শেহতীয়াকৈ এটা বিশেষ ভিডিঅ'ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। ভিডিঅ'টোত দেখা গৈছে মেটেকাজাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ এক বিশাল জলাশয় আৰু সেই জলাশয়ৰ এটা অংশত এটা গাঁত। সেই গাঁতলৈ তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ সকলোবোৰ সোমাই গৈ আছে। ভিডিঅ'টোৰ কেপশ্বনত লিখা আছে সেই দৃশ্য সুঁতিৰপাৰ ৰৌমাৰী বিলৰ।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ আৰু অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে সেই ভিডিঅ'টো সুঁতিৰপাৰ ৰৌমাৰী বিলৰ নহয়।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ইনভিড-উই ভেৰিফাই এপ্প ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰিছিলোঁ আৰু গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিবলৈ কীফ্ৰেম ব্যৱহাৰ কৰি কিছু তথ্য পালোঁ।

প্ৰথমে আমি ইউটিউবত "মাৰ্ক' চেটানো" (Marco Caetano) নামৰ এটা ইউটিউব চেনেলে ২০১৮ চনৰ জুন মাহৰ ১১ তাৰিখে আপলোড কৰা এটা ভিডিঅ'দেখিলোঁ। সেই ভিডিঅ'টোত দেখুওৱা জলাশয়টো আছিল ভাইৰেল ভিডিঅ'টোত দেখুওৱা জলাশয়ৰ স'তে প্ৰায় একে। ইউটিউবৰ ভিডিঅ'টোৰ হেডলাইন লিখা আছিল পৰ্টুগীজ ভাষাত। আমি গুগল ট্ৰানছলেটৰ ব্যৱহাৰ কৰি বুজি পালোঁ যে সেই জলাশয়টো হ'ল ব্ৰাজিলৰ উটিংগা পাৰ্কৰ ব'ল'গ্না হ্ৰদ (Lake Bologna / Lago Bolonha)।

Archived Link

আমি এইবাৰ ইউটিউবত ব্ৰাজিলৰ ব'ল'গ্না হ্ৰদ বিচাৰি কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ। তেনেদৰে আমি ছেইণ্ট জোভানিমেটচ্ (Saint Jovanimates) নামৰ ইউটিউব চেনেলত ২০১৮ চনৰ জুলাই মাহৰ ২৯ তাৰিখে আপলোড হোৱা এটা ভিডিঅ' দেখিলোঁ যিটো আছিল ভাইৰেল ভিডিঅ'টোৰ স'তে সাইলাখ একেই, মাত্ৰ ভাইৰেল ভিডিঅ'টোত কিছুমান ব্যক্তিৰ কথোপকথন সংযোগ কৰা হৈছে যিটো ইউটিউবৰ ভিডিঅ'টোত নাই।

Archived Link

তদুপৰি "এডুৱাৰ্ড' মাৰগুলহাও" (Eduardo Mergulhao) নামৰ ইউটিউব চেনেলতো ২০১৮ চনৰ জুন মাহৰ ১১ তাৰিখে আপলোড হোৱা ব'ল'গ্না হ্ৰদৰ এটা ভিডিঅ' দেখিলোঁ।

Archived Link

আমি গুগল চাৰ্ছ কৰি ব'ল'গ্না হ্ৰদৰ কিছু নিউজ ৰিপ'ৰ্টো পালোঁ। নিউজ ৰিপ'ৰ্টত থকা ফটোসমূহৰ পৰাও আমি নিশ্চিত হ'লো যে ভাইৰেল ভিডিঅ'টোত দেখুওৱা জলাশয়টো হ'ল ব্ৰাজিলৰ উটিংগা পাৰ্কৰ ব'ল'গ্না হ্ৰদ।

অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত পঢ়ক।

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো অসমৰ নহয় বৰং ব্ৰাজিলৰহে আৰু লগতে পুৰণিও হয়।

ছিংকহ'ল কি?

ভিডিঅ'টোত দেখুওৱা জলাশয়ত হোৱা এই পৰিঘটনাক "ছিংকহ'ল" (Sinkhole) বুলি কোৱা হয়। এই "ছিংকহ'ল" হৈছে পানীয়ে মাটিৰ উপৰিভাগত থকা শিল দ্ৰৱীভূত কৰাৰ ফলত সৃষ্টি হোৱা এবিধ গাঁত। বেছিভাগ ক্ষেত্ৰত এই পৰিঘটনা হয় মাটিৰ উপৰিভাগত থকা চূণশিলৰ বাবে, যি সহজে ক্ষয়প্ৰাপ্ত হয় অথবা পানীৰ সোঁতত উটি যায়। এই বিষয়ে আৰু জানিবলৈ, অনুগ্ৰহ কৰি ইয়াত পঢ়ক

ফলাফল

মিছা। জলাশয়ৰ ভাইৰেল ভিডিঅ'টো অসমৰ নহয় বৰং ব্ৰাজিলৰহে আৰু লগতে পুৰণিও হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জলাশয়ৰ এটা গাঁতত তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ আদি সোমাই যোৱা ভিডিঅ'টো অসমৰ নহয়

Fact Check By: Debanjana Baishya

Result: False