শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এটি কণমানি কন্যা শিশুৱে নিজ পিতৃৰ কাষত উমলি থকা দেখা গৈছে। লগতে দেখা গৈছে যে বোমাৰ শব্দ শুনাৰ লগে লগেই কন্যা শিশুটিয়ে জোৰ জোৰ কৈ হাঁহিছে। ভিডিঅ’টো প্ৰেৰণ কৰি বহু ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে পেলেষ্টাইনৰ এগৰাকী পিতৃয়ে এইদৰে নিজৰ কণমানি কন্যাটোক ভয়ৰ সৈতে সহবাস কৰিব পৰাকৈ ইজৰাইলীয়ে বোমা আক্ৰমণৰ শব্দ শুনাৰ লগে লগেই হাঁহি দিবলৈ শিক্ষা প্ৰদান কৰিছে।

Archived Link

হোৱাটছএপত প্ৰেৰণ কৰা ভিডিঅ’টোৰ সৈতে লিখা হৈছে- পেলেষ্টাইনত দেউতাকে জীয়েকক বোমাৰ শব্দত হাঁহিব শিকাইছে।

Archived Link

আমি একেটা ভিডিঅ’ অনুৰূপ দাবীৰে এক্সতো ভাইৰেল হোৱা দেখা পালোঁ।

https://twitter.com/zain_rajpoot39/status/1717439065866559896

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত ভিডিঅ’টোৰ এটা কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ। তেতিয়া আমি ডিএনএৰ এটা ৰিপৰ্ট পালোঁ য’ত কোৱা হৈছে যে, “যোৱা কেইসপ্তাহমানৰ পৰা ছিৰিয়াৰ ইডলিব প্ৰদেশ নিৰন্তৰ বোমা বিস্ফোৰণৰ লক্ষ্য হৈ পৰিছে আৰু ইয়াৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে। অঞ্চলটোত অহৰহ বোমা বিস্ফোৰণৰ ভয়ৰ সৈতে মোকাবিলা কৰিবলৈ এগৰাকী চাৰি বছৰীয়া ছিৰিয়ান ছোৱালীৰ পিতৃয়ে তাইক প্ৰতিবাৰ বিস্ফোৰণ বা যুদ্ধ বিমানৰ শব্দ শুনিলে হাঁহিবলৈ শিকাইছে”।

অধিক অনুসন্ধানত আমি গাৰ্ডিয়ান নিউজে ১৮ ফেব্ৰুৱাৰী ২০২০ তাৰিখে তেওঁলোকৰ ইউটিউব চেনেলত আপলোড কৰা একেটা ভিডিঅ’কে পাইছিলোঁ, য’ত লিখা আছিল, “চিৰিয়াৰ পিতৃয়ে হাঁহিৰ জৰিয়তে কন্যাক বোমাৰ সৈতে মোকাবিলা কৰিবলৈ শিকাইছে”।

বৰ্ণনা অংশত উল্লেখ কৰা হৈছে যে, “ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’ত আব্দুল্লা মহম্মদ আৰু তেওঁৰ কন্যা ছালৱা (৩)য়ে ছিৰিয়াত গোলাবৰ্ষণৰ শব্দত হাঁহি থকা শুনা যায়। ইদলিবৰ পৰা পৰিয়ালক ছাৰ্মাদা জিলালৈ স্থানান্তৰ কৰা মহম্মদে নিজৰ কন্যাক বোমাৰ শব্দ এটা খেলৰ অংশ বুলি কৈ আঘাতৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে”।

ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি, “বোমাত বিধ্বস্ত পশ্চিম ছিৰিয়াত বাস কৰা এজন পিতৃয়ে নিজৰ তিনি বছৰীয়া কন্যাক বোমা পৰি থকা শুনিলেই হাঁহিবলৈ শিকাইছে। ছিৰিয়াৰ আব্দুল্লা আল মহম্মদ (৩২) ইডলিব চহৰৰ এখন প্ৰদেশ ছাৰ্মাদাত কন্যা ছালৱা আৰু পত্নীৰ সৈতে বাস কৰে। টুইটাৰত এটা পোষ্টত পিতৃয়ে এই খেলখ প্ৰদৰ্শন কৰে যিটো তেওঁ নিজৰ কন্যাক প্ৰায় অহৰহ বিস্ফোৰণৰ ফলত হোৱা ‘মানসিক সংকট’ৰ পৰা ৰক্ষা কৰিবলৈ উদ্ভাৱন কৰিছে”।

এই সকলোবোৰ প্ৰমাণ বিবেচনা কৰি আমি স্পষ্টকৈ বুজিব পাৰিলোঁ যে ছিৰিয়াৰ এটা পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, যিটো বৰ্তমানৰ ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে জড়িত বুলি দাবী কৰি।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। বোমা বিস্ফোৰণৰ শব্দত হাঁহি থকা কণমানিজনী ছিৰিয়াৰ, পেলেষ্টাইনৰ নহয়। আৰু এয়া ২০২০ চনৰ ভিডিঅ’ এতিয়াৰ নহয় ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:চিৰিয়াৰ ২০২০ চনৰ ভিডিঅ’কে এতিয়াৰ ইজৰাইল-পেলেষ্টাইনৰ বুলি ভাইৰেল কৰা হৈছে।

Written By: Pranjal Sharma

Result: False