শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ ব্যৱস্থাপনা বিভাগে প্ৰসিদ্ধ ই-কমাৰ্ছ কোম্পানী এমেজনৰ সহায়ত অনলাইন চাকৰিৰ ব্যৱস্থা কৰা বুলি বিজ্ঞাপন দিয়া সেই ফটোখনত লিখা হৈছে যে ঘন্টাত ৯০০ টকাকৈ লাভ কৰিব পৰা ১২০টা পদৰ বাবে অনলাইন চাকৰিৰ ব্যৱস্থা কৰা হৈছে।

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ফটোখন প্ৰেৰণ কৰি সেই কথা সঁচানে মিছা জানিব বিচাৰিছিল।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

এমেজনৰ দৰে এটা ডাঙৰ কোম্পানীয়ে ছ’চিয়েল মিডিয়াত নিযুক্তিৰ বিজ্ঞাপন পোষ্ট কৰাটো আমাৰ সন্দেহজনক যেন লাগিছিল। আমি এমেজনৰ নিযুক্তি প্ৰক্ৰিয়াটো জানিব বিচাৰিলোঁ। তেতিয়া আমি গম পালোঁ যে কেনেকৈ একোজন যোগ্য প্ৰাৰ্থীয়ে কোম্পানীটোত চাকৰিৰ বাবে আবেদন কৰিব পাৰে সেই কথা এমেজনে নিজৰ ৱেবছাইটত উল্লেখ কৰিছিল।

এমেজনৰ ৱেবছাইটত পোৱা তথ্য অনুসৰি বিভিন্ন পদৰ বাবে তেওঁলোকৰ আবেদন প্ৰক্ৰিয়া আৰু সাক্ষাৎকাৰ প্ৰক্ৰিয়া বেলেগ বেলেগ। কিছুমান প্ৰক্ৰিয়াৰ ভিতৰত অনলাইন আবেদন, মূল্যায়ন, ফোন স্ক্ৰীনিং আৰু সাক্ষাৎকাৰ আদি অন্তৰ্ভুক্ত। এইবোৰ বিভিন্ন উপায়েৰে এজন ব্যক্তিয়ে কোম্পানীটোত আকাংক্ষিত পদৰ বাবে আবেদন কৰিব পাৰে।

এমেজনত ঘণ্টাৰ ভিত্তিত গুদামৰ কামত নিযুক্ত হোৱাৰ ক্ষেত্ৰতো চাকৰিৰ বাবে আবেদন সম্পূৰ্ণ কৰিবলগীয়া হয় আৰু তাৰ পাছত নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন হয়।

তদুপৰি চাকৰিৰ ক্ষেত্ৰত জালিয়াতিৰ বিষয়েও প্ৰকাশ কৰিছে এমেজনে। ইয়াত উল্লেখ কৰা হৈছে যে, “এমেজন ইণ্ডিয়াই পৰ্যবেক্ষণ কৰিছে যে কিছুমান বিশেষ এজেন্সী/ব্যক্তিয়ে এমেজনৰ হৈ ধনৰ বিনিময়ত চাকৰিৰ প্ৰস্তাৱ দি আহিছে। চাকৰিৰ আকাংক্ষীসকলে এমেজনৰ অফাৰ পত্ৰ প্ৰদান কৰাৰ লগতে মেডিক্লেইম, ইউনিফৰ্ম, লেপটপ আদিৰ সলনি ধন বিচৰা সন্দেহজনক ই-মেইল লাভ কৰিছে। এমেজনত আমি আমাৰ নিযুক্তি প্ৰক্ৰিয়াৰ কোনো পৰ্যায়তে মাচুল লোৱা নাই। আইনগতভাৱে আমি তৃতীয় পক্ষই ধনৰ বিনিময়ত দিয়া কোনো চাকৰিৰ নিশ্চয়তাক গুৰুত্ব কৰিবলৈ বাধ্য নহয়।”

নিযুক্তিৰ এই জালিয়াতিৰে আগবঢ়োৱা সন্দেহজনক চাকৰিৰ সুযোগৰ বিষয়েও এমেজনে মানুহক সতৰ্ক কৰি দিয়ে। এইধৰণ জালিয়াতিৰে চাকৰিৰ প্ৰস্তাৱসমুহ ভুৱা ৱেবছাইট, অনলাইন সেৱা আৰু এমেজনৰ বুলি দাবী কৰা ই-মেইলত পোৱা যায়।

এমেজনৰ ৱেবছাইটৰ FAQ’s শিতানত আবেদন আৰু সাক্ষাৎকাৰ লোৱাৰ বিষয়ে বিভিন্ন প্ৰশ্ন পোৱা যায়। তেনে এটা প্ৰশ্নৰ উত্তৰত এমেজনে উত্তৰ দিলে যে এজন ব্যক্তিয়ে প্ৰথমে তেওঁ আগ্ৰহী চাকৰি আৰু পদ বিচাৰিব লাগিব। তাৰ পাছত ব্যক্তিজনে ৱেবছাইটৰ পৰা পোনপটীয়াকৈ আবেদন কৰিব পাৰিব।

ইয়াৰ পৰা স্পষ্ট হয় যে এমেজনে ছ’চিয়েল মিডিয়াৰ বিজ্ঞাপন আৰু অন্যান্য উৎসৰ জৰিয়তে মানুহক নিযুক্তি নিদিয়ে। তেওঁলোকে নিজৰ চাকৰিৰ আবেদনৰ স্থান নিজৰ ৱেবছাইটত পোষ্ট কৰে আৰু কোনো তৃতীয় পক্ষৰ সৈতে সংযুক্ত নহয়।

ইয়াৰ উপৰিও আমি এনেধৰণৰ জালিয়াতিৰ চাকৰিৰ প্ৰস্তাৱৰ বলি হোৱা সম্পৰ্কত কিছুমান বাতৰিও পালোঁ। ২০২৩ চনত ইণ্ডিয়া টুডেই কৰা এটা বাতৰি অনুসৰি দিল্লী আৰক্ষীয়ে এটা আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী চক্ৰক আটক কৰিছিল। প্ৰায় ১১ হাজাৰ লোকক ঘৰৰ পৰা কাম কৰা চাকৰিৰ প্ৰলোভনেৰে প্ৰতাৰণা কৰা হৈছিল। দিল্লী আৰক্ষীয়ে এজাহাৰ লাভ কৰিছল, য’ত এগৰাকী মহিলাক এমেজনত অনলাইন পাৰ্ট টাইম চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া অচিনাকি চক্ৰই ১.১৮ লাখ টকাৰ প্ৰৱঞ্চনা কৰিছিল।

এই তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে এমেজনে ছ’চিয়েল মিডিয়াত এনেদৰে চাকৰিৰ বাবে পোষ্ট নকৰে। এয়া মানুহক প্ৰতাৰণা কৰিবলৈ কৰা ভুৱা বিজ্ঞাপন।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এমেজনে ছ’চিয়েল মিডিয়াত এনেদৰে চাকৰিৰ বাবে পোষ্ট নকৰে। এয়া মানুহক প্ৰতাৰণা কৰিবলৈ কৰা ভুৱা বিজ্ঞাপন। ইচ্ছুক প্ৰাৰ্থীয়ে এমেজনৰ ৱেবছাইটত পোনপটীয়াকৈ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এমেজনে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ সহযোগত অনলাইন চাকৰিৰ ব্যৱস্থা কৰা নাই। এই বিজ্ঞাপন ভুৱা।

Fact Check By: Pranjal Sharma

Result: False