব পাৰিলোঁ। 

তদুপৰি বাংলাদেশৰে কেইবাটাও সংবাদ মাধ্যমত একাধিক ভিডিঅ’ ৰিপ’ৰ্টো আমি পালোঁ। এডিপি বাংলা, কুমিলা নিউজ আৰু সূৰ্য্যউদয় খুলনা আদিত এই ঘটনাৰ সবিশেষ বাতৰি আমি পালোঁ।

প্ৰাসংগিক শব্দেৰে কৰা কী-ৱৰ্ড ছাৰ্চত আমি এই ঘটনা বাংলাদেশৰ ফৰিদপুৰ জিলাৰ ভাঙা উপজিলাৰ হোগলাডাঙী সদৰদী গাঁৱত সংঘটিত হোৱা বুলি নিশ্চিত কৰা এক বাতৰি পালোঁ

বাতৰি মতে পূৰ্বৰ নিশা হোৱা এক কাজিয়াৰ ফলত হানিফ শ্বেখৰ দ্বিতীয় পত্নী সুমায়া আক্তাৰ চুমীয়ে স্বামীৰ যৌনাংগ কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই কাৰ্য্য ২৯ জুনত হানিফ শুই থকাৰ সময়ত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।এটা প্ৰতিবেদন অনুসৰি হানিফৰ একাধিক মহিলাৰ সৈতে সম্পৰ্ক আছিল আৰু এই কথিত প্ৰেমৰ সম্পৰ্কক লৈ হোৱা বিবাদে পৰিয়ালটোত সঘনাই অশান্তিৰ সৃষ্টি কৰিছিল।

আজকেৰ পত্ৰিকৰ মতে, ভাংঙা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ মিজানুৰ ৰহমানে উল্লেখ কৰে এইদৰে- “আমি ৯৯৯ নং জৰুৰীকালীন নম্বৰৰ জৰিয়তে তথ্য লাভ কৰাৰ পাছত সেই স্থানতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিলোঁ।এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লিখিত অভিযোগ পোৱা নাই, কিন্তু লিখিত অভিযোগ দাখিল কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। তিনি কন্যাক ধৰ্ষণ কৰাৰ বাবে তিনিওজনীয়ে মিলি পিতৃৰ যৌনাংগ কাটি পেলোৱা দাবীটো অসত্য। প্ৰকৃততে পৰস্ত্ৰীৰ লগত থকা সম্পৰ্কৰ বাবে ক্ষুব্ধ দ্বিতীয় পত্নীয়ে বাংলাদেশৰ এগৰাকী ব্যক্তিৰ লিংগচ্ছেদ কৰা দৃশ্যহে এয়া।

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: পৰস্ত্ৰীৰ সৈতে থকা সম্পৰ্কৰ বাবে পত্নীয়ে স্বামীৰ লিংগচ্ছেদ কৰা ঘটনাকে ৩ ধৰ্ষিতা কন্যাই ধৰ্ষণকাৰী পিতৃৰ লিংগচ্ছেদ কৰা বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *