শেহতীয়াভাৱে গুৱাহাটীস্থিত মা কামাখ্যা দেৱালয়ৰ বাৰ্ষিক অম্বুবাচী মেলাৰ অন্ত পৰিছে। দেশ বিদেশৰ ভক্তসকলে এই মেলাত প্ৰতিবছৰে অংশগ্ৰহণ কৰি মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰাটো এক চিৰ পৰিচিত পৰম্পৰা। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। অম্বুবাচী মেলাক কেন্দ্ৰ কৰি কামৰূপ মেট্ৰে জিলা প্ৰশাসনে বিভিন্ন বিধি ব্যৱস্থা কৰিছিল। সুকলমে কোনো বাধা বিধিনি নোহোৱাকৈ মেলাৰ অন্ত পৰে। কিন্তু ইয়াৰ মাজতে ২6জুন,২০২৩তাৰিখ সোমবাৰে অসমৰ হোৱাটছএপত এখন বিশেষ চৰকাৰী জাননী ভাইৰেল হৈ পৰে। সেই জাননী অনুসৰি অম্বুবাচী মেলা উপলক্ষে অসমৰ মুখ্যমন্ত্ৰীয়ে কামৰূপ মেট্ৰ জিলা প্ৰশাসনৰ জৰিয়তে স্থানীয় বন্ধ ঘোষণা কৰা বুলি প্ৰচাৰ কৰা হয়। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ কামৰূপ মেট্ৰ জিলাৰ আয়ুক্ত এম.এছ.মনিভৰ্ণমৰ নাম সম্বলিত এই জাননীখন হোৱাটছএপে হোৱাটছেপে ভাইৰেল হৈ পৰাৰ পাছতে গুৱাহাটীবাসী জনতাৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হয়। নিজ নিজ কাৰ্যালয়ৰ পৰা তেনেকুৱা কোনোধৰণৰ ঘোষণা নোপোৱা একাংশ কৰ্মচাৰীয়ে হোৱাটছএপত সেইখন লাভ কৰাৰ পাছত দোমোজাত পৰে।

Archived Link

কিন্তু অসম চৰকাৰে সঁচাকৈে ২৭জুন তাৰিখত স্থানীয় বন্ধ ঘোষণা কৰিছিলনে ? দাবীটো সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভাইৰেল জাননীখন পৰীক্ষা কৰিলোঁ।জাননীখনৰ ই-ফাইল নম্বৰটো সন্দেহজনক যেন লগাৰ লগতে ডিজিটেল স্বাক্ষৰ কৰা নথিত সত্যতা প্ৰতিপন্ন কৰিব পৰাকৈ থকা বাৰ ক’ড বা কিউ আৰ ক’ড নথকাত আমাৰ অধিক সন্দেহ ওপজে আৰু আমি এই সম্পৰ্কে সংশ্লিষ্ট বিভাগে তেওঁলোকৰ নিৰ্দিষ্ট চ’ছিয়েল মিডিয়াত কোনো ধৰণৰ জাননী প্ৰকাশ কৰিছে নেকি পৰীক্ষা কৰিলোঁ। প্ৰথমেই আমি কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনৰ টুইটাৰ হেণ্ডেলত ২৬জুন তাৰিখে নিশা ৮ বাজি ৫৯ মিনিটত সেই জাননীখন সংলগ্ন কৰি কৰা টুইট এটা পালোঁ। টুইটটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে সেই জাননীখন ভুৱা আৰু প্ৰৱঞ্চনামূলক। সাধাৰণৰ ৰাইজক সেইখন বিশ্বাস নকৰিবলৈ আহ্বান কৰি সেই টুইটটো কৰিছিল কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে। তেনেকুৱা কোনো বন্ধ ঘোষণা নাই কৰা বুলি টুইটটোৰ জৰিয়তে জানিব পৰা যায়।

ইয়াৰ পাছতে আমি টুইটাৰত অসম আৰক্ষীৰ ভেৰিফাইড হেণ্ডেলৰ পৰা কৰা আন এটা টুইট লাভ কৰিলোঁ। সেই টুইটটোত এই ভুৱা প্ৰচাৰ সম্পৰ্কে উল্লেখ কৰি লিখা হৈছে যে এইধৰণৰ প্ৰচাৰ যিয়ে কৰিছে, কৰায়ত্ব হোৱাৰ লগে লগেই কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

তদুপৰি অসম আৰক্ষীয়ে নিজৰ ভেৰিফাইড ফেচবুক একাউণ্টৰ পৰাও অনুৰূপ পোষ্ট কৰা আমি দেখা পালোঁ।

এইখিনি তথ্য লাভ কৰাৰ পাছত আমি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিলোঁ। আমাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত তেওঁলোকৰ তৰফৰ পৰা জনোৱা হয় যে এনেকুৱা কোনো নিৰ্দেশনা চৰকাৰীভাৱে প্ৰকাশ কৰা হোৱা নাই। এয়া সম্পূৰ্ণ ভুৱা প্ৰচাৰ। ৰাইজে এনেকুৱা খবৰত বিশ্বাস যাতে নকৰে, তাৰ বাবে তেওঁলোকেল আহ্বান জনায়।

এইদৰেই আমি নিশ্চত হ’লোঁ যে ২৬ জুনৰ পৰা অসমৰ হোৱাটছএপত ভাইৰেল হোৱা সেই বন্ধৰ জাননীখন ভুৱা। অসম চৰকাৰ তথা কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেনেকুৱা কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ২৬, জুন ২০২৩ সোমবাৰৰ পৰা অসমৰ হোৱাটছএপত ভাইৰেল হোৱা সেই বন্ধৰ জাননীখন ভুৱা। অসম চৰকাৰ তথা কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেনেকুৱা কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অম্বুবাচী মেলা উপলক্ষে ২৭জুন ২০২৩ তাৰিখে চৰকাৰে স্থানীয় বন্ধ ঘোষণা কৰিছিল নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: False