ইউক্ৰেইনত হোৱা আক্ৰমণৰ পুৰণি ভিডিঅ’ গাজা আক্ৰমণৰ বুলি ভাইৰেল কৰা হৈছে।  

False International

ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনে সমগ্ৰ বিশ্বকে এক প্ৰকাৰ জোকাৰি গৈছে। দেশে দেশে প্ৰতিক্ৰিয়া দেখা গৈছে। সমান্তৰালভাৱে সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত কিছুমান আলোক দেখা গৈছে আৰু দাবী কৰা হৈছে যে সেয়া গোজাত হোৱা এক ৰাসায়নিক অস্ত্ৰ আক্ৰমণ। 

ভিডিঅ’টোত দাবী কৰা হৈছে যে গাজাত এইদৰে ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি যুদ্ধ কৰা হৈছে।

 Archived Link 

ভিডিঅ’টো পোৱাৰ পাছত আমি কিছু বিচাৰি চাওতে এক্স(পূৰ্বৰ টুইটাৰ)তো তেনেকুৱা এটা দাবী সম্বলিত টুইট পালোঁ। তাতো একেটা ভিডিঅ’ ব্যৱহাৰ কৰি দাবী কৰা হৈছে যে সেয়া গাজাত হোৱা কেমিকেল ৱেপন আক্ৰমনৰ ভিডিঅ’। লিখা হৈছে এইদৰে- Israeli forces use  chemical weapons  in #Gaza Where is human rights organization #Gaza #GazaUnderAttack #Hamas #ısrael #Palestine #PalestineUnderAttack #طوفان_الاقصى_ #طوفان_القدس #غزة_الآن #IsraelPalestineWar

কিন্তু এই দাবীটো সত্য হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

আৰম্ভনীতে আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ। ফলত ২০২৩ চনৰ ১২ মাৰ্চত The sun ত প্ৰকাশিত এক প্ৰতিবেদনত একেটা ভাইৰেল ভিডিঅ’ অন্তৰ্ভুক্ত কৰা দেখা পালোঁ। শিৰোনামটোত লিখা আছে “RAINING HELL -ভয়ানক মুহূৰ্ত। মাংস গলি যোৱা থাৰ্মাইট বোমাৰ বৰষুণে ইউক্ৰেইন চহৰখনক আগুৰি ধৰিছে। ৰাছিয়াই যুদ্ধৰ আটাইতকৈ মাৰাত্মক দিনটোত ১০০০ জন লোকক হেৰুৱাইছে”। প্ৰতিবেদন অনুসৰি, “ফুটেজত অৱশ্যে দেখা গৈছিল যে ৱুহলেডাৰ চহৰখনৰ ওপৰত পৰা তথাকথিত “থাৰমাইট বৰষুণৰ” ভয়ংকৰ দৃশ্য। উত্তৰ বাখমুটৰ পৰা প্ৰায় ৬০ মাইল দূৰৈত অৱস্থিত পাহাৰৰ ওপৰত ৱুহলেডাৰ এখন খনন প্ৰধান চহৰ।

আন এটা প্ৰতিবেদনত কোৱা হৈছে যে ইউক্ৰেইনৰ যুদ্ধত ৰাছিয়াই নিষ্ঠুৰ অস্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ডনেস্ক অঞ্চলৰ ৱুহলেডাৰত থাৰমাইট বোমা নিক্ষেপ কৰা হয়। থাৰ্মাইট হৈছে এলুমিনিয়াম আৰু আইৰণ অক্সাইডৰ দৰে ধাতুৰ মিশ্ৰণ যিটোক জ্বলন্ত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। এই ধৰণৰ বিস্ফোৰকে বৃহৎ জুই লগাব পাৰে আৰু সামৰিক সঁজুলি ধ্বংস কৰাৰ লগতে মানুহৰ মাংস গলাই আনকি হাড়কো জ্বলাই দিব পাৰে। কাৰণ হৈছে ইয়াৰ পৰা সৃষ্টি হোৱা তীব্ৰ উষ্ণতা।

অধিক সন্ধানত আমি টেলিগ্ৰাফে প্ৰকাশ কৰা এটা ইউটিউব ভিডিঅ’ পালোঁ, য’ত একেখিনি তথ্য আছিল। কেপচনত লিখা আছে, “ডনবাছৰ বাবে যুঁজ চলি থকাৰ সময়তে ৱুহলেডাৰৰ ওপৰত ৰাছিয়াৰ গোলা বৰ্ষণ”। বৰ্ণনাত উল্লেখ কৰা হৈছে যে “ৰাছিয়াৰ বাহিনীয়ে পূবৰ ৱুহলেডাৰ চহৰখনক জ্বলন্ত থাৰ্মাইট গুলীৰে লক্ষ্য কৰি লোৱা যেন দেখা গৈছে। এই আক্ৰমণৰ ভিডিঅ’ত কয়লা খনন কৰা চহৰখনত আকাশৰ পৰা উজ্জ্বলভাৱে জ্বলি থকা ধাতুৰ বৰষুণ দেখা গৈছে, আনহাতে ভিডিঅ’ত এজন ইউক্ৰেইনীয় লোকে কথা কোৱাও শুনা গৈছে। ডনবাছৰ অৱশিষ্ট দখল কৰিবলৈ দুৰ্ভাগ্যজনকভাৱে মস্কোৱে কৰা আক্ৰমণৰ অন্যতম মূল কেন্দ্ৰবিন্দু হৈ পৰিছে ৱুহলেডাৰ।

 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এই ভাইৰেল ভিডিঅ’টো ২০২৩ চনৰ মাৰ্চ মাহত ৰাছিয়া বাহিনীয়ে ইউক্ৰেইনৰ ৱুহলেডাৰত কৰা আক্ৰমণৰ পাছৰ ।ইয়াত গাজাত ৰাসায়নিক অস্ত্ৰৰ ব্যৱহাৰ দেখুওৱা হোৱা নাই।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইউক্ৰেইনত হোৱা আক্ৰমণৰ পুৰণি ভিডিঅ’ গাজা আক্ৰমণৰ বুলি ভাইৰেল কৰা হৈছে।

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *