
শেহতীয়াকৈ চ’চিয়েল মেডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে ৰাহুল গান্ধীয়ে এটা কুকুৰক বিস্কুট খুৱাবলৈ চেষ্টা কৰি আছে আৰু তাৰপিছত সেই বিস্কুট তাত থকা ব্যক্তি এজনক দিছে। দাবী কৰা হৈছে যে কুকুৰে শুঙি চাই খাবলৈ ইচ্ছা নকৰা বিস্কুট ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মী এজনক দিছে। একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি গুগলত প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া ভাইৰেল ভিডিঅ’টো সম্পৰ্কে কেইবাটাও প্ৰতিবেদন পালোঁ।
প্ৰথমে আমি ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখে প্ৰকাশিত দ্য হিন্দুৰ এক প্ৰতিবেদন পালোঁ। তাত ৰাহুল গান্ধীৰ উদ্ধৃতি দি উল্লেখ কৰা হৈছিল যে ভাইৰেল ভিডিঅ’টোত ৰাহুল গান্ধীয়ে কুকুৰক দিয়া বিস্কুট যিগৰাকী ব্যক্তিক দিছিল তেওঁ আছিল কুকুৰটোৰ গৰাকী। ৰাহুল গান্ধীয়ে বিস্কুট দিয়া সময়ত কুকুৰটো ভয়ত কঁপি আছিল আৰু সেয়ে ৰাহুল গান্ধীয়ে বিস্কুটখিনি ওচৰতে থকা কুকুৰটোৰ গৰাকীজনৰ হাতত দিছিল কুকুৰটোক খুৱাবলৈ।

এই সম্পৰ্কে টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি এ এন আইৰ এটা টুইট পালোঁ য’ত ৰাহুল গান্ধীৰ এক সংবাদমেলৰ ভিডিঅ’ আপলোড কৰা হৈছিল। সেই ভিডিঅ’টোত সাংবাদিকে ৰাহুল গান্ধীক ভাইৰেল ভিডিঅ’টোৰ সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয়, “মই কুকুৰটো আৰু গৰাকীজনক মাতিছিলোঁ। কুকুৰটো নাৰ্ভাছ হৈ আছিল আৰু কঁপি আছিল। যেতিয়া মই তাত খুৱাবলৈ চেষ্টা কৰিলোঁ সি ভয় খালে। সেয়ে মই বিস্কুটখিনি কুকুৰটোৰ গৰাকীজনক দিলোঁ আৰু কুকুৰটোৱে তেওঁৰ হাতৰপৰা খালে। মই বুজি পোৱা নাই সমস্যা কোনখিনিত”।
ব্যক্তিজন কংগ্ৰেছ কৰ্মী নাছিল বুলিও তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়।
তদুপৰি INDIA Alliance নামৰ টুইটাৰ একাউণ্টৰ পৰা এটা ভিডিঅ’ আপলোড কৰা হৈছিল য’ত কুকুৰটোৰ গৰাকীজনে কৈছিল যে কুকুৰটোৱে ৰাহুল গান্ধীৰ লগত ফটো তুলিছে আৰু কুকুৰটোক বিস্কুট দিয়া হৈছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবী বিভ্ৰান্তিকৰ। ভিডিঅ’টোত ৰাহুল গান্ধীয়ে বিস্কুটখিনি কুকুৰটোৰ গৰাকীজনক দিছিল কুকুৰটোক খুৱাবলৈ যিহেতু ৰাহুল গান্ধীয়ে খুৱাবলৈ চেষ্টা কৰোঁতে কুকুৰটোৱে ভয় খাইছিল। দাবী কৰাৰ নিচিনাকৈ ব্যক্তিজনক বিস্কুট খাবলৈ দিয়া নাছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰাহুল গান্ধীৰ এই ভিডিঅ’টো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।
Written By: FactCrescendo AssameseResult: Misleading
