শেহতীয়াকৈ ঘূৰ্ণীবতাহ ধুমুহা "আছানি"য়ে দেশৰ পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, তামিলনাডু, পুডুচেৰী আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহত যথেষ্ট ক্ষতিসাধন কৰিছে । ইয়াৰ পাছতেই ইণ্টাৰনেটত এটা ভিডিঅ' ভাইৰেল হৈ আছে। এই ধুমুহাৰ ফলত সাগৰত এখন সোণৰ ৰথ ভাঁহি আহিছে বুলি দাবী কৰা হৈছে।

এনে ধৰণৰ দাবীৰে কিছু ফেচবুক পোষ্ট অসমটো ভাইৰেল হৈ পৰিছে ।

Facebook Link | Archived Link

আমি ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ ঠিৰাং কৰিলোঁ ।

সত্যতা নিৰূপণ পদ্ধতি

এই খবৰটোৰ সত্যতা জানিবলৈ আমি ইউটিউবত এক কীৱৰ্ড চাৰ্চ কৰিলোঁ। আমি ১২ মে'ত 'টিভিনাইন' ভাৰতবৰ্ষ চেনেলত প্ৰচাৰিত একেটা ভিডিঅ'কে পাইছিলোঁ ৷ কোৱা হৈছে যে অন্ধ্ৰ প্ৰদেশৰ এখন গাঁৱত ধুমুহাৰ ফলত এখন সোণালী ৰংৰ ৰথ বৈ যোৱা দেখা গৈছে। ইয়াৰ পূৰ্বে সাগৰৰ পাৰত উপস্থিত থকা মাছমৰীয়াসকলে ইয়াক দেখিছিল।

Archived Link

যোৱা ১২ মে’ত প্ৰকাশিত 'ডিএনএ'ৰ ৱেবছাইটত এক বাতৰি প্ৰকাশ হৈছে যে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ সুনাপল্লী তীৰত এখন সোণৰ ৰঙৰ ৰথ সাগৰৰ ঢৌত ভাঁহি আহিছে । নৌপাৰা থানাৰ উপ-পৰিদৰ্শক গৰাকীয়ে জানিবলৈ দিছে যে হয়তো এই ৰথখন আন কোনোবা দেশৰ পৰা আহিছে। সেইবাবেই চোৰাংচোৱা আৰু উচ্চপদস্থ বিষয়াই তদন্ত কৰি আছে ।

এই ৰথ যে সোণৰ সেই কথা ওপৰৰ তথ্যত ক’তো উল্লেখ কৰা হোৱা নাই।

এই বিষয়ে অধিক তথ্য পাবলৈ আমি গুগলত এক কীৱৰ্ড চাৰ্চ কৰিলোঁ । ১২ মে’ত প্ৰকাশিত 'হিন্দু'ৰ প্ৰবন্ধটোত কোৱা হৈছে যে শ্ৰীকাকুলামৰ সাগৰীয় পুলিচ উইং চাৰ্কল ইন্সপেক্টৰ জি ডেমুলুৱে নিশ্চিত কৰিছে যে এই ৰথ ম্যানমাৰৰ পৰা আহিছে। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে ৰথখনত কেৱল সোণালী ৰং কৰা হৈছে আৰু সোণৰ দ্বাৰা নিৰ্মিত নহয়।

তাৰ পিছত ফেক্ট ক্ৰেচেণ্ডোৱে শ্ৰীকাকুলামত অৱস্থিত নৌপাৰা ষ্টেচন ইনচাৰ্জৰ সৈতে যোগাযোগ কৰে। তেওঁ আমাক ক’লে যে “ভাইৰেল হোৱা দাবীটো মিছা। এই ৰথ নিশ্চয় সোণৰ ৰঙৰ কিন্তু সোণৰ নহয়।"

ফলাফল

অনুসন্ধান কৰাৰ পিছত আমি দেখিলোঁ যে দাবীটো বিভ্ৰান্তিকৰ। ধুমুহা আছানিৰ বাবে শ্ৰীকাকুলামত এখন ৰথ সাগৰত ভাঁহি অহাটো সঁচা কিন্তু ৰথখন সোণৰ নহয়, সোণৰ ৰং হে কৰা হৈছে ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ধুমুহা আছানিৰ বাবে শ্ৰীকাকুলামত এখন সোণৰ ৰথ সাগৰত ভাঁহি আহিছিল নেকি? সত্য জানি লওক!

Fact Check By: Manjori Borkotoky

Result:Missing Context