
শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। হোৱাটছপত বিয়পি কৰিছে এই ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে যে প্ৰচণ্ড সোঁত থকা এখন নদীত এটা হাতী আৱদ্ধ হৈ পৰিছে আৰু সেই হাতীটোক উদ্ধাৰ কৰিবলৈ যোৱা উদ্ধাৰকাৰী দল এটাও কোবাল সোঁতত পৰি বিপদৰ সমুখিন হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া অসমৰ ধেমাজীৰ দৃশ্য। অৰ্থাত ব্ৰহ্মপুত্ৰ নদীৰ কোবাল সোঁতত এইদৰে আৱদ্ধ হৈ পৰা হাতী এটাক উদ্ধাৰ কৰিবলৈ যোৱা দলটোৰ সলিল-সমাধি ঘটা বুলি দাবী কৰা হৈছে।
আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ মেছেজ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই তথ্য সত্য নে অসত্য জানিবলৈ বিচাৰিছিল।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমতে আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি কেইটামান লিংক পালোঁ। তাৰে এটা ইউটিউৱ লিংক খুলি দেখিলোঁ যে এই ভিডিঅ’টো News Hour India নামৰ চেনেলটোৱে ২০২১ চনৰ ২৫ চেপ্তেম্বৰতে আপলোড কৰি থৈছে। জানিব পাৰিলোঁ যে সেয়া ওডিছাৰ মহানদী নদীত সেই সময়ত আৱদ্ধ হৈ পৰা এটা হাতীত উদ্ধাৰ কৰিবলৈ যোৱা ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দলৰ দৃশ্য।
আমি আন এটা ইউটিউৱ লিংক লাভ কৰিলোঁ, য’ত Oneindia News নামৰ চেনেলটোৱে ২০২১ চনৰ ২৪ চেপ্তেম্বৰত সেই ভিডিঅ’টো আপলোড কৰিছিল। তাত উল্লেখ কৰিছিল যে ১৭টা হাতীৰ এটা জাকৰ পৰা বিচ্ছিন্ন হৈ ওডিছাৰ কটক জিলাৰ মহানদী নদীত আৱদ্ধ হৈ পৰা হাতীক এটাত উদ্ধাৰ কৰিবলৈ যোৱা দলটোত স্থানীয় ওটিভিৰ এগৰাকী সাংবাদিকো আছিল, যাৰ সেই দুৰ্ঘটনাটোত মৃত্যু ঘটে। পানীৰ কোবাল সোঁতে উদ্ধাৰকাৰী দলটোৰ নাওখন ডুবাই দিয়ে।
OTV Newsৰ এক্স হেণ্ডেলৰ পৰা কৰা টুইটটোও আমি লাভ কৰিলোঁ। সেই টুইটটোত ঘটনাটো সন্দৰ্ভত উল্লেখ কৰি ভিডিঅ’টো আপলোড কৰা হৈছিল।
এই ঘটনাটো সন্দৰ্ভত অন্য কিছুমান বাতৰিও আমি লাভ কৰিলোঁ। তেনেকুৱা এক বাতৰি আপোনালোকে ইয়াত পঢ়িবলৈ পাৰিব।
উল্লেখনীয় যে সেই দুৰ্ভাগ্যজনক ঘটনাটোত দীৰ্ঘসময় পানীৰ সোঁতৰ সৈ যুঁজি অৱশেষত হাতীটোৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে। পোষ্টম’ৰ্টেম ৰিপোৰ্টত সেই কথা স্পষ্ট হৈ পৰে। সেই বাতৰি ইয়াত পঢ়িব পাৰিব।
এই সকলোখিনি তথ্যই স্পষ্ট কৰিছে যে সেই ঘটনাটো শেহতীয়া নহয়। প্ৰায় দুবছৰ পূৰ্বৰ অৰ্থাত ২০২১ চনৰ চেপ্তেম্বৰৰ। ঘটনাটো অসমৰ নহয়। ধেমাজীৰে বৈ যোৱা ব্ৰহ্মপুত্ৰত এই ঘটনা ঘটা নাই। এয়া ওডিছাৰ কটক জিলাৰ মহানদী নদীত ঘটা এটা পুৰণি ঘটনাহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এয়া অসমৰ ধেমাজীত ব্ৰহ্মপুত্ৰ নদীৰ মাজত ঘটা শেহতীয়া ঘটনা নহয়। এই ঘটনা ২০২১চনত ওডিছাৰ কটক জিলাৰ মহানদীত ঘটিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২১চনতে ওডিছাৰ মহানদীত ঘটা ঘটনাৰ দৃশ্য অসমৰ ধেমাজীৰ শেহতীয়া ঘটনা বুলি ভাইৰেল।
Fact Check By: Pranjal SharmaResult: False
