Wts.png

সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৯৬ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ২৮ লাখ মানুহ আক্রান্ত হৈ আছে ।

বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২৪ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৭৭৫ জনৰ মৃত্যু হৈছে । অসমতো ৩৬জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে ।

এই ভয়ানক ৰোগৰ সংক্ৰমণ ৰোধিবলৈ ভাৰতত ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছিল যি যোৱা ১৪ এপ্ৰিল, ২০২০ তাৰিখে সমাপ্ত হ'লহেঁতেন কিন্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইয়া ৩ মে', ২০২০ পৰ্য্যন্ত বঢ়াই দিছে । এনে সময়তে ক'ৰনা ভাইৰাছ আৰু লক ডাউন সম্বন্ধীয় বিভিন্ন ফেচবুক পোষ্ট আৰু হোৱাটচ এপ্প মেছেজ ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।

এনে এক ভাইৰেল হোৱাটচ এপ্প ফৰৱাৰ্ডৰ মতে ভাৰতৰ দূৰ-সংযোগ বিভাগে ঘোষণা কৰিছে যে ক'ৰনা ভাইৰাছৰ সংক্ৰমণৰ বাবে সকলো মোবাইল ইউজাৰকে ০৩ মে', ২০২০ পৰ্য্যন্ত ফ্ৰি ইণ্টাৰনেট প্ৰদান কৰা সিদ্ধান্ত গ্ৰহন কৰিছে যাতে সকলোৱে ঘৰতে থাকি নিজৰ কাম কৰিব পাৰে ।

সঁচাকৈ এনে ধৰণৰ ঘোষণা কৰা হৈছে নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

প্ৰথমে আমি এই বিষয়ে সাধাৰণ কীৱৰ্ডছ কিছুমান ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে পিআইবি ফেক্ট চেকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই বিষয়ে ইতিমধ্যে স্পষ্টীকৰণ দিয়া হৈছে যে এইয়া সম্পূৰ্ণ মিছা হয় আৰু এনেধৰণৰ কোনো ঘোষণা কৰা হোৱা নাই । তেওঁলোকে লগতে উল্লেখ কৰিছে যে ভাইৰেল মেছেজটোত দিয়া লিংকটোও ভুৱা হয় আৰু কোনেও যাতে ইয়াত ক্লিক নকৰে ।

Wts PIB.png

টুইটাৰ লিংকসংৰক্ষিত লিংক

ইয়াৰ উপৰিয়ো আমি এই বিষয়ে গুগল চাৰ্ছ কৰিলোঁ আৰু কোনো মূলসুঁতিৰ নিউজ গোষ্ঠীৰ ৱেবচাইটত এই বিষয়ে বাতৰি প্ৰকাশ হোৱা নেদেখিলোঁ ।

ফলাফল

ভাইৰেল হোৱাটচ এপ্প ফৰৱাৰ্ডটো মিছা হয় আৰু পিআইবি'ৰ ফালৰ পৰা এই বিষয়ে স্পষ্ট কৰি দিয়া হৈছে । ভাইৰেল মেছেজটোত দিয়া লিংকটোও ভুৱা হয় আৰু সাধাৰণ মানুহক বিপথে পৰিচালিত কৰিছে ।

Avatar

Title:ভাৰতৰ দূৰ-সংযোগ বিভাগে সকলো মোবাইল ইউজাৰকে ০৩ মে' পৰ্য্যন্ত ফ্ৰি ইণ্টাৰনেট প্ৰদান কৰিছে নেকি?

Fact Check By: Manjori Borkotoky

Result: False