
বহুলভাৱে চৰ্চিত ছবি “দ কাশ্মীৰ ফাইল্চে” ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰা বুলি এটা বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে।

আনকি ছবিখনৰ পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়েও নিজৰ টুইটাৰ একাউণ্টৰ পৰা এই খবৰটো টুইট কৰিছিল। এই টুইটটোত “DadaSahebPhalkeAwards2023” হেশ্বটেগৰ ব্যৱহাৰ কৰা হৈছিল।
কিন্তু সেই টুইটটোত সংলগ্ন ট্ৰফি তথা পোষ্টাৰত বঁটাৰ নাম লিখা আছিল “Dadasaheb Phalke International Film Festival Awards 2023” বুলিহে।
গতিকে এই সম্পৰ্কে নিশ্চিত হ’বলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে “দাদাচাহেব ফাল্কে ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড”ৰ বিষয়ে জানিবলৈ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি ইয়াৰ ৱেবছাইটত এই সম্পৰ্কে বিতং তথ্য পালোঁ। ৱেবছাইটত থকা তথ্য অনুসৰি দাদাচাহেব ফাল্কে ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল (DPIFF) প্ৰতিষ্ঠা কৰা হৈছিল ২০১২ চনত আৰু আৰম্ভ কৰা হৈছিল ২০১৬ চনত, দাদাচাহেব ফাল্কেৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে। এয়া ভাৰতৰ একমাত্ৰ স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, যাৰ লক্ষ্য হৈছে উচ্চাকাংক্ষী, যুৱ, স্বতন্ত্ৰ আৰু পেছাদাৰী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কামক উদযাপন কৰা।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু “তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়”ৰ “Directorate of Film Festival” ৱেবছাইটো পালোঁ। তাত থকা তথ্য অনুসৰি ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা দাদাচাহেব ফাল্কে বঁটা ১৯৬৯ চনত পোনপ্ৰথমবাৰৰ বাবে দিয়া হৈছিল দেৱীকা ৰাণীক। ভাৰতীয় চলচ্চিত্ৰত দাদাচাহেব ফাল্কেৰ অৱদানৰ কথা সুঁৱৰি এই বঁটা ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয়। ‘ভাৰতীয় চিনেমাৰ বৃদ্ধি আৰু বিকাশত অসাধাৰণ অৱদান’ৰ বাবে চিনেমাৰ ক্ষেত্ৰত সৰ্বোচ্চ এই বঁটা প্ৰাপকসকলে স্বীকৃতি লাভ কৰে। এই বঁটাত স্বৰ্ণ কমল (সোণালী পদুম) পদক, চাদৰ, আৰু ১০ লাখ টকাৰ নগদ পুৰস্কাৰ থাকে। এই বঁটা প্ৰত্যেক বছৰে এগৰাকী ব্যক্তিক প্ৰদান কৰা হয়।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে “দাদাচাহেব ফাল্কে ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড” আৰু “দাদাচাহেব ফাল্কে বঁটা” দুটা পৃথক বঁটা। “দাদাচাহেব ফাল্কে ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড” হ’ল এক স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ; আনহাতে “দাদাচাহেব ফাল্কে বঁটা” হ’ল ভাৰত চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তন কৰা এক ৰাষ্ট্ৰীয় পুৰস্কাৰ যি প্ৰতি বছৰে এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয়। গতিকে “দ কাশ্মীৰ ফাইল্চ’ ছবিখনে ভাৰত চৰকাৰৰ “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰা নাই, বৰং এক স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ “দাদাচাহেব ফাল্কে ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড”হে লাভ কৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:“দ কাশ্মীৰ ফাইল্চ” ছবিখনে সঁচাকৈয়ে “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰিছেনে?
Fact Check By: FactCrescendo AssameseResult: Misleading
