শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, যিটোত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হাতত মাইক এটা লৈ বহু লোকৰ মাজত এখন গাড়ীৰ ওপৰত ভাষণ দি থকা দেখা গৈছে। তেওঁ আমাৰ দেশৰ নিবনুৱা সমস্যা আৰু সংখ্যাৰ কথা কৈ থকা শুনা গৈছে। পাকিস্তান, ভূটান আদি দেশৰ সৈতে তুলনা কৰি ভাৰতৰ নিবনুৱাৰ সংখ্যা অধিক বুলি উল্লেখ কৰা শুনা গৈছে। সেই ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেইটো ইংলণ্ডৰ ভিডিঅ’ বুলি দাবী কৰিছে। লিখা হৈছে- অহম্মক, মুৰ্খ, ৰাজনৈতিক জ্ঞান শূণ্য ক্ষমতালোভী ৰাহুল গান্ধীক দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰক।

মুছলমানৰ ভোটেৰে ক্ষমতা লাভৰ আশাত ইংলেণ্ডত পাকিস্তান আৰু বাংলাদেশৰ প্ৰশংসা কৰিছে আৰু ভাৰতৰ বদনাম কৰিছে।

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? এয়া ইংলণ্ডৰ দৃশ্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি কেইবাটাও লিংক লাভ কৰিলোঁ। বিশ্বস্ত সংবাদ প্ৰতিস্থান এএনআইয়ে সেই ভিডিঅ’টো ৩ মাৰ্চ ২০২৪ত এক্স(পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰি সেয়া ৰাহুল গান্ধী তথা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মধ্যপ্ৰদেশৰ গোৱালিয়ৰ চহৰৰ ভিডিঅ’ বুলি উল্লেখ কৰিছে। টুইটটোত লিখিছে- #WATCH | Gwalior, Madhya Pradesh: During the Bharat Jodo Nyay Yatra, Congress MP Rahul Gandhi says, "Today, there is maximum unemployment in the country in the last 40 years. India has double the unemployment as compared to Pakistan. We have more unemployed youth than Bangladesh and Bhutan because Narendra Modi has finished small businesses by demonetization and implementing GST..."(#চাওক | গোৱালিয়ৰ, মধ্য প্ৰদেশঃ ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয়, "আজি দেশত বিগত ৪০ বছৰত সৰ্বাধিক নিবনুৱা সংখ্যা। পাকিস্তানৰ তুলনাত ভাৰতত নিবনুৱা হাৰ দুগুণ হৈছে। বাংলাদেশ আৰু ভূটানৰ নিবনুৱা যুৱক-যুৱতীতকৈ আমাৰ অধিক। কাৰণ নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণ আৰু জি এছ টি ৰূপায়ণ কৰি ক্ষুদ্ৰ ব্যৱসায় ধ্বংস কৰি পেলাইছে...")

ইয়াৰ পাছত আমি ইউটুউৱত ৩ মাৰ্চ ২০২৪ত সেই একেটা ভিডিঅ’ৰে সংবৰ্ধিত সংস্কৰণ এটা আইএনচি টিভি নামৰ চেনেলটোৱে আপলোড কৰা অৱস্থাত পালোঁ। তাত লিখা হৈছে- PM मोदी ने GST और नोटबंदी कर छोटे उद्योगों को खत्म कर दिया है। : Shri Rahul Gandhi📍 मध्य प्रदेश । তাৰ পৰা আমি অধিক নিশ্চিত হ’লোঁ যে ভিডিঅ’টো মধ্য প্ৰদেশৰে হয়।

অধিক তথ্যৰ সন্ধানত আমি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সম্পৰ্কে কোনো কোনো সংবাদ প্ৰতিস্থানে কৰা একাধিক বাতৰিৰ প্ৰতিবেদন লাভ কৰোঁ। সেই প্ৰতিবেদনসমুহত ৰাহুল গান্ধীয়ে মধ্য প্ৰদেশৰ গোৱালিয়ৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত সেইখিনি কথা উল্লেখ কৰা বুলি লিখা হৈছে। এক প্ৰতিবেদন ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

আন এক প্ৰতিবেদন ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

এইসমুহ তথ্য প্ৰমানৰ পৰা আমি নিশ্চিত হৈছোঁ যে ভিডিঅ’টো মধ্য প্ৰদেশৰহে ইংলণ্ডৰ নহয়। দাবীটো বিভ্ৰান্তিকৰ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো মধ্য প্ৰদেশৰহে লণ্ডনৰ নহয়। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে এইখিনি কথা কৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাহুল গান্ধীয়ে ইংলণ্ডত নহয়, মধ্যপ্ৰদেশত হে কৈছে এই কথা।

Fact Check By: Pranjal Sharma

Result: Misleading